গোৰ্খাসকলক বিনা চৰ্তে ম্যাদি পট্টা প্ৰদান কৰাৰ দাবীত আন্দোলন...

গোৰ্খাসকলক বিনা চৰ্তে ম্যাদি পট্টা প্ৰদান কৰাৰ দাবীত আন্দোলন...
গোৰ্খাসকলক বিনা চৰ্তে ম্যাদি পট্টা প্ৰদান কৰাৰ দাবীত আন্দোলন...

ডিজিটেল সংবাদ ওৰাংঃ ওৰাঙৰ ধনশ্ৰীঘাটত গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিবাদী গণ হুংকাৰ। ভূমিৰ অধিকাৰৰ লগতে বিভিন্ন দাবীত এই গণ হুংকাৰ কাৰ্যসূচী ৰূপায়ন কৰে।

বি টি চি গঠনৰ পিছত এই অঞ্চলত বসবাস কৰা গোৰ্খাসকলৰ লগতে অন্যান্য জনগোষ্ঠীৰ‌ লোকসকলক ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ অভিযোগ গোৰ্খা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সভাপতি অৰ্জুন চেত্ৰীৰ। বি টি আৰত ১২ ডিচেম্বৰৰ পৰা ২২ ডিচেম্বৰলৈকে চলি থকা ভূমি মেলাক নাটক আখ্যা দিয়ে।

দুখীয়া শ্ৰেণীৰ পৰা মাটি দখল কৰাৰ মেলা বুলি কটাক্ষ আগছুৰ প্ৰাক্তন সভাপতি ভাস্কৰ দাহালৰ। বি টি আৰত বসবাস কৰা সৰ্বসাধাৰণ ৰাইজক ফুটবলৰ দৰে ব্যৱহাৰ নকৰি সম-উন্নয়ন, সম-অধিকাৰ, সম-সম মৰ্যাদা প্ৰদান কৰাৰ দাবী উত্থাপন কৰে।

অন্যথা আগন্তুক দিনত ইয়াৰ ফল ভূগিব লাগিব বুলি অসম চৰকাৰ, বি টি আৰ চৰকাৰক হুংকাৰ প্ৰদান কৰে। ইউ জি ব্ৰহ্ম, ৰবিৰাম নাৰ্জাৰী, ৰনগৌৰা নাৰ্জাৰী আৰু বি টি আৰ প্ৰধান প্ৰমোদ বড়োৰ কু-চিন্তা,দুচিন্তা তথা কু-অভিসন্ধীৰ বাবে বি টি চি বাসী প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত হ'বলগা হোৱাৰ বিস্ফোৰক অভিযোগ কৰিছে প্ৰাক্তন সভাপতি ভাস্কৰ দাহালে ।

বি টি আৰ চৰকাৰে গোৰ্খাসকলৰ প্ৰাপ্য অধিকাৰৰ লগতে বিভিন্ন দাবীৰ সমৰ্থনত বিশাল প্ৰতিবাদী গণ হুংকাৰ কাৰ্যসূচী গ্ৰহণ কৰে । সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ উদ্যোগত ৰৌতাৰ ধনশ্ৰীঘাটত প্ৰায় দহ সহস্ৰাধিক লোকৰ উপস্থিতিত গণ হুংকাৰ কাৰ্যসূচীৰ জৰিয়তে বিটিআৰ চৰকাৰ,অসম চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক চৰম সকিয়নী প্ৰদান কৰে ।

অসম চৰকাৰে প্ৰদান কৰা সুৰক্ষিত শ্ৰেণীৰ অধিসূচনা বি টি আৰত অনতিপলমে কাৰ্যকৰী কৰক ,বি টি আৰত বসবাস কৰা গোৰ্খাসকলক বিনা চৰ্তে ম্যাদি পট্টা প্ৰদান কৰাৰ লগতে বি টি আৰত গোৰ্খাসকলৰ পৈতৃক সম্পত্তি হস্তান্তৰকৰণ সৰলিকৰণ কৰাৰ দাবীত ছাত্ৰ সংগঠনটোৱে বিশাল প্ৰতিবাদী গণ হুংকাৰ ৰূপায়ন কৰে। প্ৰতিবাদী সভাত বিভিন্ন চৰকাৰ বিৰোধী শ্লগানেৰে সভাস্থলীৰ পৰিবেশ উত্তাল কৰি তোলে ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in