/asomiyapratidin/media/media_files/2025/07/18/1-2025-07-18-12-14-46.jpg)
ডিজিটেল ডেস্কঃ পেহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা লস্কৰ-ই-তৈবাৰৰ সমৰ্থনকাৰী সংগঠন টি আৰ এফক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ আমেৰিকাৰ সিদ্ধান্তক শুকুৰবাৰে ভাৰতে আদৰণি জনায়।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে দ্য ৰেজিষ্টেন্স ফ্ৰণ্ট (টি আৰ এফ)ক বিশ্বব্যাপী সন্ত্ৰাসবাদী সংগঠন হিচাপে ঘোষণা কৰাৰ আমেৰিকাৰ সিদ্ধান্তক ভাৰত আৰু আমেৰিকাৰ মাজত সন্ত্ৰাসবাদ বিৰোধী শক্তিশালী সহযোগিতাৰ প্ৰমাণ বুলি অভিহিত কৰে।
ইফালে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৱাশ্বিংটনত থকা ভাৰতীয় দূতাবাসে কয় যে, এই পদক্ষেপে ভাৰত-আমেৰিকাৰ সন্ত্ৰাসবাদ বিৰোধী সহযোগিতা কিমান শক্তিশালী সেয়াই দেখুৱাইছে। উল্লেখযোগ্য, চলিত বৰ্ষৰ ২২ এপ্ৰিলত জম্মু-কাশ্মীৰৰ পেহেলগামত সংঘটিত আক্ৰমণত ২৬ জন লোক নিহত হৈছিল।