নগাঁও গ্ৰন্থমেলাত নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি,ডঃ লক্ষ্মীনন্দন বৰাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান...

নগাঁও গ্ৰন্থমেলাত নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি,ডঃ লক্ষ্মীনন্দন বৰাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান...
নগাঁও গ্ৰন্থমেলাত নৱকান্ত বৰুৱা, হোমেন বৰগোহাঞি,ডঃ লক্ষ্মীনন্দন বৰাৰ শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠান...

ডিজিটেল সংবাদ নগাঁও : অসমৰ সাহিত্য জগতত উজ্জ্বল ভোটাতৰা হৈ জিলিকি থকা তিনি জাতীয় বৰেণ্য, প্ৰাতঃস্মৰণীয় ব্যক্তি ক্ৰমে কবি নৱকান্ত বৰুৱা, কথা শিল্পী তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হোমেন বৰগোহাঞি আৰু ডঃ লক্ষ্মীনন্দন বৰাক নগাঁও গ্ৰন্থমেলাত দ্বিতীয় দিনা তেওঁলোকৰ গুণমুগ্ধসকলে শ্ৰদ্ধাৰে সোঁৱৰে।

তদুপলক্ষে অনুষ্ঠিত শ্ৰদ্ধাৰ্ঘ্য অনুষ্ঠানত বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ গীত আৰু কবিতা সম্পৰ্কত আলোকপাত কৰে বিশিষ্ট কবি ডাঃ প্ৰয়াগ শইকীয়াই। ডাঃ শইকীয়াই ভাষণত কয় যে- 'নৱকান্ত বৰুৱাৰ কাষত বহিলে দিগন্ত প্ৰসাৰিত হোৱা যেন অনুভৱ হয়।নৱকান্ত বৰুৱা আছিল মানৱতাবাদী। তেওঁ এজন প্ৰকৃত মানুহ। বিশ্ব মানৱ বুলি তেওঁক অভিহিত কৰাব পাৰি। তেওঁ বুদ্ধৰ অহিংস,মানৱতাদী দৰ্শনৰ বিশ্বাসী আছিল।'

অনুষ্ঠানত বিশিষ্ট সাহিত্যিক, সাংবাদিক হোমেন বৰগোহাঞিৰ সাহিত্য কীৰ্তিৰ চমু বাখ্যা দাঙি ধৰে ডিমৰীয়া মহাবিদ্যালয়ৰ অধ্যাপক তথা নিৱন্ধকাৰ মোহিনী মোহন ডেকাই। তেওঁ ভাষণ প্ৰসংগত কয় যে- বৌদ্ধিক জাগৰণৰ কথা লিখিবলৈ গ'লে হোমেন বৰগোহাঞিৰ কথা লিখিবই।

হোমেন বৰগোহাঞিৰ বৌদ্ধিক চিন্তা চৰ্চাৰ পৰিসৰ বিশাল।তেওঁক গ্ৰন্থ বিশ্বকোষ বুলি ক'ব পাৰি। তেখেতৰ লেখাত অসমৰ জাতীয় জীৱন পৰিস্ফুট হৈছিল।ভাৰতবৰ্ষৰ চিন্তা-চেতনাৰ জগতত হোমেন বৰগোহাঞিৰ লেখাৰ এক সুকীয়া মূল্য আছে।তেওঁ আছিল অসমৰ জাতীয় জীৱনৰ বৌদ্ধিক আৱিষ্কাৰক।তেওঁ নতুন প্ৰজন্মৰ মাজত প্ৰতিভাৰ সন্ধান কৰিছিল।'

আলিবাট প্ৰকাশণ গোষ্ঠীৰ স্বতাধিকাৰী তথা বিশিষ্ট আবৃত্তিকাৰ প্ৰাঞ্জল কুমাৰ মহন্তই আঁত ধৰা অনুষ্ঠানটোত বিশিষ্ট কথা শিল্পী ডঃ লক্ষ্মীনন্দন বৰাৰ জীৱন চৰ্যা তথা সাহিত্যৰ ওপৰত আলোকপাত কৰে সাংবাদিক চন্দনজ্যোতি বৰাই। তেওঁ কয় যে- ডo লক্ষ্মীনন্দন বৰাৰ নাড়ীৰ সম্পৰ্কই গাঁৱৰ জীৱনৰ সতেজ ছবিখন দাঙি ধৰাত সহায় কৰিছিল।লক্ষ্মীনন্দন বৰাৰ গল্পৰ আন এক বিশেষত্ব হৈছে গতিশীলতা।'

বিশিষ্ট গল্পকাৰ শিবানন্দ কাকতি, নিবন্ধকাৰ পৰাগ তামুলীয়েও অনুষ্ঠানত ভাষণ প্ৰদান কৰে। অনুষ্ঠানতে অভিনৱ মালাকাৰে অংকন কৰা কবি নৱকান্ত বৰুৱাৰ প্ৰতিচ্ছবি কল্লোল সাংস্কৃতিক গোষ্ঠীক প্ৰদান কৰে ৷

তৰুণ শইকীয়া, দীপাংকৰ গিৰী গোস্বামী, সন্তোষ কলিতা, ড০ কৰৱী দেৱী, নয়ণ অসম কলিয়াবৰীয়া, কাণু কণ্ডলী, ডঃ কল্পিতা দেৱীয়ে গীত পৰিবেশন কৰে। অঞ্জলী মহন্তৰ মেণ্ডোলীন বাদনে সকলোকে মুগ্ধ কৰে।

তদুপৰি যুগস্মিতা ভূঞা বৰা, লক্ষীপ্ৰভা শইকীয়া, প্ৰণামিকা অধিকাৰী,পূৰৱী শইকীয়া, লচী গগৈ, নিৰ্মালী বৰা দত্ত, ড০ বসন্ত বৰা, নিৰ্মালী বৰা মালাকাৰ, বসন্ত কৌশিক ভাগৱতী আদিয়ে কবিতা পাঠ কৰে। অনুষ্ঠানতে, ৰাতুল বৰা, মুকুল বৰা, বুবু কাকতি আদিয়ে বাদ্যযন্ত্ৰৰে অনুষ্ঠানটো মুখৰিত কৰি তুলে।

উল্লেখযোগ্য পুৱা ৰণাংগন প্ৰকাশণৰ উদ্যোগত কবি সন্মিলন অনুষ্ঠিত হয়।বিয়লি নগাঁৱৰ জীয়ৰী আৰু অষ্ট্ৰেলিয়াৰ নৰ্থ ছাউথ বিশ্ববিদ্যালয়ৰ গৱেষক অধ্যাপিকা ড০ ৰুক্মী দত্তৰ সৈতে উচ্চ শিক্ষা গৱেষণা,জাপান আৰু অষ্ট্ৰেলিয়াৰ জীৱন শৈলীৰ বিষয়ে মুকলি মুখামুখি অনুষ্ঠান অনুষ্ঠিত হয়।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in