কোকৰাঝাৰত দুই ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড

২০১৯ চনৰ ২৩ আগষ্টত অজয় দাস নামৰ পাষণ্ডটোৱে খেলি থকাৰ পৰাই চকলেট আৰু নেইল পলিচৰ প্ৰলোভন দি ঘৰলৈ নি নাবালিকাক ধৰ্ষণ কৰিছিল

author-image
Asomiya Pratidin
New Update
কোকৰাঝাৰত দুই ধৰ্ষণকাৰীক সশ্ৰম কাৰাদণ্ড

কোকৰাঝাৰৰ বিশেষ আদালতৰ ৰায়দান

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰৰ বিশেষ আদালতৰ ন্যায়াধীশ জে.কোচে বুধবাৰে প্ৰদান কৰা এক ৰায়দান যোগে ধৰ্ষণকাৰী অজয় দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ দিছে। তদুপৰি জৰিমনা অনাদায়ে গোঁসাইগাঁওৰ অজয় দাস নামৰ ধৰ্ষণকাৰীটোক অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে।

Advertisment

উল্লেখ্য যে ২০১৯ চনৰ ২৩ আগষ্টত অজয় দাস নামৰ পাষণ্ডটোৱে খেলি থকাৰ পৰাই চকলেট আৰু নেইল পলিচৰ প্ৰলোভন দি ঘৰলৈ নি নাবালিকাক ধৰ্ষণ কৰিছিল। পিছত ঘটনা সন্দৰ্ভত গোঁসাইগাঁও থানাত এক গোচৰ (নং ৩৬৬/২০১৯) ৰজু হৈছিল । উক্ত গোচৰৰ ৰায়দান কৰি আজি কোকৰাঝাৰৰ বিশেষ আদালতৰ ন্যায়াধীশ ধৰ্ষণকাৰী অজয় দাসক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰিছে ।

আনহাতে কালি একেখন আদালততে ন্যায়াধীশ জে.কোচে আন এটা ধৰ্ষণকাৰীৰ বিৰুদ্ধে ৰায়দান কৰে । গোপাল শীল নামৰ এটা ধৰ্ষণকাৰীক জে.কোচৰ আদালতে ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰিছে। তদুপৰি জৰিমনা অনাদায়ে পুনৰ এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰে।

উল্লেখ্য যে বেমাৰত আক্ৰান্ত নাবালিকাগৰাকীৰ মাতৃক চিকিৎসা কৰিবলৈ গৈছিল ভণ্ড গোপাল শীলে। মাকৰ চিকিৎসাৰ নামত নাৱালিকাগৰাকীক পূজা কৰিব লাগিব বুলি বন্ধ কোঠাত নি পূজা কৰাৰ অচিলাৰে নাৱালিকাগৰাকীক ধৰ্ষণ কৰিছিল । এবছৰৰো অধিক কাল নাবালিকা গৰাকীক এনেদৰে নিৰ্যাতন কৰিছিল আৰু ধৰ্ষণৰ ঘটনা ফাদিল কৰিলে নাবালিকাৰ মাকক হত্যাৰ ভাবুকি দিছিল।

পিছত নাবালিকাই গোপাল শীলৰ অপকাণ্ডৰ কথা মাক -দেউতাকৰ আগত ফাদিল কৰে আৰু ঘটনা সন্দৰ্ভত ফকিৰাগ্ৰাম থানাত এক গোচৰ(নং ২৯/২০)ৰজু কৰে । উক্ত গোচৰৰ ৰায়দান কৰি আজি কোকৰাঝাৰৰ বিশেষ আদালতৰ ন্যায়াধীশ ধৰ্ষণকাৰী অজয় দাসক ২৫ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ২০ হাজাৰ টকাৰ জৰিমনাৰ নিৰ্দেশ প্ৰদান কৰে আৰু জৰিমনা অনাদায়ে ধৰ্ষণকাৰী গোপাল শীলক অতিৰিক্ত এবছৰৰ সশ্ৰম কাৰাদণ্ডৰ নিৰ্দেশ প্ৰদান কৰিছে।

আৰু পঢ়কঃ গোৰ্খাসকলক বিনা চৰ্তে ম্যাদি পট্টা প্ৰদান কৰাৰ দাবীত প্ৰতিবাদ...

assam kokrajhar