মহানগৰীত দুগৰাকী বহি:ৰাজ্যৰ মহিলাৰ ধন লুটিলে দুৰ্বৃত্তই

মহানগৰীত দুগৰাকী বহি:ৰাজ্যৰ মহিলাৰ ধন লুটিলে দুৰ্বৃত্তই

ডিজিটেল ডেস্ক : মহানগৰীত সংঘটিত হ'ল এক চাঞ্চল্যকৰ ঘটনা । দাবী ধমকিৰে বহি: ৰাজ্যৰ দুই মহিলাৰ ধন কাঢ়ি নিলে দুৰ্বৃত্তই । এই ঘটনা সংঘটিত হয় সোমবাৰে সন্ধিয়া গুৱাহাটী মহানগৰীত ।

মণিপুৰৰ পৰা বহন ক্ৰয় কৰিবলৈ অহা দুগৰাকী মহিলাক চুৰী দেখুৱাই মৃত্যুৰ ভাবুকীৰে কাঢ়ি নিলে প্ৰায় ৩ লাখ টকা, মোবাইল ফোন আৰু আধাৰ কাৰ্ড ।

উল্লেখ্য যে, মণিপুৰৰ পৰা যশোদা পৌডাল আৰু যশোদা বাচনেত নামৰ দুগৰাকী মহিলা গুৱাহাটীলৈ আহিছিল বাহন ক্ৰয় কৰিবলৈ । সোমবাৰে আবেলি ৩ বজাত গুৱাহাটী ৰে'ল ষ্টেচনত উপস্থিত হোৱা মহিলা দুগৰাকীক সন্ধিয়া প্ৰায় ৬ বজাত বাহন দেখুৱাবলৈ লৈ গৈছিল দুজন ব্যক্তিয়ে । এখন ব্যক্তিগত বাহনত লৈ যোৱা ব্যক্তি দুজনে শৰাইঘাট দলং অতিক্ৰম কৰি জনশূণ্য এক এলেকাত হত্যাৰ ভাবুকিৰে  কাঢ়ি লয় ৩ লাখ টকা ।

এই সন্দৰ্ভত মহিলা দুগৰাকীয়ে দিয়া ভাষ্য অনুসৰি, বাহন খনৰ ড্ৰাইভাৰে পথত আন তিনিজন ব্যক্তিক সংগী কৰিছিল এই অপৰাধ সংঘটিত কৰিবৰ বাবে । ইয়াৰ ওপৰিও মহিলা দুগৰাকীক বাহন দেখুৱাবলৈ নিয়াৰ কথা কোৱা হৈছিল ৯৩৯৪৬১৯৭১২ নম্বৰৰ পৰা । এই বৃহৎ সংখ্যক ধন আৰু মোবাইল ফোন হেৰুৱাই বিবুধিত পৰা মহিলা দুগৰাকীয়ে পৰৱৰ্তী সময়ত যোগাযোগ কৰে আৰক্ষীৰ সৈতে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in