হত্যাৰ নিচা ! পত্নীক জ্বলাই হত্যা কৰি গৈছিল জে'ললৈ, মুকলি হৈ আহি হত্যা কৰিলে মাতৃক...

হত্যাৰ নিচা ! পত্নীক জ্বলাই হত্যা কৰি গৈছিল জে'ললৈ, মুকলি হৈ আহি হত্যা কৰিলে মাতৃক
হত্যাৰ নিচা ! পত্নীক জ্বলাই হত্যা কৰি গৈছিল জে'ললৈ, মুকলি হৈ আহি হত্যা কৰিলে মাতৃক

ডিজিটেল সংবাদ মায়ংঃ মায়ঙত আজি সংঘটিত হয় এক চাঞ্চল্য সৃষ্টিকাৰী হত্যাকাণ্ড। উদণ্ড পুত্ৰই হত্যা কৰিলে নিজ মাতৃক।দিন দুপৰতে কুঠাৰেৰে ডিঙিত ঘপিয়াই হত্যা কৰে মাতৃ যোগেমাই দেৱীক ।

পুত্ৰ নাৰায়ণ নাথে আজি দুপৰীয়াৰ ভাগত হত্যা কৰে নিৰিহ মাতৃ গৰাকীক। হত্যাকাৰীক আৰক্ষীয়ে ইতিমধ্য আটক কৰিবলৈ সক্ষম হৈছে। আনহাতে আৰক্ষীয়ে জব্দ কৰিছে মাতৃক হত্যাৰ বাবে ব্যৱহাৰ কৰা কুঠাৰখন।

মায়ং থানাৰ অন্তৰ্গত মুৰবৰী গাঁৱত সংঘটিত হৈছে এই ঘটনা। ৰজামায়ং মুৰবৰী গাঁৱৰ হিতেশ নাথৰ পত্নী আছিল যোগেমাই। জানিব পৰা মতে ইয়াৰ পূৰ্বে তামিলনাডুত কাম কৰিবলৈ গৈ নিজ পত্নীক জ্বলাই হত্যা কৰিছিল দানৱ ৰূপী হত্যাকাৰী নাৰায়ণ নাথে।

হত্যাকাণ্ডৰ গোচৰত অভিযুক্ত হৈ জেলৰ ভাতো খাইছিল যদিও জামিনত মুক্ত হৈ এইবাৰ নিজ মাতৃক ঘৰৰ চোতালত পিচফালৰ পৰা খেদি গৈ ডিঙিত কুঠাৰেৰে প্ৰচণ্ড ঘাপ মাৰি হত্যা কৰে। নিচাসক্ত নাৰায়ণ নাথে এজন পূজাৰীকো এবাৰ হত্যাৰ চেষ্টা কৰিছিল।

স্থানীয় ৰাইজৰ পৰা জানিব পৰা মতে উদণ্ড প্ৰকৃতিৰ নাৰায়ণ নাথে বিভিন্ন অসামাজিক কামত লিপ্ত হৈ থাকে। যাৰ বাবে ৰাইজে এতিয়া ফাঁচিৰ দাবী উত্থাপন কৰিছে।নাৰায়ণ নাথে যাতে কোনোপধ্যেই যাতে ৰেহাই নাপাই তাৰ বাবে আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে। গাওঁবাসীয়ে ভৱিষ্যতৰ দিনত জেলৰ পৰা ওলাই আহিলেও মুৰবৰী গাঁৱত নাৰায়ণক থাকিবলৈ দিয়া নহ'ব বুলি জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in