দুই লক্ষ্যাধিক টকাৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

দুই লক্ষ্যাধিক টকাৰ ড্ৰাগছসহ  কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...
দুই লক্ষ্যাধিক টকাৰ ড্ৰাগছসহ কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...

ডিজিটেল সংবাদ নগাঁও : নগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীৰ নেতৃত্বত চহৰখনৰ সমিপৱৰ্তী ভকতগাঁৱত চলা এক ড্ৰাগছ বিৰোধী অভিযানত বুজন পৰিমাণৰ হেৰ'ইন জব্দ কৰাৰ লগতে এজন কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম ছাদিক আলি।

এক গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে নগাঁও - ধিং পথৰ ভকতগাঁৱত পুৱতি নিশা ড্ৰাগছৰ বিৰুদ্ধে চলাইছিল অভিযান । ছাদিক আলি ইতিপূৰ্বেও বিভিন্ন অপৰাধজনিত ঘটনাৰ লগত জড়িত থকাৰ অপৰাধত নগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছিল ।

প্ৰায় এবছৰ দিন কাৰাবাসৰ পাছত মাত্ৰ কেইদিনমানৰ পূৰ্বে কাৰাগাৰৰ পৰা জামিনত মুক্তি লাভ কৰি ছাদিকে পুনৰ ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰিছিল । এই খবৰ গোপন সূত্ৰে লাভ কৰি আৰক্ষীয়ে কাতিমাৰি চি আৰ পি এফৰ ৩৪ বেটেলিয়ানৰ সহযোগত অভিযান চলাই ড্ৰাগছ সহ ছাদিক আলিক কৌশলেৰে গ্ৰেপ্তাৰ কৰে ।

অভিযানৰ সময়ত আৰক্ষীয়ে এ এছ ০৬ এক্স ৬১১৭ নম্বৰৰ এখন ৰিনল্ড ডাচটাৰ বাহনো জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা হিৰ'ইনখিনিৰ ক'লা বজাৰত মূল্য প্ৰায় দুই লাখ টকা হ'ব। সম্প্ৰতি নগাঁও আৰক্ষীয়ে অধিক তথ্য উদঘাটনৰ বাবে ছাদিক আলিক জেৰা অব্যাহত ৰাখিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in