কলিয়াবৰ তিনিআলিৰ পৰা চুলুং টোল গেট পৰ্যন্ত চাৰিলেলযুক্ত পথ হ’ব ওৱান ৱে'...
কলিয়াবৰ তিনিআলিৰ পৰা চুলুং টোল গেট পৰ্যন্ত চাৰিলেলযুক্ত পথ হ’ব ওৱান ৱে'...

কলিয়াবৰ তিনিআলিৰ পৰা চুলুং টোল গেট পৰ্যন্ত চাৰিলেনযুক্ত পথ হ’ব ওৱান ৱে'...

ডিজিটেল সংবাদ কলিয়াবৰ: শুকুৰবাৰৰ নিশাৰে পৰা কলিয়াবৰ তিনিআলিৰ পৰা চুলুং টোল গেট পৰ্যন্ত চাৰিলেনযুক্ত পথ "ওৱান ৱে" হ'ব । উল্লেখ্য যে, কলিয়াবৰ তিনিআলিৰ পৰা কলিয়াভোমোৰা দলং অতিক্ৰম কৰা নৱনিৰ্মিত চাৰিলেনযুক্ত পথত সঘন দুৰ্ঘটনা সংঘটিত হৈ আহিছে।

বিগত এটা মাহত দহটাতকৈ অধিক দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাসমূহত কুৰিতকৈ অধিক লোক আহত হোৱাৰ লগতে ৮ জন লোকে কৰুণভাৱে মৃত্যুক সাৱটিব লগত পৰে ।

পথটিত দাইভাৰছন সলনিৰ বাবেই দুৰ্ঘটনাসমূহ হোৱা বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে । শেহতীয়া ভাবে 'নৰ্থ ইষ্ট ' নামৰ নিৰ্মান কোম্পানীটোৱে পথটিৰ কলিয়াবৰ তিনিয়ালিৰ পৰা চুলুং টোলগেট পৰ্যন্ত চাৰে সাত কিলোমিটাৰ পথ ৱান ৱে কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ।

এতিয়াৰ পৰা অহা এসপ্তাহলৈ এই পথৰে অহা-যোৱা যানবাহনসমূহ কলিয়াবৰ তিনিআলিৰ পৰা বাওঁ দিশৰ টু লেনৰে অহা যোৱা কৰিব লাগিব। নিৰ্মান কোম্পানীটোৱে অৱশ্যে মেৰামতিৰ বাবেহে আনটো টু লেন বন্ধ কৰা হৈছে বুলি জানিবলৈ দিছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in