ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...

ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

author-image
Asomiya Pratidin
New Update
ওদালগুৰিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ...

ডিজিটেল সংবাদ, ওদালগুৰিঃ বিগত বৰ্ষৰ দৰে এইবেলিও ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ১৯ এপ্ৰিল আৰু ৪ মে'ত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযােগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ ২০২৪।

Advertisment

উক্ত কাৰ্যসূচী উপলক্ষে শুকুৰবাৰে পুৱা ১০বজাত বিহুৰ পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ উপসভাপতি প্ৰাচুৰ্য দাসে। স্মৃতি তৰ্পন কাৰ্যসূচী মুকলি কৰে উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গুণজিৎ দাসে। সমান্তৰালভাৱে বিহুতলীত অনুষ্ঠিত হয় সমৱেত সংগীতৰ লগতে স্থানীয় জেং বিহু দলৰ দ্বাৰা জেং বিহু প্ৰদৰ্শন কৰা হয়।

আনহাতে ৪ মে তাৰিখে অনুষ্ঠিত হ'ব সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ। উক্ত মুকলি বিহুত অসমৰ কেইবাটাও আগশাৰীৰ বিহু দলে অংশগ্ৰহণ কৰাৰ লগতে জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহত উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন লোকনৃত্য প্ৰদৰ্শন কৰিব মেজাংকৰি মেঘমল্লাৰ সাংস্কৃতিক গোষ্ঠীয়ে।

উক্ত মুকলি বিহু প্রতিযােগিতাত প্ৰথম পুৰস্কাৰ নগদ ৫০ হাজাৰ টকা, দ্বিতীয় পুৰস্কাৰ ৩০ হাজাৰ টকা, তৃতীয় পুৰস্কাৰ ২০ হাজাৰ টকা। আনহাতে শ্রেষ্ঠ বৰ বিহুৱতীলৈ নগদ ১০ হাজাৰ টকা, দ্বিতীয় শ্ৰেষ্ঠ বৰ বিহুৱতীলৈ নগদ ছয় হাজাৰ টকা, শ্রেষ্ঠ বিহুৱালৈ নগদ পাঁচ হাজাৰ টকা, শ্রেষ্ঠ ঢুলীয়ালৈ নগদ পাঁচ হাজাৰ টকা, শ্রেষ্ঠ পেঁপাবাদকলৈ নগদ পাঁচ হাজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ'ব। উক্ত মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত সমূহ ওদালগুৰিৱাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে।

Also Read: ভোট দানৰ হাৰ 0 শতাংশঃ নাগালেণ্ডৰ ৬খন জিলাক লাগে পৃথক ৰাজ্য...

udalguri