/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/24aa43e7-74be-4dd4-b111-d84e9dfba9eb/1.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ "মানৱ সভ্যতাৰ লগত কৃষি জড়িত। সেইবাবেই আমি প্ৰতিজন মানুহেই জনা-নজনাকৈ কৃষিৰ লগত জড়িত। আমি সকলোৱে প্ৰকৃতিৰ প্ৰতি আকৰ্ষিত। কৃষিৰ বিকাশৰ বাবে আমি ইজনে সিজনৰ হাতত হাত ধৰি আগুৱাব লাগিব। সততা আৰু দায়বদ্ধতাক থাকিলে কৰ্মত আনন্দ থাকে, অসৎ উপায়েৰে অৰ্জন কৰা ধনে কাকো আনন্দ নিদিয়ে।" এই মন্তব্য নগাঁও জিলা উন্নয়ন আয়ুক্ত গুণজিৎ কাশ্যপৰ। অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু ৰাজ্যিক কৃষি বিভাগৰ যুটীয়া উদ্যোগত, কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা আয়োজিত "কৃষি সামগ্ৰী ব্যৱসায়ীৰ প্ৰশিক্ষণ কাৰ্য্যসূচী"ৰ মঙলবাৰে শুভাৰম্ভণি অনুষ্ঠানত মুুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰি জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে ভাষণ প্ৰসংগত এই বক্তব্য দাঙি ধৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/8dae3347-2d9b-4773-84b1-87ac5b059954/5fd3eb68-6075-4966-b1b4-c7e1e649c37a.jpg)
শিমলুগুৰিস্থিত কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে কেন্দ্ৰটিৰ মূৰব্বী ড০ নিৰঞ্জন ডেকাই। "কৃষি সামগ্ৰী ব্যৱসায়ীসকলক এই ১৫ দিনীয়া প্ৰশিক্ষণৰ দ্বাৰা প্ৰয়োজনীয় জ্ঞানেৰে সমৃদ্ধ কৰি উপযুক্ত সময়ত কৃষকসকলৰ বাবে প্ৰয়োজনীয় সামগ্ৰীসমূহ মজুত ৰাখি সহায় কৰাৰ, লগতে কৃষি ব্যৱস্থাপনা, বিভিন্ন কৃষি প্ৰযুক্তিৰ পৰামৰ্শ প্ৰদানৰ জড়িয়তে কৃষক সকলৰ উত্তম কৃষি কাৰ্যত সহায়ক হব"। বুলি তেওঁ মন্তব্য কৰে।
নগাঁও আৰু হোজাই জিলাৰ ৪২গৰাকী কৃষি সামগ্ৰী ব্যৱসায়ীয়ে অংশগ্ৰহণ কৰা এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ শুভাৰম্ভণি অনুুুুষ্ঠানত উপস্থিত থাকে অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড০ হিৰণ্য কুমাৰ ভট্টাচাৰ্য। "এই কৃষি ব্যবসায়ী সকলে সাকোঁৰ ভূমিকা পালন কৰিব লাগিব। এই সাকোঁ কৃষক আৰু বিভিন্ন এজেন্সী, কৃষি বিভাগ, কৃষি বিজ্ঞানী সকলোৰে সমন্বয়ক হিচাপে কাম কৰিব লাগিব। আপোনালোক কৃষকৰ গাইড, গতিকে শুদ্ধ শিক্ষা লাভ কৰিব লাগিব। প্ৰশিক্ষণ কেতিয়াও চাৰ্টিফিকেট(প্ৰমান পত্ৰ)ৰ বাবে হব নালাগে প্ৰশিক্ষণৰ শেষত কাৰ্যক্ষেত্ৰত প্ৰয়োগেই হৈছে মূল প্ৰমান পত্ৰ।" বুলি ভাষণ প্ৰদান কৰে।
/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/e39c126d-1906-490a-947c-de30355389a2/bb4528fc-9a18-488a-a32b-b4f362d94e07.jpg)
অনুষ্ঠানটিত আন এগৰাকী অতিথি তথা হোজাই জিলা কৃষি বিষয়া ৰঞ্জিত কুমাৰ মিশ্ৰ ভাগৱতীয়ে "কৃষি সামগ্ৰী ব্যৱসায়ী সকলে একাগ্ৰতাৰে প্ৰশিক্ষণ গ্ৰহণ কৰি পৰবৰ্তী সময়ত নিজৰ অঞ্চলৰ কৃষক সকলক প্ৰয়োজনীয় পৰামৰ্শ প্ৰদান কৰিলে কৃষকসকল উপকৃত হব।"বুলি মন্তব্য কৰে। কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ ভূমি বিজ্ঞান বিশেষজ্ঞ দিপেন চন্দ্ৰ নাথে আঁত ধৰা অনুষ্ঠানটিতে কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ দ্বাৰা প্ৰকাশিত "ড্ৰেগন ফলৰ বৈজ্ঞানিক কৃষি পদ্ধতি" শীৰ্ষক এখনি পুস্তিকা উন্মোচন কৰা হয়।
কৃষি অৰ্থনীতি বিভাগৰ বিষয়বস্তু বিশেষজ্ঞা ড০ চিংকি বৰ্মন, পথাৰ শষ্য বিশেষজ্ঞা ড০ বন্তি গগৈ, উদ্যান শস্য বিশেষজ্ঞা জুলি শৰ্মা, প্ৰকল্প সহযোগী ৰূপক কুমাৰ টায়েকে আদি কৰি কেইবাগৰাকী ব্যক্তি উপস্থিত থকা সভাখনৰ শেষত কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ পশু বিজ্ঞান বিশেষজ্ঞ ড০ অনিমেশ ডেকাই শলাগৰ শৰাই আগবঢ়াই। উল্লেখযোগ্য যে, এই প্ৰশিক্ষণ কাৰ্য্যসূচীৰ অহা ২৬ জুলাইত সামৰণি পৰিব।