আপোনাৰ স্বাস্থ্য যদি ইমান বেয়া, নিৰ্বাচনৰ প্ৰচাৰ কেনেকৈ চলাইছেঃ কেজৰিৱালক প্ৰশ্ন ইডিৰ...

আপোনাৰ স্বাস্থ্য যদি ইমান বেয়া, নিৰ্বাচনৰ প্ৰচাৰ কেনেকৈ চলাইছেঃ কেজৰিৱালক প্ৰশ্ন ইডিৰ...

ডিজিটেল ডেস্কঃ উচ্চতম ন্যায়ালয়ৰ পৰা ৰেহাই নোপোৱাৰ পাছতে এতিয়া ২জুনত পুনৰ জেললৈ যাবলৈ সাজু হৈছে অৰবিন্দ কেজৰিৱাল। তথাপিও দিল্লী মুখ্যমন্ত্ৰীগৰাকীয়ে মুকলি আকাশৰ তলত থকাৰ চেষ্টা এৰি দিয়া নাই। কেইবাজনো অধিবক্তাৰ হতুৱাই দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে নানান যুক্তিৰে জামিনৰ ম্যাদ বৃদ্ধিৰ বাবে চেষ্টা কৰিছে যদিও শেহতীয়াকৈ ই ডিয়েও অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে যুক্তি ৰাখিছে।

শেহতীয়াকৈ আদালতত ই ডিয়ে যুক্তি ৰাখিছে যে, যদিহে অৰবিন্দ কেজৰিৱালৰ স্বাস্থ্য ইমানেই বেয়া, তেনেহলে ইমান উদ্যমেৰে প্ৰচাৰ কেনেকৈ চলাব পাৰিছে? জেলৰ বাহিৰত থাকিবলৈ এয়া কেজৰিৱালৰ অৰ্থহীন যুক্তি বুলি ই ডিয়ে আদালতত জনাইছে। ই ডিৰ তৰফৰ পৰা আদালতক জনোৱা হৈছে যে, আমি শেহতীয়াকৈ এখন পত্ৰ লাভ কৰিছো অৰবিন্দ কেজৰিৱালৰ পৰা। তেওঁ বৰ্তমান পাঞ্জাৱত প্ৰচাৰ চলাই আছে। তেওঁৰ স্বাস্থ্য যদি ইমানেই বেয়া, পাঞ্জাৱত প্ৰচাৰ কেনেকৈ চলাই আছে? গতিকে তেওঁৰ জামিনৰ ম্যাদ বৃদ্ধি কৰাতো যুক্তি সংগত নহয়।

উল্লেখ কৰা প্ৰয়োজন যে, উচ্চতম ন্যায়ালয়ে কেজৰিৱালৰ জামিনৰ ম্যাদ বৃদ্ধি নকৰাৰ পাছতে দুখন বিশেষ আদালতত কেজৰিৱালে জামিন বিচাৰি আবেদন কৰিছিল। কিন্তু কোনো এখন আদালতেই জামিন লাভ কৰা নাই কেজৰিৱালে। গতিকে অহা ২জুনত পুনৰ জেলযাত্ৰা নিশ্চিত হৈছে দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীৰ।

আপোনাৰ স্বাস্থ্য যদি ইমান বেয়া, নিৰ্বাচনৰ প্ৰচাৰ কেনেকৈ চলাইছেঃ কেজৰিৱালক প্ৰশ্ন ইডিৰ...
২০২৪তেই আপুনি বহু ওপৰলৈ যাবঃ শনিৰ অপাৰ কৃপা এই ৫ৰাশিৰ ওপৰত...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in