/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-07/3ec3ba5c-6dbd-4f23-a6f1-5d9857817d3b/AP FOR WEB modi.png)
ডিজিটেল ডেস্কঃ অব্যাহতি দিয়া হ'ব ৰাছিয়াৰ সেনা বাহিনীত কৰ্মৰত সকলো ভাৰতীয় নাগৰিকক। সোমবাৰে ৰাছিয়াত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ বৈঠকৰ পিচতে এই কথা নিশ্চিত হৈছে।
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী দুদিনীয়া ভ্ৰমণসূচীৰে ৰাছিয়াত উপস্থিত হৈছে। জানিব পৰা মতে সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে হোৱা এখন বৈঠকত এই বিষয়টো সন্দৰ্ভত আলোচনা কৰিছিল। ইয়াৰ পিছত পুটিনে তেওঁলোকৰ সেনা বাহিনীৰ পৰা ভাৰতীয়সকলক মুকলি কৰি দিবলৈ সন্মতি প্ৰদান কৰে।
উল্লেখযোগ্য় যে ২০২২ চনত আৰম্ভণিতে ৰাছিয়াই ইউক্ৰেইন আক্ৰমণ কৰিছিল। সেই ৰাছিয়াৰ যুদ্ধত বহু ভাৰতীয় নাগৰিক ৰাছিয়াৰ সেনাত নিযুক্ত হৈ আছে। কৰ্মসূত্ৰে বা আন কাৰণত ৰাছিয়াত থকা বহুতেই এই যুদ্ধত যোগদান কৰিবলৈ বাধ্য হৈছে বুলি অভিযোগ উত্থাপন কৰিছিল।
এই সংঘৰ্ষত নিযুক্তিপ্ৰাপ্ত দুই ভাৰতীয়ৰ মৃত্যু হৈছিল। এয়াৰ পিছতেই এই বিষয়টো ভাৰতৰ বাবে এয়া যথেষ্ট গুৰুত্বপূৰ্ণ হৈ পৰিছে। জানিব পৰামতে ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও বহু ভাৰতীয় নিযুক্ত হৈ আছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনে তেওঁলোক সকলোকে মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছে।
Also Read: মানুহৰূপী দানৱৰ কামনাৰ বলি হৈ অন্তঃসত্বা মানসিকভাৱে বিকাৰগ্ৰস্ত মহিলা...
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us