জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ...

জনগোষ্ঠীয় ঐক্য মঞ্চৰ অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ...

ডিজিটেল ডেস্ক : ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত জনগোষ্ঠীয় ঐক্য মঞ্চই  মঙলবাৰে আহ্বান কৰা অসম বন্ধৰ মিশ্ৰিত প্ৰভাৱ দেখা গ'ল উজনি অসমত । অসম আৰক্ষীয়ে কোনো ধৰণৰ হিংসাত্মক কাৰ্যকলাপত লিপ্ত নহ'বলৈ কৰা আহ্বানৰ প্ৰতি লক্ষ্য ৰাখি দল-সংগঠন সমূহে সম্পূৰ্ণ শান্তিপূৰ্ণ ভাৱে পালন কৰিলে বন্ধ ।

অৱশ্যে উজনি অসমৰ ঠায়ে ঠায়ে টায়াৰ জ্বলাই প্ৰতিবাদ কৰা দেখা গ'ল প্ৰতিবাদকাৰী সকলক । ইয়াৰ সৈতেই দুৰণিবটীয়া যান বাহনৰ চলাচল তথা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ হৈ পৰা দেখা গ'ল লক্ষীমপুৰৰ বহু এলেকাত ।

উল্লেখ্য যে, বন্ধৰ ফলত হ'ব পৰা সকলো ক্ষয়-ক্ষতিৰ বিৱৰণৰ সৈতে আৰক্ষী বিভাগে ইতিমধ্যেই দল-সংগঠন সমূহলৈ প্ৰেৰণ কৰিছিল একোখনকৈ পত্ৰ । ইয়াৰ ওপৰিও কোনো অবাঞ্চিত ঘটনাৰ ফলত হ'ব পৰা ক্ষতিৰ সম্পূৰ্ণ দ্বায়িত্ব দল-সংগঠন সমূহে ল'ব লাগিব বুলিও জনায় আৰক্ষী বিভাগে ।

জৰুৰীকালীন সেৱা সমূহৰ ওপৰত এই বন্ধ লাঘু নহয় যদিও শিক্ষানুষ্ঠান সমূহক পাঠদানৰ পৰা বিৰত থকা দেখা যায় আজিৰ এই বন্ধৰ বাবে ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in