কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন ! নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট...

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন ! নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট...
কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত নতুন সংযোজন ! নিৰ্মাণ হ'ব পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট...

ডিজিটেল ডেস্কঃ কাজিৰঙা, বিশেষ পাতনিৰ প্ৰয়োজন নাই, নামেই ইয়াৰ পৰিচয়। দেশী-বিদেশী পৰ্যটকৰ আকৰ্ষণৰস্থলী কাজিৰঙালৈ এতিয়া বৈছে পৰ্যটকৰ সোঁত।

জৈৱ-বৈচিত্ৰৰে ভৰপূৰ কাজিৰঙাৰ এশিঙীয়া গঁড় ইয়াৰ অন্যান্য জীৱ-জন্তু আৰু প্ৰাকৃতিক নৈসৰ্গিক পৰিৱেশে পৰ্যটকক কাজিৰঙাৰ প্ৰেমত পৰিবলৈ বাধ্য কৰে। বহুতেই আকৌ কাজিৰঙাতেই পাৰ কৰিব বিচাৰে নিশা।

কাজিৰঙাত ইতিমধ্যে গঢ়ি উঠে হোটেল, ৰিজ'ৰ্টৰ উদ্যোগে কোভিডৰ সময়ছোৱাক বাদ দি বাকী সময়খিনিত অৰ্থনৈতিক ক্ষেত্ৰখনৰ বাবেও বিশেষ গুৰুত্ব বহন কৰিছে। তাৰ মাজতে কাজিৰঙা চাবলৈ যোৱা, নিশা কাজিৰঙাত কটাব বিচৰা পৰ্যটকৰ বাবে আহিছে আন এক ভাল খবৰ।

কাজিৰঙাৰ পৰ্যটন ক্ষেত্ৰত হ'ব নৱতম সংযোজন। ৰাজ্যৰ পৰ্যটন উন্নয়ন নিগমে লৈছে বিশেষ সিদ্ধান্ত। কাজিৰঙালৈ অধিক পৰ্যটকক আকৰ্ষণৰ বাবে কাজিৰঙাত নিৰ্মাণ কৰা হ'ব এখন বিলাসী পঞ্চতাৰকাযুক্ত ৰিজ'ৰ্ট।

ইতিমধ্যে ইয়াৰ বাবে পৰ্যটন নিগমে প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ কৰিছে। পঞ্চতাৰকাযুক্ত এই বিলাসী ৰিজ'ৰ্টখন নিৰ্মাণৰ বাবে বোকাখাত মহকুমা প্ৰশাসনে হাতীখুলী চাহ বাগিচাৰ সংলগ্ন ৩০ বিঘা ভূমি নিগমলৈ হস্তান্তৰো কৰিছে। ইয়াৰ বাবে ইতিমধ্যে বুজাবুজিৰো চুক্তি সম্পন্ন হৈছে।


ক্লিক কৰি পঢ়কঃ অবৈজ্ঞানিক ভাৱে নিৰ্মিত আদানী প'ৰ্টৰ বিৰুদ্ধে ১৩০ দিনে অব্যাহত আছে প্ৰতিবাদ...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in