আজি শিশু দিৱস...

আজি শিশু দিৱস...

ডিজিটেল ডেস্ক : আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত, অৰ্থাৎ প্ৰত্যেকটো শিশুৱেই একো একোটা মানৱ সম্পদ । এই শিশু সকলক সঠিক আৰু নিৰাপদ পৰিৱেশত আপদাল কৰি ভৱিষ্যতলৈ একোজন কৰ্তব্য পৰায়ণ আৰু দ্বায়িত্বশীল নাগৰিকৰূপে গঢ় দিয়াৰ দ্বায়িত্ব সমগ্ৰ সমাজ খনৰেই । সেই শিশু সকলৰ বাবেই দেশত আজি উদযাপন কৰা হ'ব এটি বিশেষ দিনৰ ।

আজি ১৪ নৱেম্বৰ । দেশৰ প্ৰথম গৰাকী প্ৰধান মন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন । পণ্ডিত নেহৰুৰ আছিল শিশুৰ প্ৰতি এক বিশেষ প্ৰীতি । পণ্ডিত গৰাকীয়ে অনুধাৱন কৰিছিল দেশৰ সুস্থ আৰু সুৰক্ষিত ভৱিষ্যতৰ ক্ষেত্ৰত শিশুসকলৰ ভূমিকা । আনহাতে, শিশু সকলৰ মাজত পণ্ডিত গৰাকী জনপ্ৰিয় আছিল 'নেহৰু চাচা' ৰূপে ।  যাৰ বাবেই ১৪ নৱেম্বৰৰ দিনটো প্ৰত্যেক বছৰে দেশত পালন কৰি অহা হৈছে শিশু দিৱস ৰূপে ।

শিশু সকলৰ এই বিশেষ দিনটো উপলক্ষে সমগ্ৰ ৰাজ্যতেই দেখা গৈছে বিভিন্ন আয়োজনৰ । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত অনুষ্ঠিত কৰা হৈছে শিশু দিৱসৰ কাৰ্যসূচী । নৃত্য-গীত, চিত্ৰাংকন প্ৰতিযোগিতা আদিৰ মাজৰে আজিৰ দিনটো উদযাপন কৰা হ'ব শিক্ষানুষ্ঠান সমূহত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in