উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...

উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...

author-image
Asomiya Pratidin
New Update
উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...

উৰিয়াগাওঁ খেলপথাৰৰ চৌদিশে বৃক্ষৰোপণ চাফাই অভিযান...

ডিজিটেল ডেস্কঃ নগাঁৱৰ উৰিয়াগাওঁ বাইপাছ চকৰ মাটি বণিয়াক দিয়াৰ চক্ৰান্ত চলি থকাৰ মাজতে আজি উৰিয়া গাওঁ খেলপথাৰৰ চাৰিওফালে এক বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়।

Advertisment

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত গ্ৰহণ কৰা এই বৃক্ষৰোপণ কাৰ্যসূচীত বহুসংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে। পুৱা ১০ বজাৰ পৰা আৰম্ভ হোৱা এই বৃক্ষৰোপণ কাৰ্যসূচীৰ লগতে ৰূপায়ণ কৰা হয় এক চাফাই অভিযানো।

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ এই পদক্ষেপলৈ সহাৰি জনাই উৰিয়াগাওঁ আঞ্চলিক উন্নয়ন সমিতি আৰু উৰিয়াগাওঁ ক্ষুদ্ৰ ব্যৱসায়ী সন্থাই।

ক্লিক কৰি পঢ়কঃ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীঃ শ্বহীদ বেদী উন্মোচন...

উৰিয়াগাওঁ