প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনত দুই মগনিয়াই হেৰুৱালে প্ৰাণ...

প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনত দুই মগনিয়াই হেৰুৱালে প্ৰাণ...
প্ৰচণ্ড শীত সহ্য কৰিব নোৱাৰি লামডিং ষ্টেচনত দুই মগনিয়াই হেৰুৱালে প্ৰাণ...

ডিজিটেল সংবাদ লামডিঙঃ আজি লামডিং ৰে'লৱে জংচনত দুটাকৈ অচিনাক্ত মৃতদেহ উদ্ধাৰ হয় ৷ জানিব পৰামতে জংচনৰ প্লেট ফৰ্ম নম্বৰ ১ ত জি আৰ পিৰ এটা দলে তহল দি থকাৰ সময়তে এগৰাকী ৪৫ বছৰীয়া মহিলা আৰু এজন ৫০ বছৰীয়া উলংগ অৱস্থাত থকা ব্যক্তি একে স্থনতে লৰচৰ নকৰাকৈ শুই থকা অৱস্থাত দেখে ৷

পৰৱৰ্তী সময়ত ভালদৰে দুয়োকে প্ৰত্যক্ষ কৰাত দেখা পায় যে, প্ৰচণ্ড শীতৰ প্ৰকোপট হয়তো নিশাৰ ভিতৰেই মহিলাগৰাকীৰ আৰু লোকজনৰ কৰুণ মৃত্যু হয় ৷ ৰে'ল আৰক্ষীয়ে জনোৱা অনুসৰি দুয়ো লামডিঙ জংচনৰ ভিতৰতে বিগত বহু দিন ধৰি মগনিয়া হিচাপে আছিলে ৷

ঠাণ্ডা সহ্য কৰিব নোৱাৰি আজি দুয়োৰে মৃত্যু ঘটে বুলি জনায় ৷ ৰে'ল আৰক্ষী দুয়োৰে মৃতদেহ উদ্ধাৰ কৰি ডিফু অসামৰিক চিকিৎসালয়লৈ মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে ৷

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in