শিলচৰ-লামডিং ৰে'লপথত পুনৰ ভূমিস্খলন, ৮খন ৰে'লৰ যাত্ৰা বাতিল

শিলচৰ- লামডিং পাহাৰীয়া ৰে'লপথত সোমবাৰে পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ বাবে‌ ৮ খনকৈ যাত্ৰীবাহী ৰে'লৰ চলাচল বাতিল কৰা হৈছে। পাহাৰীয়া পথটোৰ ডাউটোহাজা আৰু মুপা ষ্টেচনৰ মাজত পুৱা পাহাৰৰ মাটি খহি ৰে'লপথটো পুনৰ বন্ধ হৈ পৰিছে।‌

author-image
Asomiya Pratidin
New Update
bbbbbb

ডিজিটেল সংবাদ শিলচৰঃ শিলচৰ- লামডিং পাহাৰীয়া ৰে'ল পথত সোমবাৰে পুনৰ ভূমিস্খলন সংঘটিত হোৱাৰ বাবে‌ ৮ খনকৈ যাত্ৰীবাহী ৰে'লৰ চলাচল বাতিল কৰা হৈছে। পাহাৰীয়া পথটোৰ ডাউটোহাজা আৰু মুপা ষ্টেচনৰ মাজত পুৱা পাহাৰৰ মাটি খহি ৰে'লপথটো পুনৰ বন্ধ হৈ পৰিছে।‌ এই ভূমিস্খলনৰ ফলত পুনৰ ৰে'ল চলাচলত বাধাৰ সৃষ্টি হৈছে। যাৰ বাবে ৮ খনকৈ ৰে'লৰ যাত্ৰা বাতিল কৰিছে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে।‌

Advertisment

বাতিল হোৱা ৰে'ল কেইখন হৈছে -

  • ১৫৬১১ ৰঙিয়া- শিলচৰ  এক্সপ্ৰেছ
  • ১৫৬১২ শিলচৰ -ৰঙিয়া এক্সপ্ৰেছ
  • ১৫৬১৫ গুৱাহাটী - শিলচৰ এক্সপ্ৰেছ
  • ১৫৬১৬  শিলচৰ -গুৱাহাটী এক্সপ্ৰেছ
  • ১৫৬১৭  গুৱাহাটী - দিল্লী চম্পক ক্ৰান্তি এক্সপ্ৰেছ
  • ১৫৬১৮ দিল্লী- চম্পক ক্ৰান্তি এক্সপ্ৰেছ
  • ০৫৬৩৮ শিলচৰ - নাহৰলগুনএক্সপ্ৰেছ
  • ০৫৬৩৭ নাহৰলগুন- শিলচৰ এক্সপ্ৰেছ 

আনহাতে, আন ৬খন ৰে'লৰ যাত্ৰা আংশিকভাৱে বাতিল কৰা হৈছে।‌ ইফালে, আন তিনিখন দূৰণিবটীয়া ৰে'লৰ সময়সূচী সামান্য পৰিৱৰ্তন কৰা হৈছে। সোমবাৰে  ১১-৩৫ বজাত যাত্ৰা কৰিব লগা  13176 শিলচৰ - শিয়ালদহ কাঞ্চনজংঘা এক্সপ্ৰেছ তিনি বজাত যাত্ৰা কৰিব। শিলচৰ-এনভিটি এক্সপ্ৰেছ সোমবাৰে ৯-৩০ বজাৰ পৰিৱৰ্তে মঙলবাৰে ৬ বজাত যাত্ৰা কৰিব। একেদৰে আগৰতলা-এন ভিটি ৰাজধানী এক্সপ্ৰেছ সোমবাৰে ৩-২০ বজাৰ পৰিৱৰ্তে মঙলবাৰে ৬ বজাত যাত্ৰা কৰিব বুলি উত্তৰ পূৱ ৰেলৱে এক বিবৃতিত উল্লেখ কৰিছে। 

WhatsApp Image 2025-07-07 at 3.12.09 PM

ইফালে ভূমিস্খলন  হোৱা পথচোৱা মুকলি কৰিবলৈ ৰে'ল বিভাগে ইতিমধ্যে যুদ্ধকালীন তৎপৰতাৰে কাম আৰম্ভ কৰিছে।‌ এই ভূমিস্খলনৰ ফলত যাত্ৰী সকলৰ মাজত হাহাকাৰ দেখিবলৈ পোৱা গৈছে। বিভিন্ন ষ্টেচনত আৱদ্ধ‌ হৈ আছে যাত্ৰীসকল। ভূমিস্খলনৰ বাবে মাজৰাস্তাত আৱদ্ধ ৰে'লসমুহ হাতিখাল, লামডিং, মুপাসহ ওচৰৰ ষ্টেচন সমুহলৈ ওভতাই নিয়া হৈছে।

ভূমিস্খলন ৰেল বিভাগ