/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/163d1ec1-0c92-4736-8180-3a1660bfa900/childrens_day_movies.jpg)
Children's Day 2022
ডিজিটেল ডেস্ক: Children's Day 2022- আজি শিশু কাইলৈ দেশৰ ধৰনী।শিশুসকলক লৈয়ে আৰম্ভ হয় সমাজ নিৰ্মাণৰ সপোন।জন্ম হোৱা ঘৰখনৰ পৰাই জনা-নজনাকৈ শিশুসকলে সকলো কথা শিকিবলৈ লয়।শিশুটি ডাঙৰ কৰিবলৈ পিতৃ-মাতৃয়ে অশেষ কষ্ট স্বীকাৰ কৰাৰ লগতে ভুল পথে যাতে তেওঁলোক গুচি নাযায়, তাৰ বাবে বহু সাৱধানতা আৰু সচেতনো হটবলগীয়া হয়।
শিশু আৰু পিতৃ- মাতৃৰ সম্পৰ্ক, শিক্ষাৰ উচিত দিশকে ধৰি এই সমগ্ৰ বিষয়টোৰ সকলো কথা সামৰি বলীউডত বহু কেইখন ছবি ইতিমধ্যে নিৰ্মাণ হৈছে।ইয়াৰ ভিতৰত-
/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-11/f37a0194-4257-4451-9c32-8da93f9147da/Taare_Zameen_Par_Like_Stars_on_Earth_poster.png)
তাৰে জমিন পৰ
প্ৰতিটো শিশু অনন্য আৰু একক।দৰ্শকক এই বাৰ্তা দিছে বক্স অফিচত খুবেই সফল হিচাপে বিবেচিত এই ছবিখনে।আমিৰ খান আৰু দৰ্শিল ছাফাৰী অভিনীত এই ছবিখন ঈশান নামৰ স্কুলীয়া ছাত্ৰজনৰ জীৱন সন্দৰ্ভত আধাৰিত।শিক্ষাৰ দিশত দুৰ্বল ঈশানক অভিভাৱকেই সমালোচনা কৰি বৰ্ডিং স্কুললৈ প্ৰেৰণ কৰে।স্কুলত এজন শিক্ষকে তেওঁৰ এক বিশেষ ৰোগত আক্ৰান্ত বুলি ধৰা পেলাই তেওঁৰ সম্ভাৱনা প্ৰতিভা উন্মোচন কৰাত সহায় কৰে।
ষ্টেনলী কা ডাব্বা
এই ছবিখন মূল আকৰ্ষণ এজন চতুৰ্থ শ্ৰেণী শিক্ষাৰ্থী।ষ্টেনলী নামৰ এই ছাত্ৰজনে তেওঁৰ টিফিন বাকচটো বিদ্যালয়লৈ ননাৰ বাবেই সঘনাই শাস্তি ভোগ কৰিবলগীয়া হৈছিল।এনেদৰেই ছাত্ৰজনে এদিন স্কুললৈ অহা বন্ধ কৰে।কাহিনীয়ে দৰ্শকৰ বৰুকৈয়ে আকৰ্ষণ কৰা এই ছবিখনত শিক্ষকৰ বিশেষ ভূমিকাৰ বিষয়েও দেখুওৱা হৈছে।
ক্লিক কৰি পঢ়কঃ আজি শিশু দিৱস
চিল্লাৰ পাৰ্টী
নীতেশ তিৱাৰী আৰু বিকাশ বেহলৰ পৰিচালিত এই ছবিখনত শিশুৰ এটি দল আৰু এটা পথভ্ৰষ্ট কুকুৰৰ মাজৰ সম্পৰ্কক দেখুওৱা হৈছে।শিশুৰ দলটোয়ে এজন অনাথ ল’ৰা আৰু তাৰ কুকুৰ ‘ভিদু’ক লগ পায়।জন্তুৰ প্ৰতি থকা তেওঁলাকৰ প্ৰেমে চহৰৰ সকলো পথভ্ৰষ্ট কুকুৰৰ পৰা পৰিত্ৰাণ বিচৰা একাংশ তথাকথিত লোকৰ বিৰুদ্ধে যুঁজ দিবলৈ প্ৰেৰিত কৰে।
ধানক
ধানক দুই অনাথ ভাতৃ-ভগ্নী চটু আৰু পৰীৰ কাহিনী।খুৰাক-খুৰীয়েকৰ লগত ডাঙৰ হোৱা চটুৰ দৃষ্টিশক্তি গুচি যোৱাত ভগ্নী পৰীয়ে দৃষ্টিশক্তি ঘুৰাই আনবলৈ কৰা চেষ্টাক ছবিখনত দেখুওৱা হৈছে। ছবিখন পৰিচানা নাগেছ কুকুনুয়ে।
আই এম কালাম
স্মাইল ফাউণ্ডেছনৰ প্ৰযোজনা কৰা আই এম কালাম এখন অত্যন্ত সফল হিন্দী ছবি।ৰাজস্থানৰ অতি দৰিদ্ৰ পৰিয়ালৰ এটা ল’ৰাই তাৰ সপোন পূৰণৰ বাবে কৰা সংগ্ৰামেই ছবিখনৰ কাহিনী।দৰিদ্ৰসকলক শিক্ষিত কৰা আৰু সামাজিক অসাম্য দুৰ কৰাত ছবিখনত গুৰুত্ব দিয়া হৈছে।ভাৰতৰ পূৰ্বৰ ৰাষ্ট্ৰপতি ডা০ এ পি জে আব্দুল কালামৰ জীৱনৰ দ্বাৰা অনুপ্ৰাণিত ১২ বছৰীয়া দৰিদ্ৰ লৰাটোৰ সপোন বাস্তৱ হোৱা কাহিনীটোয়ে দেশৰ হাজাৰ হাজাৰ শিশুৰ সংগ্ৰামক প্ৰতিনিধিত্ব কৰিছে।