মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উদ্যোগত জাগীৰোডৰ ৪৫০০গৰাকী শিক্ষকক সম্বৰ্ধনা...

মন্ত্ৰী পীয়ুষ হাজৰিকাৰ উদ্যোগত জাগীৰোডৰ ৪৫০০গৰাকী শিক্ষকক সম্বৰ্ধনা...
Published on
Updated on

ডিজিটেল সংবাদ, জাগীৰোডঃ আজি শিক্ষক দিৱস উপলক্ষে ৰাজ্যৰ জলসম্পদ বিভাগৰ কেবিনেট মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ূষ হাজৰীকাই সমষ্টিৰ সকলোবোৰ বিদ্যালয় প্ৰায় চাৰি হাজাৰ পাঁচশৰো অধিক শিক্ষক শিক্ষয়িত্ৰীক সম্বৰ্ধনা জনোৱাৰ উদ্যোগ গ্ৰহন কৰে।

মন্ত্ৰী গৰাকীয়ে প্ৰতিগৰাকী শিক্ষকলৈ আগবঢ়োৱা সম্বৰ্ধনা পত্ৰ, গামোছা আৰু কলম মন্ত্ৰী গৰাকীৰ ব্যক্তিগত সচিব অপুৰ্ব ডেকা, মনজিৎ ভট্টাচাৰ্যৰ লগতে বিজেপি দলৰ বিষয়ববীয়া আৰু কৰ্মী সকলে নিজ নিজ এলেকাৰ বিদ্যালয় সমুহলৈ গৈ শিক্ষক শিক্ষয়িত্ৰী সকলক প্ৰদান কৰে।

উল্লেখ্য যে মন্ত্ৰী হাজৰিকাই জাগীৰোড সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হোৱাৰ পিছৰ পৰাই শিক্ষক সকলক জনাই অহা এই সম্বৰ্ধনা এইবাৰ অষ্টম বৰ্ষ বুলি দলীয় নেতা কৰ্মী সকলে জানিবলৈ দিয়ে। মন্ত্ৰী হাজৰীকাৰ এই পদক্ষেপক জাগীৰোড সমষ্টিৰ শিক্ষক সমাজৰ লগতে ৰাইজে প্ৰশংসা কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in