অসম গ্ৰন্থ মেলাত স্মৃতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন...

স্মৃতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন...
স্মৃতিৰেখা ভূঞাৰ দুখনকৈ গ্ৰন্থ উন্মোচন...

ডিজিটেল ডেস্কঃ স্মৃতিৰেখা ভূঞাই লিখা দুখন গ্ৰন্থ আজি গুৱাহাটীৰ অসম গ্ৰন্থমেলাৰ আৱাহন সভাকক্ষত উন্মোচন কৰা হয়। "অসমীয়া ভাষাৰ ৰূপ-বৈচিত্ৰ্য" আৰু "সাহিত্যত চিন্তা আৰু চেতনা" নামৰ গ্ৰন্থ দুখন প্ৰকাশ কৰি উলিয়াইছে গুৱাহাটীৰ বি. আৰ. পাব্লিকেশ্যনে।

উন্মোচনী সভাখন উদ্বোধন কৰি প্ৰাক্তন উপাচাৰ্য সংস্কৃত পণ্ডিত ড০ দীপক কুমাৰ শৰ্মাই কয় যে-"আমাক অনায়াসে লিখা কিতাপ নালাগে। কষ্ট কৰি কৰা কামহে লাগে। ভূঞাৰ পূৰ্বৰ গ্ৰন্থকেইখনে তেওঁৰ বৌদ্ধিক শ্ৰমৰ প্ৰমাণ দি থৈছে।এই দুখন পুথিও তেওঁ একে বাটেৰেই আগবঢ়াই নিছে।"

কিতাপ দুখন উন্মোচন কৰি ড০ গোৱিন্দ প্ৰসাদ শৰ্মাই কয়-"চিন্তা কৰা এটা কঠিন কাম। সেইবাবে আমাৰ মানুহে চিন্তাৰ পৰা আঁতৰত থাকিবলৈকে ভাল পায়।কিন্তু স্মৃতিৰেখাই টান কাম কৰি ভাল পায়।সেইবাবেই তেওঁৰ কিতাপকেইখনে গুৰুত্বপূৰ্ণ দিশ কিছুমান দেখুৱাবলৈ সক্ষম হৈছে।"

আন এজন আলোচক ড০ দীপ্তি ফুকন পাটগিৰিয়ে কয় যে-"অসমীয়া ভাষা চৰ্চাৰ ক্ষেত্ৰত স্মৃতিৰেখাৰ কিতাপখন গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হ'ব"। বিশিষ্ট অনুবাদক ড০ পৰি হিলৈদাৰীয়ে কয় যে-"কল্পনাশ্ৰয়ী সাহিত্যৰ তুলনাত মানুহে চিন্তাভিত্তিক সমালোচনা সাহিত্যক কমকৈ গুৰুত্ব দিয়ে। কিন্তু কল্পনাশ্ৰয়ী সাহিত্য গুণগত ভাবে ভাল কৰাৰ স্বাৰ্থতে সমালোচনা-সাহিত্যক মানুহে গুৰুত্ব দিয়া দৰকাৰ। তদুপৰি সাহিত্যৰ ক্ষেত্ৰখনত লিংগবৈষম্যৰ প্ৰভাৱ আজিও যথেষ্ট।"

হিলৈদাৰীয়ে আৰু কয় যে "স্মৃতিৰেখা ভূঞা এতিয়া চালুকীয়া হৈ থকা নাই। ইতিমধ্যেই তেওঁ এগৰাকী প্ৰতিষ্ঠিত সমালোচক। তেওঁৰ এইকেইখন কিতাপেও লেখকৰ সেই চিৰিয়াছ সমালোচনাৰ চৰিত্ৰকে বহন কৰিছে"।

সভাখনত সন্মানীয় অতিথি হিচাপে উপস্থিত থকা অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় যে- "আজিৰ সময়ত ভাল কিতাপৰহে সমাদৰ আছে। পাল মৰা কিতাপেৰে এতিয়া পাঠকক ঠগিব নোৱাৰি। মানুহৰ এতিয়া চিৰিয়াছ কিতাপৰ প্ৰতি আগ্রহ বাঢ়িছে।" অনুষ্ঠানটোত লেখক ভূঞাই কিতাপকেইখনৰ বিষয়ে চমু আভাস দাঙি ধৰে।

ভৌগোলিক অৱস্থিতি অনুসৰি এটা ভাষাৰ মাজত যিদৰে বিভিন্ন স্থানীয় ৰূপ কিছুমান সৃষ্টি হয় সেইদৰে পৰিস্থিতি,পৰিবেশ আৰু বৃত্তিৰ পাৰ্থক্য অনুসৰিও এটা ভাষাৰ মাজতে অনেক ৰূপ গঢ় লয় আৰু বৰ্তি থাকে। অসমীয়া ভাষাও ভাষাৰ এই সহজাত নিয়মৰ ব্যতিক্ৰম নহয়। সেইবাবেই বাতৰি-কাকত, বিজ্ঞাপন, বৈদ্যুতিন মাধ্যম আদিত ভাষাটোৰ যিসমূহ ৰূপ প্ৰচলিত সেই সকলোৰে কিছুমান স্বকীয়তা আছে।

অসমীয়া ভাষাৰ এই ভিন্ন ৰূপ সমূহৰ স্বকীয়তা কি, ভাষাৰ সৈতে সমাজৰ সম্পৰ্ক কেনেধৰণৰ সেই বিষয় সমূহ সামৰি লেখকে ভাষা বিষয়ক কিতাপখন যুগুত কৰিছে। কিতাপখনৰ এটা আকৰ্ষণীয় প্ৰৱন্ধ হ'ল "ক'ৰ'নাকালীন অসমীয়া ভাষা"।

আনহাতে কিতাপখনৰ এটা উল্লেখযোগ্য দিশ হ'ল ইয়াত তেওঁ বৰ্তমান সময়ত অসমীয়া ভাষাত যিসমূহ নতুন শব্দ-বাক্য ব্যৱহাৰ হ'বলৈ লৈছে সেইসমূহক সামৰি "নব্য-অসমীয়া" ভাষা হিচাপে ইয়াক অভিহিত কৰি এটা ৰূপৰেখা দেখুৱাইছে।ভাষাৰ পৰিৱৰ্তনৰ ধৰ্ম অনুসৰি সৃষ্টি হোৱা এই "নব্য-অসমীয়া"ক আমি গ্ৰহণ কৰা উচিতনে?

দৈনন্দিন ব্যৱহৃত ভাষাৰ ক্ষেত্ৰত আমি কিমানখিনি কঠোৰ হোৱা প্ৰয়োজন? সেই সম্পৰ্কেও লেখকে ইয়াত নিজা মত ব্যক্ত কৰিছে। আজি উন্মোচন হোৱা আনখন গ্ৰন্থ "সাহিত্যত চিন্তা আৰু চেতনা"ত সাহিত্য সম্পৰ্কীয় কেবাটাও গুৰুত্বপূৰ্ণ প্ৰবন্ধ সন্নিৱিষ্ট হৈছে।

গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোৰ এটা বিশেষ আকৰ্ষণ আছিল কণমানি আশ্ৰমিকাৰ অনুষ্ঠান পৰিচালনা। ষষ্ঠ শ্ৰেণীৰ ছাত্ৰী আশ্ৰমিকাই গুৰু-গম্ভীৰ অনুষ্ঠানটো সুন্দৰকৈ পৰিচালনা কৰি সকলোকে আপ্লুত কৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in