এক ফুল দুই মালি ! স্বামীক লৈ দই পত্নীৰ ৰাজপথত চুলিয়াচুলি...

এক ফুল দুই মালি ! স্বামীক লৈ দই পত্নীৰ ৰাজপথত চুলিয়াচুলি...

author-image
Asomiya Pratidin
New Update
 এক ফুল দুই মালি ! স্বামীক লৈ দই পত্নীৰ ৰাজপথত চুলিয়াচুলি...

এক ফুল দুই মালি ! স্বামীক লৈ দই পত্নীৰ ৰাজপথত চুলিয়াচুলি...

ডিজিটেল সংবাদ নগাঁও : নগাঁৱৰ ৰাজপথত দুই মহিলাৰ দুৰ্বাদল কাজিয়া ৷ এগৰাকী মহিলাই আনগৰাকী মহিলাক চুলিত ধৰি ৰাজপথতে বগৰাই দিছে ৷ পথৰুৱাৰ খোজ ৰ’ল কাজিয়া দেখি ৷

Advertisment

এগৰাকী মহিলাই আনগৰাকী মহিলাক আক্ৰমণৰ লক্ষ্য কৰি লৈছে ৷ মহিলাগৰাকীৰ আক্ৰমনৰ পৰা হাত সাৰিব পৰা নাই এজন পুৰুষেও ৷ আৰক্ষীয়ে মহিলাগৰাকীক ধমক দিবলগীয়া হৈছে ৷ আৰক্ষীকো কেৰেপ নকৰে মহিলাগৰাকীয়ে ৷ মহিলা আৰক্ষীয়েও বাধা দিছে মহিলাগৰাকীক মাৰধৰ কৰাত ৷

নগাঁও চহৰৰ ব্যস্তাপূৰ্ণ এলেকা কেঞাপট্টিত মহিলাই মহিলাক আক্ৰমণ কৰাৰ ঘটনাই বহুতক আমোদ দিলে যদিও বহুতকে লজ্জানত কৰিলে ৷ ৰাজহুৱা স্হানত মাৰপিটৰ ঘটনাই সমাজৰ বিশৃখলতাত ডাঙি ধৰিলে ৷ আৰক্ষীয়ে পিছত পুৰুষ জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ যাব লগা ঘটনাও ঘটিল ৷

জানিব পৰা মতে নগাঁও চহৰৰ এগৰাকী বিবাহিত মহিলাই সন্ধানহীন স্বামীৰ সন্ধান লাভ কৰিছিল চহৰখনৰ কেঞাপট্টি এলেকাত ৷ কিছু দিন ধৰি সন্ধানহীন হৈ আছিল স্বামী আজমল হুছেইন ৷

আজমলে প্ৰথমা পত্নী থকাৰ পিছত গোপনে দ্বিতীয় বিবাহত আবদ্ধ হৈছিল ৷ দ্বিতীয়া পত্নী লৈ ভুৰাগাঁৱত পলাই থকাৰ পিছত প্ৰথমা পত্নীয়ে স্বামীক উদ্ধাৰ কৰি আনিছিল যদিও পুনৰ স্বামী সন্ধানহীন হৈ পৰে ৷

শনিবাৰে বিয়লি স্বামীৰ সন্ধান লাভ কৰি চহৰখনৰ কেঞাপট্টিত হাজিৰ হয় মহিলাগৰাকী ৷ স্বামী আজমলৰ লগত দ্বিতীয়া পত্নী ৷ দ্বিতীয়া পত্নীক লৈ আজমলে পৰিকল্পনা কৰিছিল যোৰহাটলৈ পলাই যোৱাৰ ৷ সেয়ে প্ৰথম পত্নীয়ে স্বামীক উদ্ধাৰ কৰি সংসাৰ ৰক্ষা কৰিবলৈ জপিয়াই পৰে সতিনীৰ ওপৰত ৷

ক্লিক কৰি পঢ়কঃ BCCI ৰ পৰীক্ষা ! অসমৰো আছে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সক্ষমতা...

নগাওঁ