Advertisment

৮০ বছৰৰ পিছত উৰিয়াগাঁৱত অস্তিত্ব সংকট ৰক্ষাৰ বাবে ভোজস্হলীত শ শ লোক সমবেত...

author-image
Asomiya Pratidin
New Update
৮০ বছৰৰ পিছত উৰিয়াগাঁৱত অস্তিত্ব সংকট ৰক্ষাৰ বাবে ভোজস্হলীত শ শ লোক সমবেত...

ডিজিটেল সংবাদ,নগাঁও : নগাঁৱৰ উৰিয়াগাঁৱত ভোজ ৷ থলুৱাৰ অস্তিত্বৰ সংকটৰ পৰিত্ৰানৰ অৰ্থে ঐতিহাসিক উৰিয়াগাঁৱৰ খেলপথাৰত ভোগালীৰ বতৰত সমবেত শ শ লোক ৷ ১৯৪২ ৰ স্বাধীনতা আন্দোলনৰ বঢ়মপুৰত বৰভোজৰ পিছত উৰিয়াগাঁৱত পুনৰ ভোজৰ আয়োজন ৷ ৮০ বছৰৰ পিছত বৃহত্বৰ উৰিয়াগাঁৱৰ ৰাইজে ভোগালীৰ বতৰত একে লগে ভোজ ভাত খাই থলুৱাৰ অস্তিত্ব ৰক্ষাৰ বাবে পৰিকল্পনা যুগুত কৰে ৷

Advertisment

উল্লেখ্য এই যে উৰিয়াগাঁৱৰ থলুৱা শ শ লোকক পেটে ভাতে মৰাৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথ প্ৰাধিকৰনে পদক্ষেপ গ্ৰহণ কৰিছে ৷ পথৰ কাষত ব্যৱসায় কৰি পৰিয়াল চলোৱা উৰিয়াগাঁৱৰ থলুৱা ব্যৱসায়ীক উচ্ছেদ কৰি প্ৰাধিকৰনে বহিৰাগত বনিয়াক উৰিয়াগাঁৱৰ পথৰ কাষৰ ভূমি গতাই দিছে ৷

বহিৰাগত বনিয়াক মাটি গতাই দিয়াৰ পিছত বনিয়াই অপৰিকল্পিত ভাবে পেট্ৰল ডিপো , মাৰ্কেট কম্পেক্স আদি নিৰ্মান আৰম্ভ কৰিছে ৷ সিমানে নহয় পেট্ৰল ডিপো স্হাপন কৰিবলৈ যাওঁতে উৰিয়াগাঁৱৰ ৰাইজে পাৰিপাশ্বিকতাৰ বাবে ৰোপন কৰা গছ উভালি পেলোৱা পৰিলক্ষিত হৈছে ৷

অপৰিকল্পিত ভাবে পেট্ৰল ডিপো আৰু মাৰ্কেট কম্পেক্স নিৰ্মান কৰাৰ ফলত উৰিয়াগাঁৱত আগন্তক দিনত দূৰ্ঘটনা সংঘটিত হোৱাৰ সম্ভৱনা অধিক ৷ চাৰিলেন যুক্ত পথ নিৰ্মানৰ বিসংগতিৰ বাবে উৰিয়াগাঁও অঞ্চলত পূৰ্বৰে পৰা পথ দূৰ্ঘটনা সংঘটিত হৈ আহিছে ৷ ইফালে উৰিয়াগাঁও বাইপাচ চকত চাৰিখনকৈ বিদ্যালয় আছে ৷ কন কন ছাত্ৰ ছাত্ৰী অহা যোৱা কৰা চকটো দূৰ্ঘটনা প্ৰবল হৈ পৰাৰ আশংকাত সংকিত স্হানীয় লোক ৷

ইফাল ঐতিহাসিক উৰিয়াগাঁৱৰ খেলপথাৰত জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ , উৰিয়াগাঁও উন্নয়ন সমিতি , ক্ষুদ্ৰ ব্যৱসায়ী সন্হাই সোমবাৰে আয়োজন কৰা ভোজৰৰ লগতে মাঘ বিহু উপলক্ষে আয়োজিত বিভিন্ন প্ৰতিযোগিতাৰ পুৰস্কাৰ সমূহ বিতৰন কৰা হয় ৷ ভোজ স্হলীতে বৃহত্বৰ উৰিয়াগাঁৱৰ থলুৱা ব্যৱসায়ীক কৰিব বিচৰা উচ্ছেদ বন্ধ কৰা, উৰিয়াগাঁৱৰ ঐতিহাসিক খেল পথাৰ পুনৰ উদ্ধাৰ কৰা, উৰিয়াগাঁৱৰ পূৰ্বৰ গৰিমা ঘূৰাই অনাৰ বাবে আগন্তক দিনত সু পৰিকল্পিত ভাবে আন্দোলন চলাই নিয়াৰ পৰিকল্পিত যুগুত কৰা হয় ৷

আৰু পঢ়ক : মৃত্যু নিশ্চিত কিন্তু এনে মৃত্যু অকল্পনীয় ! ৭২ জন লোকেই নহয়, মৃত্যু হ'ল বহু সপোনৰ...

assam uriamghat