ছেমি ফাইনেলত ওৰাং জেনিথ ক্লাৱে বেছিমাৰী ডায়মণ্ড ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

ওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি আছে পঞ্চম অসম

author-image
Asomiya Pratidin
New Update
ছেমি ফাইনেলত ওৰাং জেনিথ ক্লাৱে বেছিমাৰী ডায়মণ্ড ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

ওৰাং জেনিথ ক্লাৱে বেছিমাৰী ডায়মণ্ড ক্লাৱক পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ

ডিজিটেল সংবাদ, ওদালগুৰিঃওদালগুৰি জিলা ক্ৰিকেট সন্থাৰ উদ্যোগত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত চলি আছে পঞ্চম অসম প্ৰীমিয়াৰ ক্লাৱ চেম্পিয়নশ্বীপ ক্ৰিকেট প্ৰতিযোগিতা। এই প্ৰতিযোগিতাৰ শনিবাৰে অন্তিমখন ছেমি ফাইনেলত ওৰাং জেনিথ ক্লাৱে বেছিমাৰী ডায়মণ্ড ক্লাৱক ৪৯ ৰাণত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ কৰে।

টছত জিকি বেট ধৰাৰ সিদ্ধান্তৰে ওৰাঙে ৩৬.৪ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২০০ ৰাণ সংগ্ৰহ কৰে। ওৰাঙৰ ভাৰ্গৱ নাথে ৩৮ ৰাণ সংগ্ৰহ কৰাৰ বিপৰীতে বেছিমাৰীৰ মাহমুদ আলমে ৩ টা উইকেট দখল কৰে।

প্ৰত্যুত্তৰত বেছিমাৰীয়ে বেট ধৰি ৩৫.৩ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১৫১ ৰাণত ইনিংছ সামৰে। বেছিমাৰীৰ আবু ছালামে সৰ্বাধিক ২৭ ৰাণ কৰাৰ বিপৰীতে ওৰাঙৰ মুন্না গোৱালাই তিনিটা উইকেট দখল কৰে। প্ৰতিযোগিতাখনিৰ ফাইনেল খেলখন ২ জানুৱাৰীত ওৰাং জেনিথ ক্লাৱ আৰু ওদালগুৰি টাউন স্প'ৰ্টছ্ ক্লাৱৰ মাজত অনুষ্ঠিত হ'ব।

আৰু পঢ়কঃ31st ত দুজন আড্ডাবাজ ব্যক্তি

assam cricket