ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ…

ভয়ংকৰ অগ্নিকাণ্ডত ভস্মীভূত বাসগৃহ…

ডিজিটেল সংবাদ , নগাঁও : নগাঁও চহৰৰ কাষৰীয়া অঞ্চল শিমলুগুৰিত দেওবাৰে নিশা এক অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় ৷ অগ্নিকাণ্ডৰ ফলত এটি বাসভৱন সম্পূৰ্ণ ভাৱে অগ্নিদগ্ধ হয় ৷

তাৎপৰ্যপূৰ্ণ বিষয় এই যে অগ্নিকাণ্ড সংঘটিত হোৱাৰ সময়ত ঘটনাস্থলীলৈ যাব নোৱাৰিলে অগ্নিনিৰ্বাপনৰ বাহন ৷ কিয়নো ঘটনাস্থলীলৈ যাবলৈ কোনো পথ নাছিল ৷ পথ নথকাৰ বাবে অগ্নি নিৰ্বাপনত অগ্নিনিৰ্বাপকৰ বাহন ব্যৱহাৰ নহ'ল ৷ ইয়াৰ বিপৰিতে স্থানীয় লোকে যি যেনেকৈ পাৰে অগ্নিনিৰ্বাপন কৰে ৷

জানিব পৰা মতে অগ্নিৰ ফলত জাহ যোৱা বাসভৱনটো আব্দুল মজিদ নামৰ লোকজনৰ ৷ জুইত ব্যক্তিজনৰ সকলো সামগ্ৰী জাহ যায় ৷ মজিদে জানিবলৈ দিয়া মতে সকলো নথি পত্ৰ জুইৰ ফলত জ্বলি যায় ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in