ধেমাজি জিলাৰ ৫ টা স্থানত একে সময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা

ধেমাজি জিলাৰ ৫ টা স্থানত একে সময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা
ধেমাজি জিলাৰ ৫ টা স্থানত একে সময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা

ডিজিটেল সংবাদ ধেমাজি: লাচিত বৰফুকনৰ জয়ন্তী উৎসৱৰ সোমবাৰে চতুৰ্থ দিনা ধেমাজি জিলাৰ ৫ খন উন্নয়ন খণ্ডৰ অন্তৰ্গত ৫ খন ঠাইত একেসময়তে পৰম্পৰাগত খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়। পুৱা ৯ বজাৰ পৰা আৰম্ভ হোৱা এই প্ৰতিযোগিতাত ৰচি টনা, টেকেলি ভঙা আৰু পিচল খুঁটা বগুৱা আদি খেল-ধেমালিৰ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

ধেমাজি আদৰ্শ হাইস্কুল, মাছখোৱাৰ বেঙেনাগড় হাইস্কুল, বৰদলনি উন্নয়নখণ্ডৰ অধীনৰ গোগামুখ ছোৱালী হাইস্কুল, চিচিবৰগাঁৱৰ নিলখ হাইস্কুল আৰু টেলাম ট্ৰাইবেল হাইস্কুল খেলপথাৰত এই প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। এই প্ৰতিযোগিতাত সকলো শ্ৰেণীৰ ৰাইজৰ ব্যাপক সহাৰি পৰিলক্ষিত হয়।

ইফালে সোমবাৰে জিলা উপায়ুক্তৰ কাৰ্যালয় আৰু চিলাপথাৰ নগৰ সমিতিৰ কাৰ্যালয়ত দিনৰ ১১ বজাৰ পৰা ৰক্তদান শিবিৰ অনুষ্ঠিত হয়। একে সময়তে জোনাইৰ কুলি বজাৰ আৰু চিচিবৰগাঁওৰ চিমেন মুখত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰো অনুষ্ঠিত কৰা হয়।

এই শিবিৰসমূহতো যথেষ্ট সংখ্যক স্থানীয় ৰাইজে অংশগ্ৰহণ কৰে বুলি জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই জনাইছে। তেওঁ লগতে জনোৱা মতে, সোমবাৰে ধেমাজি নগৰ মধ্য ইংৰাজী বিদ্যালয়ত লাচিত বৰফুকন বিষয়ক এখন জিলা ভিত্তিক ৰচনা প্ৰতিযোগিতাও অনুষ্ঠিত কৰা হয়।

প্ৰথম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীৰ নিৰ্বাচিত ছাত্ৰ-ছাত্ৰীৰ মাজত দুটা শাখাত এই ৰচনা প্ৰতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ ২২ নৱেম্বৰৰ দিনা পুৱা ৭ বজাতে জিলাখনৰ দুঠাইৰ পৰা বাইক সমদল উলিওৱা হ'ব বুলি জনসংযোগ বিষয়াই জনাইছে।

সেই অনুসৰি জোনাইৰ পৰা ধেমাজিলৈ এটা দলে বাইক চলাই অহাৰ বিপৰীতে আন এটা দলে গোগামুখৰ পৰা ধেমাজিৰ কাছাৰী ময়দানলৈ আহিব। তদুপৰি পুৱা ৮ বজাত ধেমাজি অভিযান্ত্ৰিক মহাবিদ্যালয়, ধেমাজি পলীটেকনিক আৰু কৃষি বিজ্ঞান কেন্দ্ৰৰ চৌহদত ৪০০ বছৰীয়া জয়ন্তীৰ সৈতে সঙ্গতি ৰাখি চাৰিশ জোপা গছপুলি ৰোৱা হ'ব।

একেসময়তে ধেমাজি কাছাৰী ময়দানত মহিলাৰ প্ৰাইজমানী ভলীবল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এই প্ৰতিযোগিতাত বিজয়ী দলে ১০,০০০ টকা আৰু বিজিত দলে ৫০০০ টকাৰ আৰ্থিক পুৰস্কাৰ লাভ কৰিব বুলি ঘোষণা কৰা হৈছে।

পুৱা ৯ বজাৰ পৰা গোগামুখ, মাছখোৱা আৰু ধেমাজিৰ বিভিন্ন স্থানত বাটৰ নাট প্ৰদৰ্শন কৰা হ'ব। একেসময়তে ধেমাজিৰ পশ্চিম সুবাহী প্ৰাথমিক বিদ্যালয় আৰু গোগামুখৰ বৰদৈবাম চাহ বাগিচাত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ অনুষ্ঠিত হ'ব।

পুৱা ১০ বজাত ধেমাজি বাণিজ্য মহাবিদ্যালয়ত লাচিত বৰফুকন বিষয়ক জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। আবেলি ৩ বজাত কাছাৰী ময়দানত দেশপ্ৰেমমূলক কবিতা আবৃত্তি প্ৰতিযোগিতা আৰু ৪ বজাত দেশপ্ৰেমমূলক গীত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব।

এনেদৰে জিলা প্ৰশাসনে এই কেইদিন লাচিত বৰফুকনৰ জয়ন্তী উপলক্ষে প্ৰতিদিনে ন ন কাৰ্যসূচী গ্ৰহণ কৰা দেখা গৈছে। জিলা তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা মাইক জোগে এই বিষয়ে ৰাইজৰ মাজত ব্যাপক প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে ৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in