মূল্যবৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ! দেশত বৃদ্ধি নিবনুৱাৰ সংখ্যা…

মূল্যবৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ! দেশত বৃদ্ধি নিবনুৱাৰ সংখ্যা…

author-image
asomiyapratidin
New Update
মূল্যবৃদ্ধি, কৰ্মসংস্থাপনৰ অভাৱ! দেশত বৃদ্ধি নিবনুৱাৰ সংখ্যা…

ডিজিটেল ডেস্ক: ভাৰতত পুনৰ বৃদ্ধি পাইছে নিবনুৱাৰ সংখ্যা। চেন্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ তথ্য অনুসৰি বিগত এপ্ৰিল মাহত ভাৰতত নিবনুনাৰ সংখ্য ৭.৮৩ শতাংশ বৃদ্ধি পায়, ইয়াৰ সংখ্যা মাৰ্চ মাহত ৭.৫০ শতাংশ আছিল।

Advertisment

ৰিপোৰ্টত কোৱা হৈছে যে চহৰ অঞ্চলৰ নিবনুৱাৰ সংখ্যা ৯.২২ শতাংশ বৃদ্ধি পাইছে যি মাৰ্চত ৮.২৮ শতাংশ আছিল। অন্যহাতে গ্ৰামীন অঞ্চলত নিবনুৱাৰ সংখ্য ৭.২৯ শতাংশ বৃদ্ধি পাই যি মাৰ্চ মাহত ৭.১৮ শতাংশ আছিল।

উল্লেখ্য যে, সবাতোকলৈ বেছিল ৩৪.৫ শতাংশ নিবনুৱা উত্তৰৰ ৰাজ্য হাৰিয়াণাত বৃদ্ধি পাইছে। ইয়াৰ পাছতে ৰাজস্থান ২৮.৮ শতাংশৰ সহায়ত দ্বিতীয় স্থানত আছে। এই সময়ত দেশত হৈ থকা মূল্যবৃৃদ্ধি আৰু কৰ্মসংস্থাপনৰ লেহেমীয়া গতিয়ে ইয়াৰ কাৰণ বুলি একাংশই কৈছে।

আৰু পঢ়ক: ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ…

unemployment india