শিক্ষক দিৱস উপলক্ষে পঢ়াশলীয়া জীৱনৰ শিক্ষাগুৰুক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...

শিক্ষক দিৱস উপলক্ষে পঢ়াশলীয়া জীৱনৰ শিক্ষাগুৰুক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...
Published on
Updated on

ডিজিটেল সংবাদ, ডিব্ৰুগড়ঃ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি শিক্ষক দিৱসৰ পৱিত্ৰ ক্ষণত তেখেতৰ পঢ়াশলীয়া জীৱনৰ শিক্ষাগুৰু গোপীনাথ হালোৱাক সাক্ষাৎ কৰি কুশলবাৰ্তা বিনিময় কৰি স্মৃতি ৰোমন্থন কৰে।

সোণোৱালে উল্লেখ কৰে, "বিন্ধাকটা মধ্য ইংৰাজী বিদ্যালয়ত আমি পঢ়ি থকাৰ মধুৰ সময়ছোৱাত শ্ৰদ্ধাৰ শিক্ষাগুৰু শ্ৰীযুত গোপীনাথ হালোৱা ছাৰৰ অনুশাসন আৰু অমূল্য পাঠদানে আমাক পথ প্ৰদৰ্শন কৰিছিল।

সেই তেতিয়াৰপৰা এতিয়ালৈ- ছাৰৰ স্নেহভৰা সান্নিধ্যই মোক অনুপ্ৰাণিত কৰি আহিছে। আজি 'শিক্ষক দিৱস'ৰ শুভক্ষণত জেৰাই খহুৱা পথাৰ গাঁৱৰ বাসিন্দা হালোৱা ছাৰক সাক্ষাৎ কৰি সেৱা জনাই আশিস শিৰত তুলি ল'লোঁ। ছাৰ সদায়েই কুশলে থাকক, সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকক, তাৰেই কামনা কৰিলোঁ।"

এই সময়ছোৱাত লগতে উপস্থিত থাকে বিধায়ক শ্ৰী বিনোদ হাজৰিকা, অসম পেট্ৰ'-কেমিকেলছ্ লিমিটেডৰ অধ্যক্ষ শ্ৰী বিকুল ডেকা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ শ্ৰী অসীম হাজৰিকা।

শিক্ষক দিৱস উপলক্ষে পঢ়াশলীয়া জীৱনৰ শিক্ষাগুৰুক সাক্ষাৎ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে...
মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উদ্যোগত জাগীৰোডৰ ৪৫০০গৰাকী শিক্ষকক সম্বৰ্ধনা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in