এবছুৰ অধিবেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ : নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাংকণ কৰা হ'ব

২০২০ চনত ৰূপায়ন হোৱা বড়ো শান্তি চুক্তিৰ পিছৰে পৰা অঞ্চলটোত শান্তি আৰু উন্নয়ন অব্যাহত আছে। বিটিআৰ চুক্তিৰ পিছত বিষয়টোক লৈ কংগ্ৰেছে হাঁহিছিল, ধেমালি কৰিছিল কিন্তু আজি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হ'ল

author-image
Asomiya Pratidin
New Update
এবছুৰ অধিবেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

ডিজিটেল সংবাদ, কোকৰাঝাৰ : ২০২০ চনত ৰূপায়ন হোৱা বড়ো শান্তি চুক্তিৰ পিছৰে পৰা অঞ্চলটোত শান্তি আৰু উন্নয়ন অব্যাহত আছে। বিটিআৰ চুক্তিৰ পিছত বিষয়টোক লৈ কংগ্ৰেছে হাঁহিছিল, ধেমালি কৰিছিল কিন্তু আজি অঞ্চলটোত শান্তি প্ৰতিষ্ঠা হ'ল । ভাৰত আৰু অসম চৰকাৰে বিটিআৰ উন্নয়নৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ নকৰে।- এই মন্তব্য কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ ।

Advertisment
এবছুৰ অধিবেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
এবছুৰ অধিবেশনত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ

 

দেওবাৰে কোকৰাঝাৰ জিলাৰ দোতমাৰ বডোফা পথাৰত এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উক্ত মন্তব্য কৰে । ইয়াৰোপৰি মুখ্য অতিথিৰ ভাষণত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কয় যে বড়োলেণ্ড এলেকাত শান্তি ঘূৰাই অনাৰ ক্ষেত্ৰত বিটিআৰ শান্তি চুক্তিত স্বাক্ষৰকাৰী এবছুৰ যথেষ্ট অৰিহণা আছে । বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জন্মস্থান দোতমাত প্ৰথমবাৰৰ বাবে আহি সুখী হৈছো বুলি মন্তব্য কৰে শ্বাহে।

তেওঁ লগতে কয়- নতুন দিল্লীৰ এটা পথ বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ নামেৰে নামাংকণ কৰি বডোফালৈ কৃতজ্ঞতা জনোৱা হ'ব। তদুপৰি এবছুক প্ৰশংসা কৰি অমিত শ্বাহে কয় যে বিটিআৰ চুক্তিৰ ৮২% দফা কাৰ্যকৰী হৈছে । বড়োলেণ্ড এলেকাত ভাল খেলুৱৈ আছে আৰু অলিম্পিক পৰ্যায়ত যাতে বড়োলেণ্ড এলেকাৰ পৰা খেলুৱৈৱে অংশগ্ৰহণ কৰিব পাৰে তাৰ বাবে খেলুৱৈসকলক কঠোৰ অনুশীলন কৰিবলৈ আহ্বান জনাই গৃহমন্ত্ৰীগৰাকীয়ে । 

এবছুৰ অধিবেশনত ৰাইজৰ ভিৰ
এবছুৰ অধিবেশনত ৰাইজৰ ভিৰ

 

আনহাতে বড়োসকলৰ দেৱতা বৰাই বাথৌক সন্মান জনোৱা বুলি সদৰী কৰি বড়োসকলৰ পৰস্পৰাগত বাথৌ ধৰ্মক ৰাষ্ট্ৰীয় পৰ্যায়ত সুৰক্ষিত আৰু প্ৰতিষ্ঠা কৰাৰ বাবে আমি প্ৰতিশ্ৰুতিবদ্ধ বুলি মন্তব্য কৰে। উল্লেখ্য যে আজি গৃহমন্ত্ৰী অমিত শ্বাহে হেলিকপ্টাৰেৰে দোতমাক উপস্থিত হোৱাৰ পিছতে বিপুল আদৰণি জনোৱা হয়। 

বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্যৰ দলে হেলিপেডৰ পৰা মঞ্চলৈ অমিত শ্বাহক আদৰণি জনায়। মঞ্চত উপস্থিত হোৱাৰ পিছতে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ প্ৰতিমূৰ্ত্তিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। 

এবছুৰ অধিবেশনত জনগোষ্ঠীয় নৃত্য
এবছুৰ অধিবেশনত জনগোষ্ঠীয় নৃত্য

 

কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীক বড়ো আৰনাই, ফাগুৰী, কোট আৰু খামৰে স্বাগতম জনাই এবছুৰ সভাপতি দ্বীপেন বড়োৱে । ইপিনে এবছুৰ কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত বিশেষ অতিথি হিচাপে উপস্থিত থাকি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই এবছুৰ ৫৭ সংখ্যক কেন্দ্ৰীয় অধিবেশন উপলক্ষে এবছুৰ সকলো কৰ্মকৰ্তাক শুভেচ্ছা জ্ঞাপন কৰে ৷ 

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মক গভীৰ শ্ৰদ্ধাৰে সোঁৱৰণ কৰি কয় যে ১৯৮৬ চনত দৰং জিলাত অনুষ্ঠিত হোৱা এবছুৰ অধিবেশনত উপেন্দ্ৰনাথ ব্ৰহ্ম এবছুৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তেতিয়াৰে পৰা বড়ো জাতিৰ হৈ এবছুৱে কাম কৰি আহিছে ৷ 

এবছুৰ অধিবেশনত উপস্থিত ৰাইজৰ একাংশ
এবছুৰ অধিবেশনত উপস্থিত ৰাইজৰ একাংশ

 

ইয়াৰোপৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে প্ৰধানমন্ত্ৰীৰ মাগদৰ্শন আৰু গৃহমন্ত্ৰী উদ্যোগতে বড়োভূমিত শান্তি ঘূৰি আহিছে। বড়ো জাতিৰ সৰ্বাংগীন উন্নয়নৰ বাবে এবছুৱে সদায়ে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে বুলি মন্তব্য কৰি এবছুৰ প্ৰচেষ্টাৰ শলাগ লয় মুখ্যমন্ত্ৰীয়ে। 

বড়োলেণ্ডৰ উন্নয়নৰ খতিয়ান দাঙি ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে কোকৰাঝাৰত বড়োলেণ্ড বিশ্ববিদ্যালয় হৈছে, ওদালগুৰীত অতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয় কেম্পাচ আৰু মেডিকেল কলেজ নিৰ্মান কৰা হ'ব । অহা ১৫ এপ্ৰিলৰ ভিতৰত কোকৰাঝাৰ বিশ্ববিদ্যালয় আৰম্ভ হ'ব । 

এবছুৰ অধিবেশনত ৰাইজক অভিবাদন
এবছুৰ অধিবেশনত ৰাইজক অভিবাদন

 

কোকৰাঝাৰৰ পৰা গেলেংফু লৈ নতুন ৰে’ল লাইন নিৰ্মানৰ কাম আৰম্ভ হৈছে আৰু সম্পূৰ্ণ হৈ উঠাৰ পিছত অঞ্চলটোলৈ উন্নয়নৰ ব্যাপক পৰিবৰ্তন আহিব। বড়োসকলৰ সৰ্বাংগীণ উন্নয়নৰ বাবে কাম কৰিবলৈ আগবাঢ়িছো বুলি ভাষণত উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে চলিত বৰ্ষতে ৮ ৰ পৰা ১০ হাজাৰ নাচনীয়ে বাগৰুম্বা নৃত্য প্ৰদৰ্শন কৰি বাগৰুম্বাক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলোৱা হৈছে। 

আনহাতে প্ৰতিবছৰৰ বডোফাৰ জন্মদিন ৩১ মাৰ্চৰ দিনটো ছাত্ৰ দিৱস হিচাপে উদযাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে । ইয়াৰোপৰি বডোফাৰ সমাধি ক্ষেত্ৰত বিটিআৰ চৰকাৰ আৰু অসম চৰকাৰৰ যৌথ উদ্যোগত ৰাজ্যিক ভিত্তিত ছাত্ৰ দিৱস উদযাপন কৰা হ'ব বুলি ঘোষণা কৰে হিমন্ত বিশ্ব শৰ্মাই । 

ইপিনে আজিৰ মুকলি সভাত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে ভাষণ প্ৰসংগত কয় যে অসমৰ সকলো ৰাইজৰ বাবে চৰকাৰে বিভিন্ন আচঁনি লৈছে ৷ বিটিচি অঞ্চলৰ বাবেও আঁচনি তৈয়াৰ কৰিছে ৷ অনাগত দিনত অসম চৰকাৰে ভাল ভাল আঁচনি যুগুত কৰি ৰাইজৰ উন্নয়ন মূলক কামকাজ অধিক তীব্ৰতৰ কৰি তুলিব ৷   

এবছুৰ অধিবেশন
এবছুৰ অধিবেশন

 

একেদৰে অগপৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই ভাষণত কয় যে বড়ো জাতীয়তাবাদ অকল ভাৰততে নহয় সমগ্ৰ বিশ্বতে স্বীকৃত হৈছে ৷ বড়ো জাতিয়ে যুগে যুগে বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ আদৰ্শৰে কাম কৰি যাব বুলি আশা ব্যক্ত কৰে মন্ত্ৰী বৰাই।

তেওঁ কয়- বড়ো জনগোষ্ঠীৰ আত্মপৰিচয়, ভাষা, কলা-সংস্কৃতি বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ বাবে বড়ো জনগোষ্ঠীৰ নৱ প্ৰজন্মই আগবাঢ়ি আহি উপেন্দ্ৰনাথ ব্ৰহ্মৰ সপোন বাস্তবায়িত কৰিব। তদুপৰি কেন্দ্ৰত নৰেন্দ্ৰ মোডী আৰু অসমত ড° হিমন্ত বিশ্ব শৰ্মাৰ নেৰ্তৃত্বত সমগ্ৰ অসম আৰু ভাৰতবৰ্ষত উন্নয়ন তৰান্বিত হৈছে বুলি মন্তব্য কৰে বৰাই।

আনহাতে মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই কয় যে গৃহমন্ত্ৰী অমিত শ্বাহ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বিটিআৰ শান্তি চুক্তিৰ দফাসমূহ আখৰে আখৰে ৰূপায়ণ কৰি আছে ৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও বিটিআৰ অঞ্চলত অধিক গুৰুত্ব প্ৰদান কৰি বিভিন্ন উন্নয়নমূলক কাম-কাজ কৰিছে ৷ 

মুকলি সভাত উপস্থিত থকা অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কয় যে বিটিআৰ শান্তি চুক্তিৰ পিছতে এসময়ত অশান্তজৰ্জৰ অঞ্চলটোত শান্তি ঘূৰি আহিছে ৷ তাৰ লগে লগে উন্নয়নো ত্বৰাম্বিত হৈছে বুলি মন্তব্য কৰে দিলীপ শইকীয়াই ৷ 

মুকলি সভাত বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে কয় যে বিটিআৰ শান্তিচুক্তিৰ পিছতে অঞ্চলটোত শান্তি ঘূৰি আহিছে ৷ এবছুৱে শিক্ষাকে ধৰি বহু সমস্যা সমাধানৰ বাবে যোৱা ৫৭ বছৰে নিৰবচ্ছিন্নভাৱে কাম কৰি আহিছে ৷ 

প্ৰধানমন্ত্ৰী ,গৃহমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বড়োলেণ্ড অঞ্চলৰ শান্তি আৰু উন্নয়নক গুৰুত্ব দিছে। প্ৰায়ভাগ সমস্যাৰ সমাধান হ'ল, যি দুই এটা আছে সেয়াও শীঘ্ৰেই সমাধানৰ পথত৷ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিক্ষা, ৰাস্তা-ঘাট আদিকে ধৰি সকলো দিশতে গুৰুত্ব দিছে।

আনহাতে আজিৰ মুকলি সভাত সভাপতিত্ব কৰা এবছুৰ সভাপতি দ্বীপেন বড়োৱে ভাষণত কয় যে এবছুৱে বড়ো জাতি আৰু অঞ্চলটোত বসৱাস কৰা আন জাতি- জনগোষ্ঠীৰ উন্নয়নৰ হকে মাত মতি আহিছে ৷ এবছুৱে এসময়ত বড়ো ৰাজ্যৰ দাবীত আন্দোলন চলাইছিল যদিও পিছলৈ বিএচি, বিটিচি আৰু তাৰ পিছত বিটিআৰ শান্তিচুক্তিৰে অঞ্চলটোৰ উন্নয়ণত হে গুৰুত্ব দিয়া হৈছে ৷ 

দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই বিটিআৰ অঞ্চলত বহুবাৰ পদাৰ্পণ কৰি অঞ্চলটোৰ সৰ্বদিশতে উন্নয়নত গুৰুত্ব এবছুৰ সভাপতি দ্বীপেন বড়োৱে কৃতজ্ঞতা প্ৰকাশ কৰে ৷ উল্লেখ্য যে আজিৰ মুকলি সভাত মন্ত্ৰী অশোক সিংহল, লোকসভাৰ সাংসদ জয়ন্ত বসুমতাৰী, ৰাজ্যসভাৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী, বিধায়ক ক্ৰমে লৰেন্স ইছলাৰী, জিৰণ বসুমতাৰী, বড়ো সাহিত্য সভাৰ সভাপতি ড° সুৰথ নাৰ্জাৰী, কাৰ্বিআংলং স্বায়ত্বশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী তুলিৰাম  ৰংহাং, বিটিচিৰ প্ৰায়ভাগ কাৰ্যবাহী সদস্য আৰু এমচিএলএ সকল আদিকে ধৰি বহু বিশিষ্টই অংশগ্ৰহণ কৰে। 

আনহাতে মুকলি সভাত প্ৰায় লক্ষাধিক লোক উপস্থিত থাকি সভাত বিৰ দি বাট নোপোৱা পৰিৱেশৰ সৃষ্টি কৰে।

amit sah agp pramod bodo kokrajhar Dr. Himanta Biswa Sarma bjp ATUL BORA