31st ত দুজন আড্ডাবাজ ব্যক্তি

31st ত দুজন আড্ডাবাজ ব্যক্তি
31st ত দুজন আড্ডাবাজ ব্যক্তি

মৃদুল কুমাৰ সন্দিকৈ

এক কাল্পনিক কথোপকথন ! পাৰ হৈ যোৱা এটা বছৰৰ অৱলোকন। পোৱা-নোপোৱাৰ হিচাপতকৈ সময়ে দি যোৱা আৰু লৈ যোৱাখিনিৰ মূল্যায়ন। সময় আহে, সময় যায়। ইয়াত নতুনত্ব একো নাই। আছে মাথো সময়ৰ হিচাপৰ এক পৰিধি।

সেই কাল্পনিক কথোপকথন যদি ২০২২ ক লৈ দুজন ব্যক্তিৰ মাজত হয় তেনে কথাবোৰ এনেধৰণৰ হ'ব পাৰে।-

প্ৰথম ব্যক্তিঃ সৌ সিদিনা ২০২২ আহিছিল হে। আজি ২০২২ ৰ অন্তিমটো দিন। চকুৰ পছাৰতে সময় কেনেকৈ পাৰহৈ গ'ল গমকে নাপালো।

দ্বিতীয় ব্যক্তিঃ সময় এনেকুৱাই। আহিব, যাব। নতুন বুলি আদৰি লোৱা ২০২৩ বৰ্ষটোৱেও এনেকৈয়ে মেলানি মাগিব।

প্ৰথম ব্যক্তিঃ বছৰটোৰ অন্তিমটো দিনত মুখ্যমন্ত্ৰীয়ে কি কৰিলে দেখিলা?

দ্বিতীয় ব্যক্তিঃ মই ব্যস্ততাৰ বাবে খবৰে ল'ব পৰা নাই। পুৱাই মাছ বিচাৰি গ'লো। চিতল মাছৰ কেজি হাজাৰ টকা।

প্ৰথম ব্যক্তিঃ দিল্লীত কেবিনেট পাতি মুখ্যমন্ত্ৰীয়ে বৰ আৱেগিক ভাৱে ঘোষণা কৰিলে ৪খন জিলা পুনৰ মহকুমা হ'ব। বিশ্বনাথ, হোজাই, বজালী আৰু তামুলপুৰক সংলগ্ন কৰা হৈছে শোণিতপুৰ, নগাওঁ, বৰপেটা আৰু বাক্সাত।

দ্বিতীয় ব্যক্তিঃ কি কিয় আপুনি? অদ্ভুত সিদ্ধান্ত। তাতে বছৰটোৰ শেষৰ দিনটোত। এয়াহে উপহাৰ দিলে নেকি মুখ্যমন্ত্ৰীয়ে?

প্ৰথম ব্যক্তিঃ আচৰিত হ'বলগীয়া একো নাই। সকলোতে কিছু অংক বা সমীকৰণ থাকে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ সৈতে এইবোৰ কথা জড়িত হ'ব পাৰে।

দ্বিতীয় ব্যক্তিঃ নাজানো পায়। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বহু কেইটা ভাল কাম ২০২২ বৰ্ষত কৰিলে। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ ধন বঢ়ালে। ১৮ খন নতুন মেডিকেল কলেজ নিৰ্মাণ, হাজাৰ হাজাৰ নিৱনুৱাক চাকৰি আৰু কেবিনেট পাতি ইমানবোৰ যুগান্তকাৰী ঘোষণা কৰিছে মই ভাল পাইছো।

প্ৰথম ব্যক্তিঃ ভাল আমিও পাইছো। কিন্তু ঋণৰ পৰিমাণ ৰাজ্যৰ কিমান হৈছে সেই ফালেও এবাৰ চকু দিব। এই বিত্তীয় বৰ্ষত ১৭,১৪৮,৪১ কোটি ঋণৰ উপৰিও আৰু ঋণ লোৱাৰ পৰিকল্পনা কৰিছে। হিতাধিকাৰী সৃষ্টি কৰিছে। জনমোহিনী আঁচনি ইখনৰ পিছত সিখন উপহাৰ দিছে। সফলতা আৰু উন্নয়নৰ জয়গান গাইছে।

দ্বিতীয় ব্যক্তিঃ উন্নয়ন কৰিবলৈ ধনৰ প্ৰয়োজন হ'বই।

প্ৰথম ব্যক্তিঃ সেইবুলি ধাৰ লৈ মানুহে ঘিউ খালে তাৰ পৰিনাম কিন্তু ভাল নহয়।

দ্বিতীয় ব্যক্তিঃ কামটো হৈয়ে আছে। উৰণীয়া সেতু নিৰ্মাণ হৈছে, মুখ্যমন্ত্ৰীয়ে আৰু কিমান দিব?

প্ৰথম ব্যক্তিঃ এইবোৰ কথা এতিয়া আপেক্ষিক ভাৱে ভাল-বেয়া বুলি কৈ দিব নোৱাৰি। ৬ জনগোষ্ঠীৰ জনজাতিকৰণ কি হ'ল? মূল্যবৃদ্ধিৰ প্ৰতিৰোধ হৈছেনে? বাদ দিয়ক এইবোৰ ৰাজনীতিৰ কথা। পাৰ হ'বলগা বছৰ এটা পাৰ হৈ যাব।

দ্বিতীয় ব্যক্তিঃ তাকেহে। বিশ্বৰ প্ৰেক্ষাপটত অৰ্থনৈতিক দৃষ্টিৰে ২০২২ বৰ্ষটো কিন্তু বৰ সংকটাপূৰ্ণ আছিল। ২০০৮ ত বিশ্বৰ নব্য উদাৰ অৰ্থনীতিয়ে ২০২২ ত ঘূৰ্ণীৰ সৃষ্টি কৰিলে। শুনিছো ২০২২-২৩ বিত্তীয় বৰ্ষৰ বিশ্বৰ জি ডি পি গড় বিকাশ ২.২ শতাংশলৈ হ্ৰাস হ'ব।

প্ৰথম ব্যক্তিঃ অৰ্থনীতিৰ কথা মই বিশেষ নাজানো। ইংলেণ্ডৰ দশাই চাওকচোন। এদিন বিশ্ব শাসন কৰা এই দেশখনৰ অৰ্থনীতি গভীৰ মণ্ডাত। আমেৰিকাৰ দৰে ৰাষ্ট্ৰৰো জি ডি পি হ্ৰাস হ'ব বুলি ভৱিষ্যতবাণী কৰা হৈছে।

দ্বিতীয় ব্যক্তিঃ আপুনি নাজানো নাজানো বুলি বহু কথাই জানেচোন। ব্ৰিটেইনত মুদ্ৰাস্ফীতি যোৱা ৪০ বছৰৰ ভিতৰত সৰ্বাধিক হ'ল। ১১.১১ শতাংশ মুদ্ৰাস্ফীতিৰ হাৰ।

প্ৰথম ব্যক্তিঃ আনদেশৰ কথা থওক। আমাৰ দেশৰে মুদ্ৰাস্ফীতি ঠিকেই আছে বুলি আপুনি ভাবেনে? কোভিড, লকডাউ এইবোৰৰ পাছত ভাৰতৰো অৱস্থা থৰকবৰক। এনেনো ৰাজহুৱা সম্পত্তিবোৰ বিকিবলগা হৈছেনে?

দ্বিতীয় ব্যক্তিঃ এইবোৰ কথা ভাবিলে পাৰ নাপাও বুজিছো। নতুন বছৰটো আহিব, এক বাস্তৱমুখী পৰিৱৰ্তনৰ আশা কৰো। অসমীয়া ভাষা, সাহিত্যৰ বিকাশ হওক সেয়াই মনে প্ৰাণে ভাবো।

প্ৰথম ব্যক্তিঃ ভাষা-সাহিত্যৰ কথা ক'লেই অসম সাহিত্য সভাৰ সভাপতিসকলৰ মুখখন ভাহি আহে। এইবাৰ সাহিত্য সভাৰ সভাপতি কোন হ'ল সেই কথা সুধিবলৈও কিবা লাজ লগাৰ দৰে হ'ল।

দ্বিতীয় ব্যক্তিঃ হয়হে, যিজন জিকিব লাগে তেওঁ হাৰিল। যিজন হাৰিব লাগিছিল তেওঁ জিকিল।

প্ৰথম ব্যক্তিঃ আৰু এটা কথা আপুনি মন কৰিছেনে?

দ্বিতীয় ব্যক্তিঃ কি কথা?

প্ৰথম ব্যক্তিঃ এইবাৰহে সাহিত্য সভাৰ সভাপতি নিৰ্বাচনত দেখিলে পৰাজয় হোৱা প্ৰাৰ্থীজনৰ বন্দনা চলিছে আৰু জয়ী হোৱা প্ৰাৰ্থীজনক বিভিন্নজনে লাঞ্চনা কৰিছে।

দ্বিতীয় ব্যক্তিঃ সকলোতে যেন এতিয়া কিবা এটা শূন্য। ৩১ ডিচেম্বৰৰ এই ক্ষণটোত এইবোৰ কথা আৰু কিমান পাতিব। বহুতে আশাৰ মৰিচিকা খেদি বিদায় দিলে ২০২২ক।

প্ৰথম ব্যক্তিঃ মই ডায়েৰীখন খুলি চাইছিলো কালি। বিশ্বৰ প্ৰেক্ষাপটত, ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সংঘটিত বহু কথা লিখি ৰাখিছিলো। ২০২২ ৰ প্ৰথম মাহটোতে জানো ম্যানমাৰত গণতন্ত্ৰ প্ৰতিষ্ঠা কৰা আং চান চ্যুকিক ৪ বছৰৰ কাৰাদণ্ড দিয়া নাইনে? তাৰ পিছত ফেব্ৰুৱাৰীত আহিল ডাঙৰ এক উৎকণ্ঠা। ২৪ ফেব্ৰুৱাৰী ২০২২ত ৰাছিয়াই ইউক্ৰেইনক আক্ৰমণ কৰিলে।

দ্বিতীয় ব্যক্তিঃ সেই যুদ্ধটো এতিয়াও অন্তয়েই পৰা নাই। আমাৰ চুবুৰীয়া শ্ৰীলংকাতেই জানো কমখন হ'ল। বিদেশী ঋণত ডুব যোৱা দেশখনৰ পৰা স্বয়ং ৰাষ্ট্ৰপতিয়েই পলাবলগীয়া হ'ল।

প্ৰথম ব্যক্তিঃ টুইটাৰে বিক্ৰী কৰি দিলে, এলন মাস্কে কিনি থলে। এটকা, দুটকা নহয় ৪৪ বিলিয়ন ডলাৰত তেওঁ টুইটাৰ নামৰ মাইক্ৰ'ব্লগিং চাইটটো কিনি থলে।

দ্বিতীয় ব্যক্তিঃ আপুনিও ভাল খবৰ ৰাখেহে। মোৰ ইমান খবৰ নাথাকে। এইবোৰ খবৰ খবৰহৈ ৰৈ গ'ল। ফৰাচী সাহিত্যিক আনি আনাওৱে ন'ৱেল পালে। সেইটো খবৰ কিন্তু মনত আছে।

প্ৰথম ব্যক্তিঃ আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ পৰা দুজনে নৱেল পাইছে। এজনে অৰ্থনীতিত, আনজনে সাহিত্যিত। অৰ্মত্য সেন, আৰু ৰবীন্দ্ৰনাথক লৈ তেওঁলোকে গৌৰৱ কৰে।

দ্বিতীয় ব্যক্তিঃ আপুনি ক'ব বিচাৰিছে কি?

প্ৰথম ব্যক্তিঃ আমাৰ অসমলৈও যদি এনে এটা খবৰ আহিল হেতেন ! এজন অসমীয়াই নৱেল পাইছে।

দ্বিতীয় ব্যক্তিঃ এই প্ৰেক্ষাপটত নহ'ব। আমি কেৱল আশা কৰো। কাম নকৰো।

প্ৰথম ব্যক্তিঃ তাৰ মাজতে মোৰ ২০২২ ত ভাল লগা অনুভৱটো হ'ল নীলমণি ফুকনলৈ জ্ঞানপীঠ।

দ্বিতীয় ব্যক্তিঃ গুণীজনক যোগ্য সন্মান। কিন্তু পলন কৰিলে।

প্ৰথম ব্যক্তিঃ আমি কথাবোৰ অনুভৱ কৰোতেই বহু দেৰি কৰো। তাৰ পাছত যেতিয়াসেইটো কৰিব লাগে বুলি ভাৱো তেতিয়া বহু পলম হৈ যায়।

দ্বিতীয় ব্যক্তিঃ ৰ'বচোন। এইখিনিতে কথা এটা সুধো। চিনেমা চাইনে নাই আপুনি?

প্ৰথম ব্যক্তিঃ চাইছিলো। এতিয়া নাচাও।

দ্বিতীয় ব্যক্তিঃ কিয়?

প্ৰথম ব্যক্তিঃ চাবপৰা চিনেমা হ'লে মই প্ৰচাৰ নকৰিলেও চাবলৈ যাও। কিন্তু মিছা এসোপামান আৱেগ সৃষ্টিৰে আমাৰ 'বন্ধু'ৱে কি কৰিলে দেখা নাই? পাব্লিচিটিৰ নামত ইমান ষ্টাণ্ট ! অভাৰ এক্টিং হ'ল। চিনেমাতো প্ৰচাৰতো।

দ্বিতীয় ব্যক্তিঃ নাই নাই ভাল চিনেমা এইবাৰ ওলাইছে। হেৰি অভিলেখ হৈছে বোলে এইবাৰ অসমীয়া চিনেমা। ৩০ খন নে কিমান ৰিলিজ হ'ল। অসমীয়া আৰু জনগোষ্ঠীয় ছবি এইবোৰ।

প্ৰথম ব্যক্তিঃ ডাক্তৰ বেজবৰুৱা-২ খন নতুন বছৰত ৰিলিজ দিব। বেয়া লাগে ছবিখন কৰিও এবাৰ ভালকৈ চাই যাব নাপালে নিপন গোস্বামীয়ে। গুছি গ'ল তেওঁ ২০২২ বৰ্ষতেই।

দ্বিতীয় ব্যক্তিঃ আৰু কি কি ৰিলিজ হৈছিল এইবাৰ অসমীয়া চিনেমা?

প্ৰথম ব্যক্তিঃ আলফেডৰ একলব্য, কামাণ্ডোছ, ৰাইনো এক্সপ্ৰেছ, লোকেল উৎপাত, এমুঠি পুঠি, জনক নন্দিনী, বুলু ফিল্ম, চেমখৰ, বোম্বা ৰাইডছ, ছিজৌ, বেলকনিত ভগৱান, লংকাকাণ্ড, মেড ইন নলবাৰী, ভোলা বম ভোলা, ব্ৰীজ আদি কিমান নাম ল'বা !

দ্বিতীয় ব্যক্তিঃ এতিয়াটো ৰাজনীতিৰ বতৰ। 'ৰাজনীতি' পাৰ্ট -১। শুনিছো চিনেমাখন বেয়া হোৱা নাই। লোকেল উৎপাত, বুলু ফিল্মেও ভাল কৰিছে। বোম্বা ৰাইডছখনে আন্তঃৰাষ্ট্ৰীয় পৰ্যাত সন্মান বুটলিলে।

প্ৰথম ব্যক্তিঃ এইবোৰহে ভাল খবৰ। আমি সদায় নেতিবাছক কথা বতৰাত লাগি থাকো। এই ইৰাণৰ হিজাব বিতৰ্ক, ক'ত উচ্ছেদৰ নামত সাম্প্ৰদায়িকতাৰ বীজ চটিওৱা হৈছে সেইবোৰ খবৰৰ মাজত এই ভাল খবৰবোৰে ঠাই নাপায়।

দ্বিতীয় ব্যক্তিঃ ভাল বেয়া সকলো কথাই চৰ্চা হ'ব লাগে। ভালক অনুকৰণ বেয়াক বৰ্জন কৰাই মংগল।

প্ৰথম ব্যক্তিঃ এইখিনিতে মোৰ আৰু এটা কথা মনত পৰিছে। বিশ্বৰ সংগীত জগতৰে এক প্ৰসিদ্ধ কণ্ঠ আছিল লতা মাংগেশকাৰ। কুকীলকণ্ঠি গায়িকাগৰাকীক আমিটো ২০২২ ৰ ৬ ফেব্ৰুৱাৰীতেই চিৰ বিদায় দিবলগীয়া হ'ল।

দ্বিতীয় ব্যক্তিঃ অস্কাৰ বিজয়ী চিডনী পুইতিয়াৰ, বিৰ্জু মহাৰাজ, ইংলেণ্ডৰ ৰাণী এলিজাবেথৰ পৰা আৰম্ভ কৰি আমি বহু ব্যক্তিসত্বাক হেৰুৱালো।

প্ৰথম ব্যক্তিঃ আমাৰ অসমৰে বশিষ্ঠ দেৱ শৰ্মা, নীলপৱন বৰুৱা, পুলক গগৈ, শিৱনাথ বৰ্মন, গৰিমা হাজৰিকা, অতুলানন্দ গোস্বামী, অপূৰ্ব বেজবৰুৱা আঁতৰি গ'ল এই বিদয়ী বছৰটোতে।

দ্বিতীয় ব্যক্তিঃ দুখজনক কথাটো কি জানে? চাইৰাছ মিস্ত্ৰী আঁতৰি গ'ল পথ দুৰ্ঘটনাত। বাপ্পী লাহিড়ীকো আমি হেৰুৱালো। আৰু গান গাই থাকোতেই অসুস্থ হৈ চিকিৎসালয়লৈ নিয়াৰ পথত মৃত্যু হ'ল বলিউডৰ যশস্বী কণ্ঠশিল্পী কেকেৰ।

প্ৰথম ব্যক্তিঃ আমি আজি টিভিৰ ষ্টুডিঅ'ত বছৰটোৰ পোষ্টমৰ্টেম কৰাৰ দৰে কথাবোৰ পাতিছো।

দ্বিতীয় ব্যক্তিঃ কেতিয়াবা দুজন ব্যক্তিৰ মাজতো এনে কথাবোৰ পাতি ভাল লাগে। ২০২২ ত মহাবিশ্বত আৱিষ্কাৰ হ'ল পৃথিৱী সদৃশ গ্ৰহ। কোৱাণ্টাম অনুসন্ধানে নতুন মাত্ৰা লাভ কৰিলে। কৰ্কট ৰোগ নিৰাময়ৰ ঔষধ আৱিষ্কাৰ ডাঙৰ কথা।

প্ৰথম ব্যক্তিঃ প্ৰতিটো খবৰেই গুৰুত্বপূৰ্ণ। যেনেকৈ আমাৰ বাবে নয়নমণি শইকীয়াই বাৰ্মিংহাম কমনৱেলথ গেমছত সোণৰ পদক জিকাটো এক ডাঙৰ প্ৰাপ্তি। এছিয়ান গেমছত লাভলীনাই সোণৰ পদক, শিৱ থাপাই ব্ৰঞ্জৰ পদক পালে। অম্লান বৰগোহাঁইয়ে দেশৰ দ্ৰুততম মানৱ ৰূপে স্বীকৃতি পালে।

দ্বিতীয় ব্যক্তিঃ সেয়াই আমাৰ প্ৰাপ্তি। নপাতো নাপাতো কৈ বহু কথা পাতিলো। বিদায় বছৰটোৰ ঘটনাবোৰৰ হিচাপেই কৰি পেলালো।

প্ৰথম ব্যক্তিঃ হয়, আজি ফুৰ্তি তামাছাৰ দিন। কথাবোৰ ইমানতেই সামৰো।

দ্বিতীয় ব্যক্তিঃ নিশ্চয়। এৰাৰ আগতে আপোনাক জনালো নৱ বৰ্ষৰ আগতীয়া শুভেচ্ছা। ৰাতি নেটৱৰ্কে কি বিহু দেখুৱাই বা আপোনাক ফোনত পাম নে নাই তাৰ কি নিশ্চয়তা আছে !

প্ৰথম ব্যক্তিঃ ধন্যবাদ, আপোনালৈও থাকিল নৱ বৰ্ষৰ শুভেচ্ছা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in