/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/59b0fdbc-32fb-4a5e-9d31-165417d939ba/Children_s_Day_2022.jpg)
Children's Day 2022 জৱাহৰলাল নেহৰু
Children's Day 2022: আমাৰ দেশ ভাৰত বহু মহান স্বাধীনতা সংগ্ৰামী তথা বিশ্ব নেতাৰ গৃহভূমি।তেওঁলোকৰ ভিতৰত পণ্ডিত জৱাহৰলাল নেহৰুৰ নাম বিশেষভাৱে উল্লেখনীয়।জৱাহৰলাল নেহৰুৰ জন্ম হৈছিল ১৮৮৯চনৰ ১৪ নৱেম্বৰত এলাহাবাদত।তেওঁৰ দেউতাকৰ নাম মতিলাল নেহৰু আৰু মাতৃ স্বৰূপ ৰাণী নেহৰু।পণ্ডিত জৱাহৰলাল নেহৰু স্বাধীন ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী আছিল। তেওঁৰ শিশুসকলক অপৰিসীম মৰম, সন্মান কৰাৰ লগতে তেওঁলোকক দেশৰ ভৱিষ্যত হিচাপে গণ্য কৰিছিল।শিশুসকলেও তেওঁক ‘চাচা নেহৰু’ বুলি সম্বোধন কৰিছিল। শিশু আৰু তেওঁৰ সম্পৰ্কক চিৰযুগমীয়া কৰিবলৈয়ে তেওঁৰ জন্মদিনটো ভাৰতত শিশু দিৱস হিচাপে পালন কৰা কৰা হয়।জৱাহৰলাল নেহৰুৰ বিষয়ে আমি বহু কথায়েই জানো যদিও বহু কথা হয়তো নাজানো।
আৰু পঢ়ক : আজি শিশু দিৱস
তেওঁৰ বিষয়ে কেইটামান নজনা কথা আজি জানো আহক-
-
পণ্ডিত জৱাহৰলাল নেহৰু কাশ্মীৰৰ এটা পণ্ডিত পৰিয়ালৰ সদস্য আছিল।বিজয় লক্ষ্মী পণ্ডিত আৰু কৃষ্ণা হুথিসিং নামৰ তেওঁৰ দুগৰাকী ভগ্নী আছিল।
-
পণ্ডিত জৱাহৰলাল নেহৰু ১৯৫০ চনৰ পৰা ১৯৫৫ চনৰ ভিতৰত ১১ বাৰ ন’বেল বঁটাৰ বাবে মনোনীত হৈছিল যদিও এবাৰো এই সন্মানীয় বঁটা লাভ কৰা নাছিল।শান্তিৰ হকে কৰা কামৰ বাবে তেওঁক ন’বেল বঁটাৰ বাবে মনোনীত কৰা হৈছিল।
-
১৯০৭ চনত কেমব্ৰিজৰ ট্ৰিনিটি কলেজত নাম ভৰ্তি কৰাৰ পিছত নেহৰুৱে ১৯১০ চনত প্ৰাকৃতিক বিজ্ঞানত ডিগ্ৰী লাভ কৰে।
-
তেওঁ ১৯১২ চনৰ আগষ্টত ভাৰতলৈ উভতি আহে আৰু এলাহাবাদ উচ্চ ন্যায়ালয়ত অধিবক্তা হিচাপে নাম ভৰ্তি কৰি নিজকে বেৰিষ্টাৰ হিচাপে প্ৰতিষ্ঠা কৰিবলৈ চেষ্টা কৰে।
-
দেশৰ স্বাধীনতা সংগ্ৰামৰ সময়ত পণ্ডিত জৱাহৰলাল নেহৰুক ৯ বাৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা হৈছিল।ব্ৰিটিছে নেহৰুক মুঠ ৩২৫৯ দিন বন্দী কৰি ৰাখিছিল।
-
১৯৩৫ চনত কাৰাগাৰত থাকোতে তেওঁ এখন আত্মজীৱনীও লিখিছিল।১৯৩৬ চনত আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰকাশ হোৱা এই আত্মজীৱনীখনৰ নাম আছিল টুৱাৰ্ডছ ফ্ৰিডম।
-
১৯২৯ চনত নেহৰু কংগ্ৰেছৰ সভাপতি হয় আৰু কংগ্ৰেছৰ নেতৃত্বত চলি থকা স্বাধীনতা সংগ্ৰামত মুখ্য ভূমিকা পালন কৰে।পণ্ডিত নেহৰুৰ ১৯৬৪ চনৰ ২৭ মে'ত হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় আৰু প্ৰায় ১.৫ নিযুত লোকে তেওঁৰ অন্ত্যেষ্টিক্ৰিয়াত অংশ লয়।
-
১৯২৭ চনত সম্পূৰ্ণ ৰাষ্ট্ৰৰ স্বাধীনতাৰ প্ৰস্তাৱ দিয়াৰ তেওঁ প্ৰথম ব্যক্তি আছিল।
-
নেহৰুৱে ১৯১৬ চনত প্ৰতিষ্ঠা হোৱা এনি বেচাণ্টৰ হোম ৰুল লীগত এগৰাকী কৰ্মী হিচাপেও যোগদান কৰিছিল।
-
পণ্ডিত জৱাহৰলাল নেহৰুক "আধুনিক ভাৰতৰ বাস্তুকাৰ" বুলিও জনা যায়।
আৰু পঢ়ক : Children's Day 2022: শিশুৰ বাবে, শিশুৰ সৈতে চাবপৰা ৫ খন হিন্দী ছবি