মৃত্যু নিশ্চিত কিন্তু এনে মৃত্যু অকল্পনীয় ! ৭২ জন লোকেই নহয়, মৃত্যু হ'ল বহু সপোনৰ...

মৃত্যু নিশ্চিত কিন্তু এনে মৃত্যু অকল্পনীয় ! ৭২ জন লোকেই নহয়, মৃত্যু হ'ল বহু সপোনৰ...
মৃত্যু নিশ্চিত কিন্তু এনে মৃত্যু অকল্পনীয় ! ৭২ জন লোকেই নহয়, মৃত্যু হ'ল বহু সপোনৰ...

ডিজিটেল ডেস্কঃ জন্মিলে মৃত্যুও হ'ব। অৱশ্যে কাৰ, কেতিয়া, ক'ত, কেনেকৈ মৃত্যু হয় তাৰ কোনো নিশ্চিয়তা নাই। তথাপিও কেতিয়াবা, কিছুমান মৃত্যু হৈ পৰে অসহনীয়।

বিশেষকৈ দুৰ্ঘটনা আদিৰ জৰিয়তে হোৱা অকাল মৃত্যু কাৰো কাম্য নহয়। দেওবাৰে নেপালত সংঘটিত হোৱা বিমান দুৰ্ঘটনাই যেন সেই কথাক পুনৰ সোঁৱৰাই দিছে।

অৱতৰণৰ ঠিক আগমুহূৰ্তত মাজ আকাশত হাঁহি, ধেমালিৰ অৱতৰণৰ বাবে অপেক্ষা কৰা ৬৮ জন যাত্ৰীৰ কোনেও হয়তো ভবাই নাছিল আগন্তুক ১০ ছেকেণ্ডত তেওঁলোকৰ লগত কি হ'বলৈ গৈ আছে। ভবা নাছিল অঞ্জু খাতিবাদাই।

তেওঁ হয়তো ভাবিছিল তেওঁৰ এটা সপোন পূৰণ হোৱাৰ কথা। বিমান চালক হিচাপে অনুজ্ঞাপত্ৰ পোৱাৰ কথা।

পুত্ৰ সন্তান লাভৰ আনন্দত আত্মহাৰা উত্তৰ প্ৰদেশৰ চনুৱেও হয়তো ভবা নাছিল তেওঁ আৰু পুত্ৰৰ মুখ চাবলৈ নাপায়। একো বুজি নাপাওতেই তেওঁৰ পুত্ৰ হৈ পৰিব পিতৃহীন।

পুত্ৰ সন্তান লাভৰ প্ৰতিজ্ঞা পূৰণেই যে তেওঁৰ বাবে হৈ পৰিব অভিশাপ স্বৰূপ সেই কথা কাহানিও হয়তো কল্পনাও কৰা নাছিল। নেপালৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা ৬৮ জন যাত্ৰীৰ ভিতৰত অন্যতম আছিল অঞ্জু খাতিবাদা।

অভিশপ্ত বিমানখনৰ সহ-পাইলট আছিল অঞ্জু খাতিবাদা। এগৰাকী পাইলট হোৱাৰ সপোন আছিল অঞ্জুৰ। দীৰ্ঘদিনৰ সেই সপোন মাত্ৰ ১০ ছেকেণ্ডতে শেষ হৈ গ'ল।

পোখৰাত দুৰ্ঘটনাগ্ৰস্ত হোৱা বিমানখনৰ সহ-পাইলট অঞ্জু খাতিবাদাই যদি এই বিমানখনৰ দেওবাৰৰ উৰণ সম্পূৰ্ণ কৰিব পাৰিলেহেঁতেন তেন্তে তেওঁ সহ-পাইলটৰ পৰা পাইলট পদলৈ পদোন্নতি পালেহেঁতেন।  

উল্লেখ্য যে, ১৬ বছৰ পূৰ্বে অঞ্জু খাতিবাদাই একেধৰণৰ বিমান দুৰ্ঘটনাত তেওঁৰ স্বামী দীপক পোখৰেলক হেৰুৱাইছিল। তেওঁৰ স্বামীও ইয়েতি বিমান এখনৰেই  সহ-পাইলট আছিল।

স্বামীৰ মৃত্যুৰ পিছত অঞ্জুৱে পাইলট হোৱাৰ ইচ্ছাৰে আমেৰিকালৈ গৈ পাইলটৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছিল। ইয়ৰ পৰৱৰ্তী সময়ত তেওঁ স্বদেশলৈ উভতি আহি ইয়েতি এয়াৰলাইনছত যোগদান কৰিছিল।

ইফালে এই বিমান দুৰ্ঘটনাত নিহত হোৱা ৫ গৰাকী ভাৰতীয় লোকৰ ভিতৰত অন্যতম আছিল উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ চনু জয়ছোৱাল। কিছুদিন পূৰ্বে চনুৱে গৰ্ভৱতী পত্নীয়ে যাতে পুত্ৰ সন্তান প্ৰসৱ কৰে তাৰ বাবে পশুপতিনাথ মন্দিৰত প্ৰণাম জনোৱাৰ প্ৰতিজ্ঞা কৰিছিল।

গৰ্ভৱতী পত্নীয়ে পুত্ৰ সন্তান জন্ম দিয়াত আনন্দতে সেই প্ৰতিজ্ঞা পূৰণ কৰিবলৈ চনু গৈছিল নেপালৰ পশুপতিনাথ মন্দিৰলৈ। চক জয়নাব গাঁৱৰ ৩৫ বছৰীয়া চনু জয়ছোৱালৰ দুগৰাকী কন্যা সন্তানো আছে।

চনুৰ ঘৰৰ লোকে সংবাদ মাধ্যমৰ আগত জনোৱা অনুসৰি দুগৰাকী কন্যা সন্তানৰ পিতৃ চনুৱে তৃতীয় সন্তানটো ল'ৰা হোৱাটো বিচাৰিছিল। আৰু সেয়ে চনুৱে পশুপতিনাথৰ ওচৰত প্ৰতিজ্ঞা কৰিছিল যে পুত্ৰ সন্তানৰ আশীৰ্বাদ পালে মন্দিৰলৈ যাব।

পূৰ্বৰ প্ৰতিজ্ঞা অনুসৰিয়েই চনুৱে ১০ জানুৱাৰীত তেওঁৰ তিনিজন বন্ধুৰ সৈতে নেপাললৈ গৈছিল। চনুৰ একমাত্ৰ লক্ষ্য আছিল পশুপতিনাথ মন্দিৰ দৰ্শন কৰি সেৱা কৰা।

পশুপতি নাথৰ আশীৰ্বাদত চনুৱে ৬ মাহ পূৰ্বে পুত্ৰ সন্তান লাভ কৰিলে যদিও পুত্ৰ সন্তান প্ৰাপ্তিৰ আনন্দত আত্মহাৰা হোৱাৰ সময় খুব কম পালে। উল্লেখ্য যে নেপালৰ জনপ্ৰিয় পৰ্যটনস্থলী পোখৰাত পেৰাগ্লাইডিং উপভোগ কৰি মঙলবাৰে চনু আৰু তেওঁৰ তিনি বন্ধু গাজীপুৰলৈ উভতি অহাৰ কথা আছিল।

কিন্তু অভিশপ্ত বিমানখনে শেষ ইচ্ছা পূৰণ নকৰিলে। স্বগৃহলৈ উভতি আহিব নোৱাৰিলে চনু। কেৱল চনু অথবা অঞ্জুৱেই নহয়, বিমানখনত থকা ৬৮ যাত্ৰী আৰু ৪ গৰাকী ক্ৰু মেম্বাৰসহ মুঠ ৭২ জন লোকেই প্ৰাণ ত্যাগ কৰিলে।

কোনে জানে, কাৰ কি সপোন আছিল? কাৰ কি পৰিকল্পনা আছিল? একো ভাবিব চিন্তিব নোৱাৰাকৈ মাত্ৰ ১০ ছেকেণ্ডতে সকলো শেষ হৈ গ'ল ৭২ টা জীৱন।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in