ক'ভিড ভেকচিনৰ বাবে হোৱা মৃত্যুৰ দ্বায়িত্ব নলয় চৰকাৰে...

ক'ভিড ভেকচিনৰ বাবে হোৱা মৃত্যুৰ দ্বায়িত্ব নলয় চৰকাৰে...

ডিজিটেল ডেস্ক : ক'ভিড প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত হোৱা মৃত্যুৰ দ্বায়িত্ব নলয় চৰকাৰে । দেশৰ উচ্চতম ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দাখিল কৰা এক শপতনামাত জনাই এই কথা । এই শপতনামাৰ সৈতেই প্ৰতিষেধক লোৱা কোটি কোটি জনতাক চৰম শংকালৈ ঠেলি দিছে কেন্দ্ৰীয় চৰকাৰে । কোৰোনা মহামাৰীয়ে সমগ্ৰ বিশ্বকে জোকাৰি যোৱাৰ সময়তেই পৃথিৱীৰ বিভিন্ন দেশত প্ৰতিষেধক নিৰ্মাণৰ বাবে চলিছিল গৱেষণা । যাৰ ফলত ভাৰততো বিজ্ঞানীস সকলে ক'ভিডৰ প্ৰতিষেধক তৈয়াৰ কৰিবলৈ সফল হৈছিল ।

ইয়াৰ পাছতেই ভাৰত চৰকাৰে আৰম্ভ কৰিছিল ৰাষ্ট্ৰজোৰা প্ৰতিষেধক প্ৰদান অভিযান । এই অভিযানৰ অধীনত ভাৰত চৰকাৰে সমগ্ৰ ৰাষ্ট্ৰত বিনামূলীয়া প্ৰতিষেধক যোগান ধৰিছিল ।

কিন্তু দুৰ্ভাগ্যবশত: এই প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত দেশৰ বিভিন্ন প্ৰান্তত বহু কেইজন লোকৰ মৃত্যু হোৱা বুলি গোচৰ উত্থাপন হোৱাৰ পিছত এক গোচৰৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ কৈফিয়ৎ তলব কৰিছিল ।

চলিত বৰ্ষৰ নৱেম্বৰৰ ২৯ তাৰিখে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে দাখিল কৰে এক শপতনামা এই কৈফিয়ৎ সন্দৰ্ভত । এই শপতনামা অনুসৰি, প্ৰতিষেধকৰ পাৰ্শ্বক্ৰিয়াত মৃত্যু হোৱা লোকৰ দ্বায়িত্ব গ্ৰহণ নকৰে চৰকাৰে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in