দুই লাখ টকাত মিথিলেশ কেনেকৈ হ'ল IPS অফিচাৰ...

দুই লাখ টকাত মিথিলেশ কেনেকৈ হ'ল IPS অফিচাৰ...

author-image
Asomiya Pratidin
New Update
দুই লাখ টকাত মিথিলেশ কেনেকৈ হ'ল IPS অফিচাৰ...

ডিজিটেল ডেস্কঃ যিটো চাকৰি বা পদবী পাবলৈ মানুহে বছৰ বছৰ ধৰি সাধনা কৰে, অধ্যয়ন কৰে, তেনে এটা চাকৰি ২লাখ টকাতে ক্ৰয় কৰিলে এগৰাকী যুৱকে। তেওঁৰ নাম মিথিলেশ কুমাৰ। বেলেগক চিনাকি দিয়ে আই পি এছ মিথিলেশ কুমাৰ বুলি। হাইস্কুল দেওনাও পাৰ হব নোৱাৰা মিথিলেশে আই পি এছ অফিচাৰৰ পোছাক পিন্ধি বিভিন্ন স্থানত ঘূৰি ফুৰে। কিন্তু শেহতীয়াকৈ মিথিলেশ জালত পৰিল বিহাৰ আৰক্ষীৰ। তাৰ পিছতহে এতিয়া পোহৰলৈ আহিছে মিথিলেশ আই পি এছ হোৱাৰ আঁৰৰ কাহিনী।

Advertisment

বিহাৰৰ লখিছৰায় জিলাৰ নিৱাসী মিথিলেশ তিৱাৰী। অতিকৈ সহজ-সৰল মিথিলেশৰ পুলিছ অফিচাৰ হোৱাৰ বৰ হেপাঁহ আছিল। এই হেপাঁহৰ বিষয়ে গাঁৱৰ সকলোৱে জানিছিল। এনে সময়তে মনোজ সিং এগৰাকী লোক আহি মিথিলেশক দিলে আই পি এছ অফিচাৰ হোৱাৰ অফাৰ। তাৰ বিনিময়ত ২লাখ ৩০হাজাৰ টকা মিথিলেশৰ পৰা ললে মনোজ সিঙে। মিথিলেশে মোমায়েকৰ পৰা ধাৰলৈ আনি টকাখিনি দিছিলহি মনোজ সিঙক।

ধন পোৱাৰ পাছতে প্ৰৱঞ্চক মনোজ সিঙে মিথিলেশক দিলে এযোৰ আৰক্ষীৰ পোছাক আৰু আই পি এছ বুলি লিখি থোৱা এটা টুপি। প্ৰৱঞ্চক মনোজে আনকি এটা নকলি পিষ্টলো দিলে মিথিলেশক। পোছাক, পিষ্টল, টুপি পোৱাৰ পাছতে চাকৰি পোৱা বুলি ভাৱি বিভিন্ন স্থানত নিজকে আই পি এছ অফিচাৰ বুলি চিনাকি দি ফুৰিছিল মিথিলেশে।

শেহতীয়াকৈ বিহাৰ আৰক্ষীয়ে আটক কৰা মিথিলেশে আনকি আৰক্ষীকো আই পি এছ অফিচাৰ বুলিয়ে চিনাকি দিয়ে। অৱশেষত আৰক্ষীয়ে সকলো কথা বিৱৰি বুজাই দিয়াৰ পাছত এতিয়া থানাতে দুখত ভাগি পৰিছে মিথিলেশে। আৰক্ষীয়ে মিথিলেশৰ ভাষ্যৰ ভিত্তিত মনোজ সিঙৰ সন্ধানত নামিছে।

Also Read: খাগৰিজান সংহত শিশু উন্নয়ন প্ৰকল্পৰ পোষণ সজাগতা সভা...

অই পি এছ অফিচাৰ