/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-06/d4c40d30-97d4-4a37-8674-45c3e465f0fc/980379d6_a322_415e_94ba_be60c60691af.jpg)
ডিজিটেল ডেস্কঃ আজি সপ্তম পৰ্যায়ৰ নিৰ্বাচনত উত্তৰ প্ৰদেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ আসনত অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। প্ৰধানমন্ত্ৰীৰ লগতে বহুকেইগৰাকী ৰথী-মহাৰথীৰ ভাগ্য আজি নিৰ্ণয় কৰিব সাধাৰণ ভোটাৰে। পুৱাই ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ অহা উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়েও দাবী কৰিলে যে, এইবাৰ সাধাৰণ ভোটাৰে কেৱল ভোট প্ৰদান কৰিব বিজেপি আৰু নৰেন্দ্ৰ মোডীক।
ভোটাধিকাৰ সাব্যস্ত কৰি সংবাদমাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ধ্যানৰ সন্দৰ্ভতো নিজৰ মত ব্যক্ত কৰে যোগী আদিত্যনাথে। তেওঁ কয় যে, বিগত প্ৰায় আঢ়ৈ মাহৰ ব্যাপক ব্যস্ততাৰ অন্তত তেওঁ নিজৰ কাৰনে কিছু সময় উলিয়াইছে। এই সময়কণো তেওঁৰ একান্ত সময় নহয়। তেওঁৰ এই ধ্যানৰ পৰা দেশবাসীও লাভৱান হব। তেওঁৰ প্ৰতিটো কামেই দেশবাসীৰ বাবে উৎসর্গিত। সমগ্ৰ জীৱন তেও দেশৰ বাবেই কাম কৰিলে। গতিকে দেশৰ জনতাইও তেওঁক উপহাৰ দিব।
যোগী আদিত্যনাথে লগতে পুনৰ এবাৰ বিজেপিৰ চৰকাৰ গঠন হোৱাটো নিশ্চিত বুলি দাবী কৰাৰ লগতে এইবাৰ বিৰোধী তচনচ হৈ যাব বুলিও মন্তব্য প্ৰকাশ কৰে। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে গোৰখপুৰৰ এটা ভোটকেন্দ্ৰত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে।
Also Read: আজি ভাগ্য নিৰ্ণয় হ'ব নৰেন্দ্ৰ মোডীৰঃ ধ্যানৰ পৰাই ভোটাৰক বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ...