টিহু হাইস্কুলৰ সতীৰ্থ পুনৰ্মিলন সমাৰোহ সম্পন্ন...

প্ৰাক্তন শিক্ষাৰ্থীয়ে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ লগতে সমাজ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে

author-image
Asomiya Pratidin
New Update
টিহু হাইস্কুলৰ সতীৰ্থ পুনৰ্মিলন সমাৰোহ সম্পন্ন...

টিহু হাইস্কুলৰ সতীৰ্থ পুনৰ্মিলন সমাৰোহ

ডিজিটেল সংবাদ, নলবাৰীঃ টিহু হাইস্কুলত ১২ ডিচেম্বৰত আয়োজিত এখন সতীৰ্থ পুনৰ্মিলন সমাৰোহত ভাষণ দি বাৰুকৈ আৱেগিক হোৱা দেখা গ’ল কেইবাগৰাকী বিশিষ্ট শিক্ষাব্ৰতীক । উল্লেখ্য যে ১৯৮২ শিক্ষাবৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত টিহু হাইস্কুলৰ পৰা অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে বিদ্যালয়খনত সমবেত হৈ এই সমাৰোহ আয়োজন কৰে ।

হেঁপাহৰ পুনৰ্মিলন সমাৰোহখনত বিদ্যালয়খনৰ অৱসৰীয়া শিক্ষক ভৱকান্ত কলিতা, হৰেন্দ্ৰনাথ শৰ্মা, সুৰেন্দ্ৰনাথ শৰ্মা, নিৰঞ্জন দাস, ধীৰেশ্বৰ পাঠক, সুৰেন শৰ্মা, শৈলেন পাঠক, কৰুণা কাকতি, তৰণী চৌধুৰী আৰু ৰাজেন শৰ্মাক শীতকালিন অংগ-বস্ত্ৰ, সম্বৰ্ধনাপত্ৰ আদিৰে সাদৰ সন্বৰ্ধনা জ্ঞাপন কৰা হয় । শিক্ষকসকলে সন্বৰ্ধনা গ্ৰহণ কৰি আৱেগিক হৈ দিয়া ভাষণত শিক্ষাৰ্থীসকলে নিজৰ নিজৰ দক্ষতাৰে বিভিন্ন ঠাইত সুনামেৰে কাৰ্যনিৰ্বাহ কৰি থকা বাবে পৰম সন্তোষ লাভ কৰাৰ লগতে গৌৰৱৰ সুৱাসে আনন্দৰ ঢৌ তোলে বুলি কয় ।

একোখন শিক্ষানুষ্ঠানৰ প্ৰাক্তন শিক্ষাৰ্থীসকলে সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ লগতে সমাজ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে বুলিও তেওঁলোকৰ একালৰ মৰমৰ শিক্ষাৰ্থীসকলৰ প্ৰতি পৰামৰ্শসূচক ভাষণ আগবঢ়ায় । শিক্ষাৰ্থীসকলে বহু দিনৰ মূৰত শ্ৰদ্ধাৰ শিক্ষাগুৰু আৰু একেখন বেঞ্চত বহি শিক্ষা গ্ৰহণ কৰা সহপাঠীসকলক দেখি স্মৃতিকাতৰ হয় । শিক্ষাগুৰুসকলৰ চৰণ চুই তেওঁলোকে আশিস কামনা কৰে ।

সন্মিলনত ভাগ লোৱা সতীৰ্থসকলৰ মাজৰ পৰা অকালতে বৈকুণ্ঠগামী হোৱা সহপাঠী ক্ৰমে চন্দ্ৰমোহন দাস, উৎপল তালুকদাৰ, ভৱেশ নাথ, ঋতুপৰ্ণ শৰ্মা, যতীন চৌধুৰী, হেমেন দাস, অজিত শৰ্মা, বিমল ৰংকো, সুধাংশু বিশ্বাস, অতুল গোস্বামী, মনমোহন শৰ্মা, কুলেন কলিতা, বিজয় বড়ো আৰু অমৃতলাল লোহাৰৰ প্ৰতিচ্ছবিত শ্ৰদ্ধা আৰু শোকাঞ্জলি নিবেদন কৰি দিনজোৰা কাৰ্যসূচীৰে এই সমাৰোহৰ কাৰ্যসূচী আৰম্ভ কৰা হয় ।

বিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ প্ৰাক্তন সাধাৰণ সম্পাদক পংকজ বেজবৰুৱায়ো অনুষ্ঠানত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । সতীৰ্থ পুনৰ্মিলন সমাৰোহ উদ্‌যাপন সমিতিৰ সভাপতি মনোৰঞ্জন ডেকাৰ পৰিচালনা আৰু সম্পাদক দ্বিজেন দত্তৰ ব্যৱস্থাপনাৰে গোৱা সমৱেত গীতৰ পাছত স্মৃতি ৰোমন্থন কাৰ্যসূচী আৰম্ভ হয় । সতীৰ্থ ডিম্বেশ্বৰ বৰ্মনৰ সঞ্চালনাত হোৱা এই অনুষ্ঠানত ৰবীন শৰ্মা, উদয় পাঠক, গজেন শৰ্মা, মনোৰঞ্জন শৰ্মা, যুগল তালুকদাৰ, খগেন কলিতা, ফণীধৰ বৰ্মন, হেমন্ত কলিতা, ভূপেন হালৈ, জলেশ্বৰ ডেকা, খগেন বেজবৰুৱা, সুৰেন জৈন, নৃপেন তালুকদাৰ, হিতেশ ভট্ট, কুলেন মজুমদাৰ, মহোদৰ ঠাকুৰীয়া, ৰবীন কলিতা, নৰকান্ত কলিতা, মনোজ জৈন, নাৰায়ণ ডেকা, দিলীপ জৈন, প্ৰদীপ শৰ্মা, মনোজ শৰ্মা, ৰোহিণী বড়ো, কামেশ্বৰ কলিতা, মনোজ পাঠক, দুলালল ঠাকুৰীয়া, উমা কলিতা, ৰবীন গোস্বামী, দুলাল কলিতা, বাদল দাস, পশুপতি দাস আৰু সাৰদা শৰ্মাই পঢ়াশলীয়া কালৰ অম্লমধুৰ স্মৃতি ৰোমন্থন কৰে ।

অনুষ্ঠানত বিদ্যালয়খনৰ বৰ্তমানৰ প্ৰধান শিক্ষয়িত্ৰী মঞ্জু তালুকদাৰেও ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । সতীৰ্থ পুনৰ্মিলন সমাৰোহ উদ্‌যাপন সমিতিৰ তৰফৰপৰা প্ৰধান শিক্ষয়িত্ৰীৰ জৰিয়তে বিদ্যালয়খনলৈ এটি লোহাৰ আলমাৰি আৰু কেইবাখনো মূল্যৱান কিতাপো আগঢ়োৱা হয় । দুবছৰ পাছত এই সমাৰোহ পুনৰ নতুন ৰূপত আয়োজনৰ সিদ্ধান্ত লৈ অসম সংগীতেৰে এইবেলিৰ সমাৰোহ সামৰা হয় ।

আৰু পঢ়কঃ স্বাধীনতা আন্দোলনৰ মুক্তি যুঁজাৰুসকলক সম্বৰ্ধনা...

assam tihu