/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-05/85cbf929-943b-49a3-b628-c0264914ee09/1.jpg)
ডিজিটেল সংবাদ, বিহালীঃ বিহালীৰ ৰাংছালীত হাতীৰ দাঁতসহ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে সীমা শুল্ক বিভাগে৷ ৰাংছালীৰ কমাৰপুখুৰী চাৰিআলিত হাতী দাঁতৰ চোৰাং ব্যবসায়ী সোনমনি দাসক হাতে-লোটে গ্ৰেপ্তাৰ কৰে কৰে সীমা অভিযানকাৰী দলে ৷ সোণমনি দাসৰ পৰা উদ্ধাৰ কৰে ২৭ কেজি ওজনৰ দুটা হাতীৰ দাঁত৷
দাঁত দুটা চাৰি টুকুৰা কৰি এটা মোনাত ভৰাই গছ পাতেৰে ঢাকি আনিছিল সোনমনিয়ে ৷ ইতিমধ্যে সীমা শুল্ক বিভাগে হাতীৰ দাঁত সহ সোণমনি দাসক বন বিভাগৰ হাতত গতাই দিয়ে৷ বন বিভাগে সোনমনি দাসক জেৰা অব্যাহত ৰাখিছে আৰু এই চোৰাং ব্যৱসায়ৰ লগত কোন কোন জড়িত আছে আৰু কাক বিক্ৰী কৰিবলৈ আনিছিল তাৰ তদন্ত আৰম্ভ কৰিছে ৷ বৃহস্পতিবাৰে বন বিভাগে সোনমনি দাসক আদালতত হাজিৰ কৰে।
Also Read: আপোনাৰ স্বাস্থ্য যদি ইমান বেয়া, নিৰ্বাচনৰ প্ৰচাৰ কেনেকৈ চলাইছেঃ কেজৰিৱালক প্ৰশ্ন ইডিৰ...