আজি ভাগ্য নিৰ্ণয় হ'ব নৰেন্দ্ৰ মোডীৰঃ ধ্যানৰ পৰাই ভোটাৰক বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ...

আজি ভাগ্য নিৰ্ণয় হ'ব নৰেন্দ্ৰ মোডীৰঃ ধ্যানৰ পৰাই ভোটাৰক বিশেষ আহ্বান প্ৰধানমন্ত্ৰীৰ...

ডিজিটেল ডেস্কঃ লোকসভা নিৰ্বাচনৰ অন্তিম তথা সপ্তম পৰ্যায়ৰ নিৰ্বাচনত ভাগ্য নিৰ্ণয় হব লগা ৰথী-মহাৰথীসকলৰ ভিতৰত অন্যতম এগৰাকী হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। বৰ্তমান ধ্যানত মগ্ন থকা প্ৰধানমন্ত্ৰীয়ে পুৱাই ভোটাৰসকলক উদ্দেশ্যি কৰে এটা বিশেষ টুইট। দেশৰ সকলো শ্ৰেণীৰ নাগৰিকলৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান জনাই প্ৰধানমন্ত্ৰীয়ে এই টুইটটোত।

এই টুইটটোত প্ৰধানমন্ত্ৰীয়ে লিখিছে যে, লোকসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আজি অনুষ্ঠিত হব। এই পৰ্যায়ৰ সকলো ভোটদাতালৈ মোৰ অনুৰোধ যে, গণতন্ত্ৰৰ এই বিশাল মহোতসৱত যাতে সকলোৱে অংশ লয়। মোৰ বিশ্বাস যে দেশৰ যুৱ আৰু মহিলা ভোটাৰসকলে অভিলেখ সংখ্যক ভোটাধিকাৰ সাব্যস্ত কৰিব। সকলোৱে মিলি গণতন্ত্ৰক আৰু অধিক জীৱন্ত কৰো আহক।

উল্লেখ কৰা প্ৰয়োজন যে, বাৰাণসী সমষ্টিত তৃতীয়বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। মোডীক প্ৰত্যাহ্বান জনাইছে কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in