চিদলীত UPPLৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম! বি পি এফে অচিৰেই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

চিদলীত UPPLৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম! বি পি এফে অচিৰেই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

author-image
Asomiya Pratidin
New Update
চিদলীত UPPLৰ প্ৰাৰ্থী নিৰ্মল ব্ৰহ্ম! বি পি এফে অচিৰেই ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম...

ডিজিটেল ডেস্কঃ ব্যাপক জল্পনা-কল্পনাৰ অন্তত অৱশেষত ইউ পি পি এল চূড়ান্ত কৰিলে চিদলী সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম। দলৰ ভিতৰতে বিভিন্ন বিৰ্তকৰ অৱসান পেলাই নেতৃত্বই অৱশেষত দলৰ জ্যেষ্ঠ নেতা নিৰ্মল কুমাৰ ব্ৰহ্মৰ ওপৰতে ৰাখিলে ভৰষা।

Advertisment

উল্লেখ কৰা প্ৰয়োজন যে, কেইটামান দিনৰ পূৰ্বে ইউ পি পি এলৰ ক'ৰ কমিটীৰ বৈঠকত চূড়ান্ত হৈছিল প্ৰাৰ্থীৰ নাম। অৱশ্যে এতিয়ালৈকে ইউ পি পি এলে দলীয় প্ৰাৰ্থীৰ নাম। ইফালে বি পি এফেও নিজাববীয়াকৈ সমষ্টিটোত প্ৰাৰ্থিত্ব প্ৰদানৰ চিন্তা-চৰ্চা কৰিছে। দুই এদিনতে বি পি এফেও সমষ্টিটোত ঘোষণা কৰিব প্ৰাৰ্থীৰ নাম।

ইফালে কংগ্ৰেছে ইতিমধ্যেই চিদলী সমষ্টিত সঞ্জীৱ ৱাৰ্লেক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। প্ৰাৰ্থিত্ব লাভ কৰিয়েই সঞ্জীৱ ৱাৰ্লেই মত ব্যক্ত কৰিছে যে, চিদলীত তেওঁ ৮০হাজাৰ ভোটত জয়ী হ'ব।

Also Read: কটনত নাই কোঠালী! ৩ মাহ ধৰি হোৱা নাই ৰাজনৈতিক বিজ্ঞান বিভাগৰ পাঠদান...

uppl