ঢকুৱাখনাত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন...

ঢকুৱাখনাত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন...

ডিজিটেল সংবাদ, ঢকুৱাখনাঃ সাম্প্ৰতিক সমাজ ব্যৱস্থাত ভয়াবহ ৰূপত আত্মপ্ৰকাশ কৰি উঠিছে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীয়ে। সহজলভ্য আৰু সৰ্বত্ৰতে উপলব্ধ এনেবোৰ স্বাস্থ্য হানিকাৰক সামগ্ৰীযে মানৱ জীৱনলৈ নমাই আনিছে ভয়াবহ আৰু অশনি সংকেত। বিভিন্ন দুৰাৰোগ্য ৰোগৰ অন্যতম উৎস আৰু কাৰক স্বৰূপ এই ধঁপাত জাতীয় সামগ্ৰীৰ কৰাল গ্ৰাসৰ পৰা মানৱ সমাজক পৰিত্ৰাণ দিযাৰ মানসেৰে আৰু এনে ক্ষতিকাৰক সামগ্ৰীৰ ব্যৱহাৰ বন্ধ কৰাৰ আহ্বানেৰে শুকুৰবাৰে ঢকুৱাখনাত পালন কৰা হয় বিশ্ব ধঁপাত বিৰোধী দিৱস ।

এই ধঁপাতজাতীয় স্বাস্থ্য হানিকাৰক সামগ্ৰী প্ৰচলন তথা ব্যৱহাৰ নিৰ্মূল কৰা লক্ষ্যৰে অসম ৰাজ্যিক গ্ৰামীণ জীবিকা অভিযান, ঢকুৱাখনা খণ্ড অভিযান পৰিচালনা গোটৰ অধীনস্থ আত্মসহায়ক গোটসমূহৰ একত্ৰ সংগঠন ক্ৰমে শান্তি,ত্ৰিনয়ন,ত্ৰিবেণী আৰু আদৰ্শ মণ্ডল পৰ্যায় সংগঠনৰ উদ্যোগত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন কৰা হয়। দিৱস উপলক্ষত দুপৰীয়া চাৰিওটা মণ্ডল পৰ্যায় সংগঠনৰ নিজা নিজা কাৰ্যালয়ত দিৱসৰ তাৎপৰ্য ব্যাখ্যাৰে বিশেষ সজাগতামূলক সভা অনুষ্ঠিত কৰা হয়। তাৰেই অংশ হিচাপে শান্তি মণ্ডল পৰ্যায় সংগঠনৰ কাৰ্যালয়ত অনুষ্ঠিত সজাগতা সভাত সভাপতিত্ব কৰে স্থায়ী সভানেত্ৰী মঞ্জু বৰাই।

সম্পাদিকা মীয়া পাতিৰৰ আদৰণী ভাষণেৰে আৰম্ভ হোৱা সভাত অতিথি হিচাপে উপস্থিত থাকে ঢকুৱাখনা খণ্ড অভিযান পৰিচালনা গোটৰ খণ্ড প্ৰকল্প প্ৰবন্ধক বিজয়কৃষ্ণ কোঁচ। আনহাতে সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে খণ্ড সমন্বয়ক নৰোত্তম কোঁচ। সভাত খণ্ড সমন্বয়ক দীপিকা দলেও অংশ লয়।

ইয়াৰোপৰি ত্ৰিনয়ন,ত্ৰিবেণী আৰু আদৰ্শ মণ্ডল পৰ্যায় সংগঠনসমূহেও দিৱস উপলক্ষে সজাগতা সভা অনুষ্ঠিত কৰা লগতে সজাগতা সমদল বাহিৰ কৰে আৰু উপস্থিত সদস্যাসকলৰ মাজত ধঁপাতজাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বিৰুদ্ধে শপত শপত গ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উল্লেখ্য যে ধঁপাত সেৱনৰ ফলত হ’ব পৰা ৰোগ আৰু তাক প্ৰতিৰোধৰ বিশ্বব্যাপী সজাগতা তথা ধঁপাত বৰ্জনৰ আহ্বানেৰে ১৯৮৭ চনৰ পৰা ধঁপাত বিৰোধী দিৱস প্ৰতি বছৰে ৩১মে’ ত পালন কৰি অহা হৈছে। চলিত বৰ্ষৰ বিশ্ব ধঁপাত বিৰোধী দিৱসৰ মূল বিষয়বস্তু হল "ধঁপাত উদ্যোগৰ হস্তক্ষেপৰ পৰা শিশুসকলক সুৰক্ষিত ৰাখক"।

ঢকুৱাখনাত বিশ্ব ধঁপাত বিৰোধী দিৱস পালন...
অসমীয়া মধ্যবিত্ত শ্ৰেণীৰ ইতিহাস'ৰ ইংৰাজী অনুবাদ 'HISTORY OF THE ASSAMESE MIDDLE CLASS'ৰ উন্মোচন...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in