বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীঃ শ্বহীদ বেদী উন্মোচন...

বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীঃ শ্বহীদ বেদী উন্মোচন...
বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীঃ শ্বহীদ বেদী উন্মোচন...

ডিজিটেল সংবাদ চাবুৱাঃ চাবুৱাৰ বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ত আজি শুভ উন্মোচন কৰা হৈছে এক শ্বহীদ বেদীৰ। বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উপলক্ষে চাবুৱা আঞ্চলিক ছাত্ৰ সন্থাই নিৰ্মাণ কৰি উলিয়াইছে এই শ্বহীদ বেদী।

আজি সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই নৱ নিৰ্মিত এই শ্বহীদ বেদীটিৰ শুভ উন্মোচন কৰে। ইয়াৰ পিছতে তেওঁ এই শ্বহীদ বেদীত বন্তি প্ৰজ্বলন কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

এই অনুষ্ঠানত চাবুৱা আছুৰ কৰ্মীসকলৰ লগতে বিন্ধাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰি, ছাত্ৰ -ছাত্ৰীসকল উপস্থিত থাকে। আনহাতে এই সোণালী জয়ন্তী অনুষ্ঠানৰ শনিবাৰৰ অনুষ্ঠানত উপস্থিত থাকিব প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in