/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/mo9iw1rl/web-1new.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ ঐতিহ্যমণ্ডিত কটন বিশ্ববিদ্যালয়ত সংঘটিত হোৱা কৰ্ম-কাণ্ডই চকু কপালত তুলিছে সচেতন মহলৰ। কিছু দিন পূৰ্বে ৰাষ্ট্ৰীয় মূল্যাংকন আৰু প্ৰত্যাপন পৰিষদ চমুকৈ নেকৰ দ্বাৰা 'এ' গ্ৰেডেৰে স্বীকৃতি লাভ কৰা কটন বিশ্ববিদ্যালয়ত সংঘটিত হৈছে এক নাভূত-নাশ্ৰুত কাণ্ড।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-21/r3gd1z4q/2423d097-9e53-4636-9c5b-0ac2dcbaf5e1.jpg)
বিশ্ববিদ্যালয়খনত কোঠালীৰ অভাৱত পাঠদানত ব্যাঘাত জন্মিছে ছাত্ৰ-ছাত্ৰীৰ। জানিব পৰা মতে, কটন বিশ্ববিদ্যালয়ত শ্ৰেণীকোঠা নথকাৰ ফলত বিগত ৩ মাহে ৰাজনৈতিক বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ শাখাৰ এটাও ক্লাছ নোহোৱাৰ অভিযোগ কৰিছে ছাত্ৰ-ছাত্ৰীয়ে।
অৱশেষত ক্ষুব্ধ হৈ আজি ৰাজনৈতিক বিজ্ঞান বিভাগৰ চৌহদৰ সন্মুখত বহি পৰিছে ৩ মাহে শিক্ষা লাভৰ পৰা বঞ্চিত হৈ থকা ছাত্ৰ-ছাত্ৰী সকল। সমস্যা সমাধান নোহোৱা পৰ্যন্ত সেই স্থান ত্যাগ নকৰাৰ সিদ্ধান্ত লৈছে বিশ্ববিদ্যালয়খনৰ ৰাজনৈতিক বিভাগৰ ছাত্ৰ-ছাত্ৰী সকলে।
Also Read: নিহাৰ ৰঞ্জন দাসৰ বিৰোধিতাৰে ধলাইত বিজেপিৰ ৩০০ কৰ্মীৰ পদত্যাগ