হিমালয়ৰ ৰহস্যৰ সন্ধানত

হিমালয়ৰ ৰহস্যৰ সন্ধানত
হিমালয়ৰ ৰহস্যৰ সন্ধানত
হিমালয়ক লৈ কাহিনীৰ শেষ নাই। হিমালয়ৰ পদে পদে লুকাই আছে ৰহস্য। এই ৰহস্যৰ উদঘাটন আজিলৈকে হোৱা নাই। এনে ৰহস্য উদঘাটন কৰিবলৈকে প্ৰতিবছৰে হিমালয়লৈ আগমণ ঘটে হাজাৰ হজাৰ পৰ্যটকৰ। হিমালয়ৰ ৰহস্যক লৈ লিখা অপূৰ্ব বল্লভ গোস্বামীৰ এই লেখা আজিৰ মোৰ মত শিতানত আগবঢ়োৱা হ'ল।

হিমালয়ৰ ৰহস্যৰ সন্ধানত মই ১৯৮৬ আৰু ২০০০ চনত দুবাৰকৈ পৰিভ্ৰমণ কৰিছিলোঁ। ২০০৭ চনত প্ৰকাশিত ‘নামবৰৰ পৰা ম্যানমাৰলৈ’ গ্ৰন্থখনত ‘হিমালয়ৰ ৰহস্য সন্ধান’ত শীৰ্ষ এক প্ৰৱন্ধ সন্নিৱিষ্ট কৰিছিলোঁ।

বৰ্তমান উত্তৰাখণ্ডৰ যোশীমঠত চলা প্ৰলয়ংকাৰী ভূমিস্খলনে এই প্ৰৱন্ধটোৰ পুনৰ প্ৰাসংগিতা আহি পৰিছে। চৰকাৰ অদূৰদৰ্শী উন্নয়নৰ বাবেই হিমালয়ৰ পবিত্ৰ দেৱভূমি সংকটৰ গৰাহত।।

হিমালয় পৰ্বতত জিলিকি থকা ৰহস্যঘন চূড়াই কবি, সাহিত্যিক, দাৰ্শনিক, চিত্ৰশিল্পী, পৰ্বত আৰোহী আদিক অহৰহ হাত বাউল দি আকৰ্ষিত কৰি আহিছে৷ হিমালয়ৰ গোমুখৰ পৰা প্ৰবাহিত হোৱা গংগা গংগোত্ৰীৰ পৰা গংগা সাগৰলৈকে অতিক্ৰম কৰা অঞ্চলটোৰ কাষে কাষে স্থাপিত হৈ আছে বহু মঠ-মন্দিৰ, যি বিশ্বৰ কোনো অঞ্চলত পাবলৈ নাই৷

হিমালয়ৰ সুউচ্ছ চূড়াবিলাকক প্ৰাচীন পুথি-পাঁজি বিলাকত ‘দেৱভূমি’ বা দেৱতাসকলৰ বাসস্থান হিচাপে বৰ্ণনা কৰা আছে৷ দেৱতাসকলৰ বাসস্থানলৈ যোৱা দ্বাৰ হিচাপে হিমালয় পাদদেশত অৱস্থিত পৱিত্ৰ তীৰ্থস্থান হৰিদ্বাৰ৷

দাৰ্শনিক শঙ্কৰাচাৰ্যই অষ্টম শতিকাত বিস্তৃতভাৱে হিমালয় অঞ্চলত তীৰ্থযাত্ৰা কৰি বিভিন্ন স্থানত প্ৰতিষ্ঠা কৰা তীৰ্থক্ষেত্ৰসমূহ সমগ্ৰ বিশ্বৰ হিন্দু ধৰ্মাৱলম্বী লোকৰ মুখ্য তীৰ্থস্থানৰূপে গণ্য হৈ আহিছে যাৰ বিস্তৃতি নেপাল আৰু তিব্বতলৈ বিয়পি পৰিছে৷

উক্ত অঞ্চলতে প্ৰস্তৰ যুগৰ কিছুমান সামগ্ৰী উদ্ধাৰ কৰা হৈছে৷ ভাৰতবাসী হিমালয়ৰ মুখ্য অঞ্চলৰ লগত জড়িত হ’বলৈ পাই আজি গৌৰৱাম্বিত৷ ইয়াত বাস কৰিছে বিভিন্ন জাতিৰ, বিভিন্ন ধৰ্মৰ আৰু বিভিন্ন ভাষা-ভাষী লোকে৷

য’ত আছে অকল্পনীয়ভাৱে জৈৱ বৈচিত্ৰ্যৰে ভৰপূৰ বনাঞ্চলৰে চালে চকুৰোৱা প্ৰাকৃতিক মনোৰম দৃশ্য৷ হিমালয় পৰ্বতমালাৰ বিস্তৃতি ২৫০০ কিঃ মিঃ। যাৰ উচ্ছতা কাশ্মীৰৰ নানগা পৰ্বতত ৮১২৫ মিটাৰৰ পৰা তিব্বতৰ ৭৭৬৫ মিটাৰ উচ্ছতাৰ নামচা বাৰৱা শিখৰলৈকে৷

পৰ্বত শৃঙ্গটোৱে কাৰকোৰাম আৰু হিন্দুকুশ পৰ্বতকো সংযোগ কৰিছে৷ হিমালয়ত বিশ্বৰ ১৪ টা ওখ শৃংগ আছে যাৰ মাজত বিশ্বৰ ভিতৰত আটাইতকৈ ওখ শৃংগ মাউণ্ট এভাৰেষ্ট, যাৰ উচ্ছতা ৮৮৪৮ মিটাৰ৷

ভাৰতৰ ভিতৰত পৰা ওখ শৃংগ কাঞ্চনজংঘাৰ উচ্ছতা ৮৫৯৮ মিটাৰ৷ অকল সেইয়াই নহয়, হিমালয় পৰ্বতমালাত ৭০০০ মিটাৰতকৈ ওখ ৭৫ টা আৰু আৰু ৬০০০ মিটাৰতকৈ ওখ ১১৪ টা শৃংগ আছে৷ হিমালয়ৰ সুউচ্ছ শৃংগবোৰৰ পৰা ভাৰতীয় উপমহাদেশলৈ কেইবাখনো উল্লেখযোগ্য উপনৈ বৈ আহিছে৷

উত্তৰাখণ্ডৰ পাহাৰবোৰে হিমাচলৰ পৰা নেপাললৈকে বিস্তৃত হৈ আছে৷ গংগা আৰু যমুনা নদীৰ উৎস গংগোত্ৰী আৰু যমুনোত্ৰীকে ধৰি কেদাৰনাথ আৰু বদ্ৰীনাথ উত্তৰাঞ্চলৰ চাৰিধাম পুণ্য তীৰ্থস্থান৷

বদ্ৰীনাথৰ হিন্দু শাস্ত্ৰৰ উল্লিখিত চাৰিধামৰ একধাম প্ৰত্যেক হিন্দুধৰ্মী লোকৰ এক সপোন থাকে যে, তেওঁ এদিন হ’লেও বদ্ৰীনাথলৈ আহিব৷ বদ্ৰীনাথক আটাইতকৈ পুণ্য তীৰ্থ বুলি গণ্য কৰা হয়৷

বদ্ৰীনাথ দৰ্শন হ’লে হিন্দুসকলে মোক্ষ বা মুক্তি লাভ কৰে বুলি বিশ্বাস কৰে৷ বদ্ৰীনাথৰ পৰাই পাণ্ডৱৰ যুধিষ্ঠিৰে তেওঁৰ ভাতৃ আৰু দ্ৰৌপদীৰ সৈতে স্বৰ্গ যাত্ৰা কৰিছিল৷ এই স্বগাৰ্ৰোহিনী যাত্ৰা অতিকে দুৰ্গম৷

জুন মাহৰ পৰা আগষ্ট মাহলৈকে প্ৰতি বছৰে কিছু ভক্ত যায়৷ হিমালয়ৰ গ্লেছিয়াৰৰ মাজেৰে ২৫ কিঃ মিঃ দূৰত্বত থকা চতুৰ্পণ্ঠলৈকে নীলকণ্ঠ পৰ্বতৰ নামনিত বহু গুহাত এতিয়াও বহু ঋষি-মুনিয়ে মুক্তিৰ পথ বিচাৰি ভগৱানৰ তপস্যাত মগ্ন হয়৷

মানাগাঁও হৈ চতুৰ্পণ্ঠলৈ যোৱাৰ পথত অলকানন্দা নদীৰ মনোমোহা সৌন্দৰ্যৰ লগতে ব্ৰহ্মকমল ফুলেৰে জাতিষ্কাৰ হৈ থাকে৷ উক্ত অঞ্চলতে বেদ-ব্যাসে ১৮ খন পুৰাণ ৰচনা কৰিছিল বুলি জনা যায়৷

কিছুদূৰ অতিক্ৰম কৰিলেই সৰস্বতী নদীৰ ওপৰত এক প্ৰকাণ্ড শিলা আছে। এই শিলাক ভীম শিলা বুলি কয়৷ পাণ্ডৱৰ স্বৰ্গ যাত্ৰাত দ্ৰৌপদীয়ে এই অঞ্চলতে দেহ ত্যাগ কৰিছিল৷ ইয়াৰ পাছত আনন্দবন৷

আনন্দবন অতিক্ৰম কৰাৰ পাছতে প্ৰকৃতিৰ মনোমোহা বসুধাৰাৰ জলনিগ্ৰত দৃশ্য৷ বসুধাৰাৰ পৰা তিনি কিঃ মিঃ অতিক্ৰম কৰিলেই লক্ষীবন নামৰ এখন সমতল ভূমি৷ এই লক্ষীবন প্ৰচুৰ গছ-গছনিৰে ভৰপূৰ৷

ভগৱানৰ কি আচৰিত সৃষ্টি। বদ্ৰীনাথত গছ-গছনি দেখা পোৱা নাযায় যদিও বদ্ৰীনাথৰ উচ্ছতাৰ ওপৰতে আছে অসংখ্য গছ-গছনি৷ এই অঞ্চলতে নকুলে দেহ ত্যাগ কৰিছিল৷ লক্ষীবনত ভক্তসকলে যাত্ৰাৰ প্ৰথম নিশাটো কটোৱাৰ পাছতে পিছদিনা পুৱা ভক্তসকল অলকাপুৰীলৈ যাত্ৰা কৰে৷

এই অলকাপুৰীৰ পৰাই অলকানন্দা নদী ওলাইছে৷ ইয়াৰ পাছতে ওখ পৰ্বতৰ ওপৰৰ পৰা একেলগে জলধাৰা নিগৰি পৰাৰ এক অপূৰ্ব দৃশ্য দেখা পোৱা যায়৷ এই পানী নিগৰি পৰা ধাৰাক সহস্ৰধাৰা বুলি কয়৷

এই সহস্ৰ ধাৰাতে সহদেৱে দেহ ত্যাগ কৰিছিল৷ সহস্ৰ-ধাৰাৰ পৰা পাণ্ডৱৰ স্বৰ্গাৰোহনত যুধিষ্ঠিৰ, ভীম আৰু অৰ্জুনৰ লগত যমে কুকুৰ ৰূপ লৈ যাত্ৰা কৰিছিল বুলি জনা যায়৷ আচৰিত কথা যে, এই সহস্ৰধাৰাত এতিয়াও কুকুৰ দেখিবলৈ পোৱা যায় আৰু ভক্তৰ লগত কুকুৰে যাত্ৰা কৰি চতুৰ্পণ্ঠলৈকে যায়৷

সহস্ৰধাৰাৰ পৰা তিনি কিঃ মিঃ দূৰত্বত এখন সমতল ভূমি-চক্ৰতীৰ্থ৷ এই চক্ৰতীৰ্থতে অৰ্জুনে প্ৰাণত্যাগ কৰিছিল৷ চক্ৰতীৰ্থতে ভক্তসকলে নিশাটো কটোৱাৰ পিছত পিছদিনা পুৱা চতুৰ্পণ্ঠলৈ যাত্ৰা কৰে৷

চতুৰ্পণ্ঠৰ! ১৪ হেজাৰ ফুট উচ্ছতাত যাত্ৰা কৰোতে ডাৱৰসমূহ তলতহে দেখা যায়৷ চতুৰ্পণ্ঠ যাত্ৰা অতিকে কঠিন। গ্লেছিয়াৰৰ উপৰিও প্ৰচণ্ড শব্দৰে বৰফৰ স্খলন হৈ থকাৰ বাবে পদে পদে দুৰ্ঘটনাৰ আশংকা ঘণীভূত এই অঞ্চললৈ সকলোৱে যাত্ৰা কৰিব নোৱাৰে৷

চতুৰ্পণ্ঠত এটা সৰোবৰ আছে৷ তাৎপৰ্যপূৰ্ণ যে এই সৰোবৰৰ পানীত কিবা পৰিলে কিছু পক্ষীয়ে তুলি নি পানী পৰিষ্কাৰ কৰি ৰাখে৷ এই চৰ্তুপণ্ঠতে ভীমে শৰীৰ ত্যাগ কৰিছিল৷ চতুৰ্পণ্ঠৰ পাছতে চন্দ্ৰকুণ্ড৷

এই কুণ্ডৰ এক তাৎপৰ্য হ’ল অমাৱস্যাত ইয়াৰ পানী একেবাৰে শুকাই যায় আৰু পূৰ্ণিমাত পানীৰে কুণ্ডটো ভৰি থাকে৷ ইয়াৰ পাছতে পায় সূৰ্যকুণ্ড৷ সূৰ্যকুণ্ডৰ পাছতেই স্বৰ্গাৰোহিনী৷

এই স্বৰ্গৰোহিনীত যুধিষ্ঠিৰ আৰু কুকুৰ ৰূপী যম উপস্থিত হোৱাত স্বৰ্গৰ পৰা পুষ্পক বিমানে যুধিষ্ঠিৰক লৈ গৈছিল বুলি জনা যায়৷ ধৰ্ম শাস্ত্ৰত উল্লেখ থকা হিমালয়ৰ এই ৰহস্যসমূহ স্বচক্ষুৰে প্ৰত্যক্ষ কৰিলে কিছু হ’লেও বিশ্বাস কৰিবলৈ সকলো বাধ্য হয়৷

বদ্ৰীনাথ অঞ্চলত ৬০০০ মিটাৰ অধিক উচ্ছতাৰ কেইবাটাও মনোমোহা প্ৰাকৃতিক দৃশ্যৰে ভৰপূৰ শৃংগ আছে৷ ইয়াৰ উল্লেখযোগ্য শৃংগ হৈছে ত্ৰিশূল [৭১২০ মিঃ]৷ একেলগে তিনি শৃংগৰে ভগৱান শিৱৰ ত্ৰিশূলপাত বুলি সকলোৱে বিশ্বাস কৰে৷

ভগৱান শিৱৰ অস্তিত্ব হিমালয়ৰ প্ৰতিটো অঞ্চলতে পদে পদে উপলব্ধি কৰা যায়৷ হিমালয়ৰ কেইবাটাও শৃংগ শিৱৰ লগত জড়িত৷ উদাহৰণ স্বৰূপে শিৱলিংগ [৬৫৪৩ মিঃ] নীলকণ্ঠ [৬৯৫৭ মিঃ] আৰু কেদাৰনাথ [৬৯৪০মিঃ]৷

ইয়াৰ উপৰিও দুনাগিৰি, বান্দৰপাচ আৰু সুশোভিত নন্দা দেবী, য’ত নাৰীৰ কমনীয়তাৰ প্ৰকাশ ঘটিছে হিমালয়ৰ ৰন্ধ্ৰে ৰন্ধ্ৰে৷ বৰফ গলাৰ লগে লগে হিমালয় অঞ্চলত নানা বৰণৰ বনৰীয়া ফুলেৰে জাতিষ্কাৰ হৈ পৰে৷

সেই সময়ত গাড়োৱালত থকা ‘ভেলি অৱ ফ্লাৱাৰ’লৈ যোৱাৰ উপযুক্ত সময়৷ ভেলি অৱ ফ্লাৱাৰ বা ফুল উপত্যকা।ইয়াত একেজোপা গছতে ডালবোৰত বেলেগ বেলেগ ৰঙৰ সুগন্ধিত ফুল থাকে৷

হিমালয়ৰ বিশাল শিলাভূমিৰ মাজত এখন মনোৰম ফুলৰ বাগিচা সৃষ্টিয়ে বিশ্বৰ উদ্ভিদবিদসকলকো কৌতূহলী কৰি তুলিছে৷ ফুল উপত্যকাত এক ঐতিহাসিক মন্দিৰ আছে৷

এই মন্দিৰলৈ প্ৰাচীন কালত চীন, তিব্বত আদিৰ পৰা সাধু সন্তসকল আহিছিল৷ এডিনবাৰ্গ বটানিকেল গাৰ্ডেনৰ প্ৰতিনিধি ফ্ৰেংক এফ স্মিথে ১৯৩১ চনত ফুল উপত্যকালৈ আহোতে লিখা কিতাপ “The Velley of Flower”ত ফুলৰ উপত্যকাৰ ফুলবোৰ দেখি আৰ্যবোধ কৰিছে৷

প্ৰকৃতিৰ এই উদ্যাখনত হাজাৰ হাজাৰ বিভিন্ন ফুলৰ গছ-গছনিৰে প্ৰকৃতিৰ এই বিস্ময়জনক স্থানডোখৰ বৰফে প্ৰহৰীৰ দৰে ৰক্ষণাবেক্ষণ দি আছে৷ ইয়াৰ ওচৰতে আছে শিখ ধৰ্মীসকলৰ পৱিত্ৰ স্থান হেমকুণ্ড৷

যেনেকৈ সূৰ্যৰ প্ৰথম কিৰণ পৰি নিয়ৰ শুকাই যায়, ঠিক সেইদৰে আমাৰ অন্তৰৰ পৰা হিমালয়ক প্ৰথম দৰ্শন কৰাৰ লগে লগে পাপবোধ আঁতৰি যায়৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in