নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ

বিশ্বায়নৰ এই আধুনিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা আৰু অৰ্থ ব্যৱস্থা সৈতে খাপ খুৱাই ল'ব পৰাকৈ নৱ প্ৰজন্মক

author-image
Asomiya Pratidin
New Update
নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ

নতুন শিক্ষা নীতিৰ আধাৰত প্ৰস্তুত কৰা ষ্টেম ফৰ গাৰ্লচ প্ৰকল্পৰ প্ৰশিক্ষণ শিবিৰ

ডিজিটেল, সংবাদ, শিলচৰঃ বিশ্বায়নৰ এই আধুনিক পৰিৱৰ্তনশীল সমাজ ব্যৱস্থা আৰু অৰ্থ ব্যৱস্থা সৈতে খাপ খুৱাই ল'ব পৰাকৈ নৱ প্ৰজন্মক কৰ্মক্ষম হোৱাৰ বাবে দেশৰ শিক্ষা ব্যৱস্থা ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন কৰা হৈছে। যাৰ বাবে চৰকাৰে গ্ৰহণ কৰিছে নতুন শিক্ষা নীতি।

Advertisment

নতুন শিক্ষা নীতিত আগন্তুক দিনসমূহত শিক্ষাৰ বিষয়, শিক্ষাদান প্ৰদ্ধতি আদি বিভিন্ন বিষয় সমূহত ব্যপক পৰিবৰ্তন হ'ব। বিশ্বায়নৰ যুগত প্ৰকৃতিৰ পৰিবৰ্তন, মানূহৰ চিন্তাৰ পৰিবৰ্তন, সামাজিক পৰিবৰ্তন আদি সকলো দিশৰ পৰিবৰ্তনৰ লগে লগে শিক্ষা জীৱিকা আদিটো ব্যপক প্ৰভাৱ বিস্তাৰ কৰিছ। তাৰ বাবে চৰকাৰে আৰম্ভ কৰিবলৈ লোৱা এই নতুন শিক্ষা নীতিৰ ব্যক্তি ব্যৱহাৰ, সামাজিক ব্যৱহাৰ, লিংগ বৈষম্যতা, একবিংশ শতিকাৰ কৌশল, কডিং আদি বিষয় সামৰি আৰম্ভ হৈছে ষ্টেম ফৰ গাাৰ্লচ(STEM FOR GIRLS) শীৰ্ষক এক প্ৰকল্প।

২০২০ চনৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাৰ শতাধিক চৰকাৰী বিদ্যালয়ৰ অষ্টম আৰু নৱম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সামৰি ষ্টেম ফৰ গাাৰ্লচ কাৰ্যসূচী সফলতাৰে ৰূপায়ন হৈ আছে। এইবেলিও অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহযোগত উত্তৰ-পূবৰ অগ্ৰনী ছেস্বাসেৱী সংস্থা এনইএইড(NEAID)য়ে ৰাজ্যৰ ২৭ খন জিলাৰ দুই শতাধিক নিৰ্বাচিত বিদ্যালয়ত এই কাৰ্যক্ৰম আৰম্ভ কৰিছে।

তাৰে অংশ হিচাপে আজিৰে পৰা হাইলাকান্দি, কাাছা আৰু কৰিমগঞ্জ জিলাৰ শিক্ষকসকলক লৈ দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে প্ৰশিক্ষণ কাৰ্য্যসূচী। শিলচৰ চহৰৰ শ্বিলং পট্টীত অনুষ্ঠিত প্ৰশিক্ষণ কাৰ্য্যসূচীত শিক্ষক-শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণ প্ৰদান কৰে দিব্যজ্যোতি বৰুৱা, অনুৰাগ কৰ আৰু ৰোহিত কুমাৰে।

আৰু পঢ়কঃ বঙাইগাঁও অসামৰিক চিকিৎসালয়ত যুৱকৰ মৃতদেহ উদ্ধাৰ

assam Silchar