BCCI ৰ পৰীক্ষা ! অসমৰো আছে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সক্ষমতা...

BCCI ৰ পৰীক্ষা ! অসমৰো আছে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সক্ষমতা...
BCCI ৰ পৰীক্ষা ! অসমৰো আছে বিশ্বকাপ অনুষ্ঠিত কৰাৰ সক্ষমতা...

তুষাৰ প্ৰতিম

৪০ হাজাৰ দৰ্শকেৰে ভৰি আছে ষ্টেডিয়াম। সকলোৱে সমস্বৰে চিঞৰিছে ইণ্ডিয়া, ইণ্ডিয়া আৰু ইণ্ডিয়া। মাজে মাজে আকৌ কিং কোহলি, স্কাই, ঈষাণ কিষাণ ! সকলোৰে হাতত জাতীয় পতাকা আৰু গামোচা ! তীব্ৰ উত্তেজনা।

তাৰ মাজতে আকৌ মুহূৰ্ততে গোটেই ষ্টেডিয়ামত নিৰ্জনতা। কিছু সময়ৰ আগলৈকে খেল পথাৰত ৬/৪ ৰ কোবাই উত্তেজনাৰ সৃষ্টি কৰি থকা বিৰাট, ৰোহিত, ঈশাণ অথবা আন কোনোবা এজন অপ্ৰত্যাশিত ভাৱে আউট হৈ পেভিলিয়নলৈ ঘূৰি আহিছে।

এটা, দুটা অভাৰ পুনৰ ৰাণৰ বাবে সংগ্ৰাম। ক্ৰিজট ১০/১৫ মিনিট অতিবাহিত কৰাৰ পিছতে এইবাৰ আকৌ কে এল ৰাহুল অথবা শুভমণ গিলে কোবাবলৈ আৰম্ভ কৰিছে দীঘল দীঘল ৬/৪। স্ক'ৰ বৰ্ডত ৰাণৰ এটা পাহাৰ হোৱাৰ দিশে আগবাঢ়িছে।

ৰাহুলৰ পিছত আকৌ সূৰ্য কুমাৰ যাদৱ আৰু পাণ্ডিয়াই আহি এফালৰ ধুই গৈছে প্ৰতিপক্ষৰ প্ৰতিজন বলাৰক। ২০/২৫ বলতেই সম্পূৰ্ণ কৰিছে অৰ্ধশতক। অথবা ৬ টা বলতেই ৬ কোবাই অভিলেখৰ উপৰি সৃষ্টি কৰিছে অভিলেখ !

৫০ টা অভাৰত পৰ্বতসম স্ক'ৰ গঢ়ি তুলিছে ভাৰতে। এই মেচখন যদি এদিনীয়া বিশ্বকাপৰ ফাইনেলৰ হয় ! বাৰু ফাইনেল নালাগে, যদি ছেমি ফাইনেলৰেই মেচ হয়? অথবা এই উত্তেজনাপূৰ্ণ মেচখন এদিনীয়া বিশ্বকাপৰ কোৱাৰ্টাৰ ফাইনেলৰ হয়? যদি মেচখনৰ ভ্যেনু গুৱাহাটীৰ বৰ্ষাপাৰা হয়?

ভাবিলে কথাবোৰ কিবা সপোন সপোন লাগে। আজিৰ তাৰিখত গুৱাহাটীত আই চি চিৰ এদিনীয়া বিশ্বকাপ অনুষ্ঠিত হ'ব বুলি কোনেও নাভাবিলেও, সকলো ঠিকেই থাকিলে সেয়া কিন্তু অসম্ভৱ নহয়। গুৱাহাটীও হ'ব পাৰে এদিনীয়া বিশ্বকাপৰ অন্যতম ভ্যেনু।

যদি কোনোবাই এইখিনিতে প্ৰশ্ন উত্থাপন কৰে গুৱাহাটীয়ে বিশ্বকাপ অনুষ্ঠিত কৰিব পাৰিব জানো? তেন্তে সেই প্ৰশ্নৰ উত্তৰ দিয়াৰ পূৰ্বে আন এক প্ৰশ্ন স্বাভাৱিকতে উত্থাপন হ'ব। কিয় গুৱাহাটীয়ে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰিব নোৱাৰিব?

গুৱাহাটীত কি নাই? অসম ক্ৰিকেট সন্থাৰ আছে বৰ্ষাপাৰাত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন উন্নতমানৰ ষ্টেডিয়াম। ইয়াৰ আন্তঃগাঁথনি অতি উন্নত। আধুনিক প্ৰযুক্তিগত চিন্তাৰে নিৰ্মিত আউটফিল্ড। মুহূৰ্ততে শুকুৱাব পাৰি আউটফিল্ডৰ পানী।

গুৱাহাটীয়ে অতিথিক আদৰিব পাৰে। ৰাখিবলৈ উন্নত ব্যৱস্থা কৰি দিব পাৰে। আছে তাৰকাযুক্ত হোটেল। সুৰক্ষাৰ দিশটো চাবলৈ আছে অসম আৰক্ষীৰ লগতে আন আন সুৰক্ষা বাহিনী।

সৰ্বোপৰি অসমত আছে দেশৰ আন প্ৰান্তৰ দৰেই ক্ৰিকেট অনুৰাগী। অসমৰো ক্ৰিকেট অনুৰাগীয়ে দেহত অংকন কৰি ল'ব পাৰে ভাৰতীয় জাতীয় পতাকাৰ তিনিওটা ৰং। হাতত জাতীয় পতাকা লৈ ষ্টেডিয়াম গিজগিজাই থাকিব পৰাকৈ অসমৰো আছে ক্ৰিকেট বলিয়া এসোপা মানুহ।

যিয়ে ক্ৰিকেট মেচ গুৱাহাটীত বিচাৰি চিঞৰি আহিছে। অসম ক্ৰিকেট সন্থাও শক্তিশালী। বি চি চি আইত অসমৰো আছে প্ৰতিনিধি। গতিকে অসম বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰিব পৰাকৈ সক্ষম হৈ আছে।

এই সকলোবোৰ দিশৰ ইতিমধ্যে প্ৰমাণ হৈ গৈছে। সৌ সিদিনা বৰ্ষাপাৰাত অনুষ্ঠিত হৈ যোৱা ভাৰত বনাম দক্ষিণ আফ্ৰিকাৰ মেচত দেখা গৈছিল ক্ৰিকেট অনুৰাগীৰ উন্মাদনা। তাৰ পূৰ্বে আকৌ শ্ৰীলংকাৰ বিপক্ষেই অনুষ্ঠিত হোৱা আন এখন টি-২০তো দেখা গৈছিল অনুৰূপ উত্তেজনা।

অৱশ্যে খেল অনুষ্ঠিত হোৱাৰ পূৰ্বেই এজাক বৰষণুৰ বাবে বাতিল কৰিবলগীয়া হৈছিল সেই মেচখন। তথাপিও ষ্টেডিয়ামত দেখা পোৱা গৈছিল ক্ৰিকেট অনুৰাগীৰ উন্মাদনা, উত্তেজনা। সেয়া আছিল টি-২০ ৰ কথা।

এইবাৰ এদিনীয়া। দিবা, নৈশ এই এদিনীয়া মেচ কিমান সফলতাৰে অনুষ্ঠিত কৰিব পাৰে তাৰ ওপৰতে নিৰ্ভৰ কৰিব অসম ক্ৰিকেটৰ ভৱিষ্যত। ভৱিষ্যত মানে অসমে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ লাভ কৰিব নে নাই।

২০২৩ ৰ শেষৰ ফালে ভাৰতৰ মাটিত অনুষ্ঠিত হ'ব এদিনীয়া ক্ৰিকেট বিশ্বকাপ। এই বিশ্বকাপৰ বাবে ভাৰতে প্ৰস্তুতি আৰম্ভ কৰিছে। এতিয়াও অৱশ্যে এই বিশ্বকাপৰ মেচসমূহৰ বাবে ভ্যেনু নিৰ্দিষ্ট কৰা হোৱা নাই।

অসমে ইতিমধ্যে সফলতাৰে টি-২০ মেচ অনুষ্ঠিত কৰিছে। এইবাৰ ভাৰত ভ্ৰমণলৈ অহা শ্ৰীলংকা দলটোৱে ভাৰতৰ মাটিত টি-২০ আৰু এদিনীয়া শৃংখলাত অংশ লৈছে। বি চি চি আইয়ে এইবাৰ গুৱাহাটীক টি-২০ অনুষ্ঠিত কৰাৰ বিপৰীতে দিছে এদিনীয়া মেচ অনুষ্ঠিত কৰাৰ সুযোগ।

বিশ্বকাপৰ পূৰ্বে গুৱাহাটীত বি চি চি আইয়ে এদিনীয়া মেচ অনুষ্ঠিত কৰাৰ সুযোগ দিয়াৰ অন্তৰালত অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈয়ে বিচাৰি পাইছে এক ইংগিত। তৰংগ গগৈৰ মতে বি চি চি আইয়ে অসম ক্ৰিকেট সন্থাক পৰীক্ষামূলক ভাৱে এদিনীয়া মেচ অনুষ্ঠিত কৰাৰ সুযোগ দিছে।

যদিহে সফলতাৰে অসম ক্ৰিকেট সন্থাই এই এদিনীয়া মেচ অনুষ্ঠিত কৰিব পাৰে তেন্তে অসমে হয়তো পাব পাৰে বিশ্বকাপৰ মেচ অনুষ্ঠিত কৰাৰ সুযোগ। কিয়নো বি চি চি আইত এতিয়া আছে অসমৰ প্ৰতিনিধি।

পূৰ্বৰ অসম ক্ৰিকেট সন্থাৰ সম্পাদক দেৱজিত শইকীয়াই বি চি চি আইৰ যুটীয়া সম্পাদক। বি চি চি আইৰ সচিব জয় শ্বাহৰ লগতো আছে তেওঁৰ সু-সম্পৰ্ক। সেয়ে এইবাৰ বিশ্বকাপৰ মেচ অসমত অনুষ্ঠিত কৰাৰ সম্পূৰ্ণ সুযোগ আছে।

কিন্তু এইসকলোবোৰ নিৰ্ভৰ কৰিব শ্ৰীলংকাৰ বিৰুদ্ধে অনুষ্ঠিত হ'বলগীয়া এদিনীয়া মেচখনৰ সফলতাৰ ওপৰত। এই পৰ্যন্ত এই মেচখনৰ বাবে নিৰ্ধাৰিত ৪০ হাজাৰ টিকটৰ প্ৰায় ২৫ হাজাৰ টিকট শেষ হৈছে।

বুক মাই শ্ব'ৰ জৰিয়তে অনলাইন মাধ্যমেৰে ক্ৰিকেট অনুৰাগীয়ে টিকট সংগ্ৰহ কৰাৰ উপৰিও নেহেৰু ষ্টেডিয়ামতো দি থকা হৈছে মেচখনৰ টিকত। অসম ক্ৰিকেট সন্থাৰ সভাপতি তৰংগ গগৈ আৰু বি চি চি আইত অসমৰ প্ৰতিনিধি তথা যুটীয়া সম্পাদক দেৱজিত শইকীয়াই বিচাৰিছে ৰাইজৰ সহাৰি।

মেচখনত যাতে কোনোধৰণৰ ত্ৰুতি থাকি নাযায় তাৰ বাবেও লৈছে বিশেষ পদক্ষেপ। ষ্টেডিয়ামৰ ভিতৰত দৰ্শকক কেৱল মোবাইল ফোন, মানিবাগে আৰু জাতীয় পতাকাহে নিয়াৰ অনুমতি দিছে। সেয়াও ষ্টিক নোহোৱাকৈ।

ষ্টেডিয়ামৰ ভিতৰতেই ব্যৱস্থা কৰিছে খাদ্য বস্তুৰ। ষ্টেডিয়ামৰ চাৰিওফালে কৰিছে স্প্ৰে। যাতে পূৰ্বৰ মেচত সাপ ওলোৱাৰ দৰে ঘটনা এইবাৰ সংঘটিত হ'ব নোৱাৰে। ষ্টেডিয়ামৰ চাৰিও ফালে কৰিছে পৰ্যাপ্ত পোহৰৰ ব্যৱস্থা।

এক কথাত এখন যুদ্ধৰ বাবেহে যেন সাজু হৈছে অসম ক্ৰিকেট সন্থা। এই যুঁজত জয় লাভ কৰিব পাৰিলেই মংগল। এতিয়া অসম ক্ৰিকেট সন্থাক লাগে অসমৰ ক্ৰিকেট অনুৰাগীৰ যোগাত্মক সহাৰি। অসমৰ ক্ৰীড়া জগতৰ অগ্ৰগতিৰ স্বাৰ্থত, অসম ক্ৰিকেটৰ উন্নতিৰ স্বাৰ্থত আমাৰো সেয়াই আশা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in