ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টিউটৰ শিক্ষক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...

টিউটৰ শিক্ষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত অৱস্থান ধৰ্মঘট

author-image
Asomiya Pratidin
New Update
ধেমাজি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত টিউটৰ শিক্ষক কৰ্মচাৰীৰ অৱস্থান ধৰ্মঘট...

টিউটৰ শিক্ষকৰ ন্যায্য প্ৰাপ্তিৰ দাবীত অৱস্থান ধৰ্মঘট

ডিজিটেল সংবাদ ,ধেমাজিঃ উজনি অসমৰ চাৰিখন জিলাৰ টিউটৰ শিক্ষক কৰ্মচাৰীসকলৰ নায্যপ্ৰাপ্তিৰ দাবীত সোমবাৰে কঁপাই তুলিলে ধেমাজি সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ শিক্ষামন্ত্ৰী ডা° ৰণোজ পেগুৰ গৃহ সমষ্টি ধেমাজি ৷ টিউটৰ সকলক শিক্ষকৰ মৰ্যাদা দিয়াৰ দাবীত সোমবাৰে ধেমাজি জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সন্মুখত ধেমাজি, লখিমপুৰ, মাজুলী, বিশ্বনাথ চাৰিআলিকে ধৰি চাৰি জিলাৰ টিউটৰ শিক্ষক সকলে হাতে- হাতে বেনাৰ , পোষ্টাৰ , প্লে'কাৰ্ড লৈ বিশাল প্ৰতিবাদ সাব্যস্ত কৰে ৷

Advertisment

টিউটৰ শিক্ষক সকলৰ প্ৰতিবাদত উত্তাল হৈ পৰে শিক্ষামন্ত্ৰীৰ সমষ্টি ধেমাজি নগৰ ৷ প্ৰতিবাদকাৰী সকলৰ দাবী অনুসৰি সকলো পৰ্যায়ৰ টিউটৰ সকলৰ টেট, 50%, B.Ed, D.El.Ed পৰিহাৰ কৰা, বিনা চৰ্তে টিউটৰসকলক শিক্ষকৰ মৰ্যদা প্ৰদান কৰা, নিযুক্তি প্ৰদানৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি ১০লাখ টকাৰ গ্ৰেচুয়িটি ধন অৱসৰপ্ৰাপ্ত আৰু মৃত পৰিয়ালক শীৰ্ঘেই মোকলাই দিয়া আদি দাবীত এই প্ৰতিবাদ টিউটৰসকলৰ ৷ এই প্ৰতিবাদী কাৰ্যসূচীত চাৰি জিলাৰ ডেৰ সহস্ৰাধিক টিউটৰ শিক্ষকে অংশগ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে ৷

আৰু পঢ়কঃ টিহু হাইস্কুলৰ সতীৰ্থ পুনৰ্মিলন সমাৰোহ সম্পন্ন...

assam dhemaji