কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ড০ এল মুৰুগনৰ চিৰাং ভ্ৰমণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ড০ এল মুৰুগনৰ চিৰাং ভ্ৰমণ

author-image
Asomiya Pratidin
New Update
কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ বিভাগৰ মন্ত্ৰী ড০ এল মুৰুগনৰ চিৰাং ভ্ৰমণ

ডিজিটেল সংবাদ, চিৰাং: কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী ড০ এল মুৰুগনয়ে বৃহস্পতিবাৰে সন্ধিয়া চিৰাং জিলা ভ্ৰমণ কৰে৷ মন্ত্ৰীগৰাকীয়ে চিৰাঙৰ সদৰ কাজলগাঁৱস্থিত জিলা আয়ুক্তৰ কাৰ্যালয়ত জিলা প্ৰশাসনৰ বিভিন্ন শীৰ্ষ বিষয়াৰ লগত কেন্দ্ৰীয় চৰকাৰৰ আঁচনিৰ ৰূপায়ণ আৰু অগ্ৰগতি সম্পৰ্কে বুজ লয় ৷

Advertisment

জিলা প্ৰশাসনৰ হৈ বিজনী মহকুমাৰ মহকুমাধিপতিয়ে জিলাখনৰ বিষয়ে আৰু কেন্দ্ৰীয় চৰকাৰৰ ৰূপায়ণ হৈ থকা আৰু সম্পূৰ্ণ হোৱা আঁচনিসমূহৰ বিষয়ে অৱগত কৰে ৷ এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে সাংসদদ্বয় ৰণগৌৰা নাৰ্জাৰী, জয়ন্ত বসুমতাৰী, বিটিচিৰ কাৰ্যবাহী সদস্য ধনঞ্জয় বসুমতাৰী, জিলা আয়ুক্ত পি বিজয় ভাস্কৰ ৰেড্ডীসহ জিলাখনৰ স্বাস্থ্য, শিক্ষা, গ্ৰামোন্নয়ন, সমাজ কল্যাণ, বন, উদ্যোগ আৰু বাণিজ্যকে ধৰি বিভিন্ন বিভাগৰ মূৰব্বী বিষয়াসকল উপস্থিত থাকে ৷

বৈঠকৰ অন্তত কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমৰ সৈতে হোৱাৰ বাৰ্তালাপত জিলাখনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আচঁনিৰ সফল ৰূপায়নৰ কথা উল্লেখ কৰে। কোকৰাঝাৰ চহৰত থকা বিটিআৰ এলেকাৰ একমাত্ৰ ৰেডিঅ' ষ্টেচনটো কেন্দ্ৰীয় চৰকাৰৰ পৰা আধুনিক ৰূপ দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ পিছতো আজিলৈকে আধুনিকীকৰণ কৰা নহল বুলি সাংবাদিকে প্ৰশ্ন কৰাত কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ তথা সংসদীয় পৰিক্ৰমা বিভাগৰ ৰাজ্যিক মন্ত্ৰী হিচাপে বিষয়টো পুনৰ বিবেচনা কৰা হব বুলি উল্লেখ কৰে।

আজি কেন্দ্ৰীয় মন্ত্ৰীগৰাকী নিশাটো ভাৰতীয় তেল নিগমৰ অধীনস্থ বঙাইগাওঁ শোধনাগাৰৰ অতিথিশালাত কটাই অৰ্থাৎ ৩০আগষ্টৰ পুৱা ৮:৩০ বজাৰ পৰা ১০বজালৈ জিলাখনত নতুনকৈ নিৰ্মাণ কৰা আদৰ্শ অংগনৱাডী কেন্দ্ৰ, কস্তুৰবা গান্ধী বালিকা বিদ্যালয় ভৱন পৰিদৰ্শন কৰাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন জনকল্যাণমূলক আঁচনি লাভ কৰা হিতাধিকাৰীক সাক্ষাৎ কৰি তেওঁলোকৰ সৈতে মত বিনিময় কৰিব। ইয়াৰ উপৰি জিলাখনৰ ডাংতল-খাগ্ৰাবাৰীত নিৰ্মাণ হৈ থকা হিন্দুস্তান পেট্ৰলিয়াম কৰ্পৰেচন লিমিটেড (এইচপিচিএল)ৰ ইন্ধন মজুত ভাণ্ডাৰ প্ৰকল্প পৰিদৰ্শন কৰিব বুলি জিলা প্ৰশাসনৰ পৰা সদৰি কৰা হৈছে ।

Also Read: জাতি, মাটি, ভেঁটি ৰক্ষাৰ প্ৰথম খোজঃ ঐতিহ্যবহনকাৰী স্থান হ'ব 'হেৰিটেজ বেল্ট এণ্ড ব্লক'...

chirang