অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

আটকাধীন কেডাৰজনক প্ৰাথমিক জেৰাৰ অন্তত অধিক তদন্তৰ বাবে খোছা আৰক্ষীক গতাই দিয়ে
টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ
টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ

ডিজিটেল সংবাদ,বেকাজানঃ অৰুণাচলৰ টিৰাপত আলফা (স্বাঃ)ৰ কেডাৰ গ্ৰেপ্তাৰ । এক গোপন খবৰৰ পমখেদি বুধবাৰে আছাম ৰাইফলছে অভিযান চলাই অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাৰ নগলো গাঁৱত আলফা স্বাধীনৰ এগৰাকী দুধৰ্ষ কেডাৰ গ্ৰেপ্তাৰ কৰে ।

প্ৰাপ্ত খবৰ অনুসৰি ভাৰত-ম্যানমাৰ সীমান্তৱৰ্তী অঞ্চলৰ পৰা আলফা(আই)ৰ এজন কেডাৰে নগলো গাঁৱলৈ গৈ থকা বুলি চোৰাংচোৱাৰ তথ্যৰ লাভৰ পিছতে অসম ৰাইফলছ আৰু টিৰাপ আৰক্ষীয়ে ব্যাপক অভিযান আৰম্ভ কৰে । সেনা-আৰক্ষীয়ে সন্দেহযুক্ত অনুপ্ৰৱেশ পথসমূহ ঘেৰাও কৰি ৰাখে ।

বুধবাৰে সন্ধিয়া প্ৰায় ৬:০০ বজাত আই এম বিৰ পৰা নগলো গাঁৱৰ দিশে এজন সন্দেহজনক ব্যক্তিৰ গতিবিধি লক্ষ্য কৰে সেনাই। সেনাক দেখা পাই লগে লগে সন্দেহজনক লোকজনে ওচৰৰ হাবিলৈ পলায়ন কৰিবলৈ চেষ্টা কৰে যদিও দলটোৱে তেওঁক কৰায়ত্ত কৰে।

প্ৰাৰম্ভিক অনুসন্ধানত প্ৰকাশ পাইছে যে যুৱকজন আলফা(আই)ৰ সক্ৰিয় কেডাৰ।পিছত সেনাই আটকাধীন কেডাৰজনক প্ৰাথমিক জেৰাৰ অন্তত অধিক তদন্তৰ বাবে খোছা আৰক্ষীক গতাই দিয়ে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in