বানপানীৰ কবলত বৰাকঃ স্থগিত আসাম বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক-ছেমিষ্টাৰৰ পৰীক্ষা

বানপানীৰ কবলত বৰাকঃ স্থগিত আসাম বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক-ছেমিষ্টাৰৰ পৰীক্ষা

author-image
Asomiya Pratidin
New Update
বানপানীৰ কবলত বৰাকঃ স্থগিত আসাম বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহৰ স্নাতক-ছেমিষ্টাৰৰ পৰীক্ষা

ডিজিটেল সংবাদ, শিলচৰঃ অসম বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজসমূহত পূৰ্ব নিৰ্ধাৰিত ১জুনত অনুষ্ঠিত হ'বলগা স্নাতক আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ ( টিডিচি, চিবিচিএছ) সাম্প্ৰতিক বানপানীৰ বাবে বাতিল কৰা হৈছে।‌ অসম বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড০ সুপ্ৰবীৰ দত্তৰয়ে এক বিজ্ঞপ্তিৰ জৰিয়তে এই কথা প্ৰকাশ কৰিছে।

Advertisment
  User
User

বিজ্ঞপ্তিত উল্লেখ কৰা মতে, সাম্প্ৰতিক বান পৰিস্থিতি আৰু একাংশ কলেজত বানপীড়িতসকলৰ বাবে সাহায্য শিবিৰ মুকলি কৰাৰ পৰিপ্ৰেক্ষিতত ১ জুনত অনুষ্ঠিত হব লগা টিডিচি, (চিবিচিএছ) আৰু ছেমিষ্টাৰৰ পৰীক্ষাসমূহ স্থগিত কৰা হৈছে।‌ পৰবৰ্তী নিৰ্দেশ নিদিয়ালৈ পৰীক্ষা পিছুৱাই দিয়া হৈছে। স্থগিত পৰীক্ষাৰ সময়সূচী পৰৱৰ্তী সময়ত অৱগত কৰা হ’ব।

অৱশ্যে, অহা ৬জুনৰ পৰা অনুষ্ঠিত হ'বলগা বাকী সকলো পৰীক্ষা নিৰ্ধাৰিত সময় মতেই অনুষ্ঠিত হ'ব বুলি অসম বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ অনুমোদন সাপেক্ষে জাৰি কৰা বিজ্ঞপ্তিটোত উল্লেখ কৰা হৈছে।

Also Read: ঢকুৱাখনাত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন...

assam university barak