চৰকাৰৰ বৰঘৰত থাকি কোটি টকাৰ লুন্ঠন বিজেপি নেতাৰ! ক্রাইম ব্রাঞ্চৰ জালত দুই প্রৱঞ্চক...

চৰকাৰৰ বৰঘৰত থাকি কোটি টকাৰ লুন্ঠন বিজেপি নেতাৰ! ক্রাইম ব্রাঞ্চৰ জালত দুই প্রৱঞ্চক...

author-image
Asomiya Pratidin
New Update
চৰকাৰৰ বৰঘৰত থাকি কোটি টকাৰ লুন্ঠন বিজেপি নেতাৰ!  ক্রাইম ব্রাঞ্চৰ জালত দুই প্রৱঞ্চক...

ডিজিটেল ডেস্কঃ চৰকাৰৰ বৰঘৰত সোমাই কোটি কোটি টকাৰ দুৰ্নীতিৰ জাল মেলা এগৰাকী বিজেপি নেতা। নাম তেওঁৰ অসীম দাস। দিছপুৰৰ মন্ত্ৰী কাৰ্যালয়তে সভা পাতি কোটি কোটি টকাৰ লুন্ঠনৰ প্লেন তৈয়াৰ কৰা এইগৰাকী বিজেপি নেতা শেহতীয়াকৈ ক্ৰাইম বাঞ্চৰ জালত পৰিল।

Advertisment

ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুন্ঠনৰ নেতৃত্ব দিছিল অসীম দাসে। অসম বিজেপিৰ অনুসূচিত জাতি মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকৰ দৰে এটা গুৰু পদবীত থকাৰ সুবাদতে অসীম দাসে দিছপুৰৰ পৰাই মেলিছিল প্ৰৱঞ্চনাৰ জাল।

অসীম দাসৰ লগতে ক্ৰাইম বাঞ্চে গ্ৰেপ্তাৰ কৰিছে বিৰিঞ্চি বৰকটকী নামৰ এগৰাকী লোককো। বিৰিঞ্চি বৰকটকী ক্ষুদ্র সঞ্চয় সঞ্চালকালয়ৰ অৱসৰপ্রাপ্ত প্রচাৰ বিষয়া। উল্লেখ কৰা প্ৰয়োজন যে,  পূৰ্বেও গ্রেপ্তাৰ কৰা হৈছিল প্রৱঞ্চক চক্রটোৰ বহু কেইজনক।

মটক কাউঞ্চিলৰ কোটি কোটি টকা আত্মসাতৰ অভিযোগ আছে এই চক্ৰটোৰ বিষয়ে। ভুৱা ৱৰ্ক অৰ্ডাৰ উলিয়াই কোটি কোটি টকা লুণ্ঠন কৰা চক্রটোৰ বিষয়ে ক্ৰাইমে বাঞ্চে বৰ্তমানেও তদন্ত অব্যাহত ৰাখিছে। আজি আদালতত হাজিৰ কৰোৱা হ’ব দুয়োকে

Also Read: দুই লাখ টকাত মিথিলেশ কেনেকৈ হ'ল IPS অফিচাৰ...

বিজেপি